Monday 16 April 2018

মাধ্যাকৰ্ষণ বল আৰু ভাৰতীয় বিজ্ঞানীসকল



স্কুলীয়া দিনতেই শিকি অহা মাধ্যাকৰ্ষণ বলৰ কথাটো উত্থাপন হ'লেই আপেলৰ বাগিচাত বহি থকা বিজ্ঞানী আইজাক নিউটনৰ কথাকেই মনলৈ আহে। কিন্তু আচৰিত হ'লেও সত্য যে নিউটনৰ জন্মৰ বহুত আগতেই অৰ্থাৎ আজিৰ পৰা প্ৰায় ১৪৫০ বছৰ আগতেই ভাৰতীয় বিজ্ঞানী বৰাহমিহিৰে মাধ্যাকৰ্ষণ বলৰ ধাৰণাটোৰ জন্ম দিছিল। পৰিতাপৰ কথা এই যে ভাৰতীয় বিজ্ঞানীসকল এইক্ষেত্ৰত পাবলগীয়া গুৰুত্বখিনিৰ পৰা আজিও বঞ্চিত হৈ ৰ'ল।
প্ৰাচীন ভাৰতীয় গণিতজ্ঞ তথা জ্যোতিৰ্বিদ বৰাহমিহিৰে কৈছিল : পৃথিৱীৰ উপৰিভাগত জীৱ অথবা জড় জগতৰ বস্তুবোৰ দৃঢ় ভাবে লাগি ধৰাৰ কাৰণ পৃথিৱীৰ কোনো এক অজ্ঞাত বলৰ প্ৰভাৱতেই সম্ভব হয়। অৱশ্যে বৰাহমিহিৰে এই অজ্ঞাত বল সম্বন্ধে পৰবৰ্তী সময়ত কোনো ধৰণৰ চৰ্চা নকৰিলে অথবা এই অজ্ঞাত বলৰ নামাকৰণো নকৰিলে।
গতিশীল পৃথিৱীখনৰ বুকুৰ পৰা আমি কিয় চিটিকি নপৰো ? এই প্ৰশ্নটোৱে আমনি কৰিছিল বৰাহমিহিৰৰ সমসাময়িক প্ৰাচীন ভাৰতীয় বিজ্ঞানী আৰ্যভট্টক। তেখেতেও ইয়াৰ কাৰণ হিচাবে উল্ল্যখ কৰি গৈছে যে পৃথিৱীয়ে আমাক কোনো এক দৃঢ় বলৰ দ্বাৰা নিজৰ উপৰিভাগত ধৰি ৰাখে।
পৰবৰ্তী সময়চোৱাত, অৰ্থাৎ আজিৰ পৰা প্ৰায় ১৪০০ বছৰ আগত আন এজন ভাৰতীয় গণিতজ্ঞ তথা জ্যোতিৰ্বিদ ব্ৰহ্মগুপ্তই দুটা বিশেষ ভাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত দাঙি ধৰিছিল। সেই দুটাৰ প্ৰথমটো হ'ল - পৃথিৱীখন গোলাকাৰ আৰু দ্বিতীয়টো সিদ্ধান্ত হ'ল - পৃথিৱীয়ে জীৱ আৰু জড় জগতৰ বস্তুবোৰ নিজৰ দিশে আকৰ্ষণ কৰি থাকে। এই আকৰ্ষণ বলক তেখেতেই সৰ্বপ্ৰথমে "গুৰুত্বাকৰ্ষণ" (মূল: সংস্কৃত) নামেৰে নামাকৰণ কৰিছিল। তেখেতৰ মতে পানী ওখ ঠাইৰ পৰা দ ঠাইলৈ বৈ যোৱাৰ কাৰণ হ'ল পৃথিৱীৰ গুৰুত্বাকৰ্ষণ বল।
একাদশ শতিকাত আন এজন ভাৰতীয় বিজ্ঞানী ভাস্কৰাচাৰ্যই এই ক্ষেত্ৰত অধিক তথ্যৰে তেখেতৰ সিদ্ধান্ত সমূহ প্ৰকাশ কৰিছিল। ভাস্কৰাচাৰ্যক ভাস্কৰ-২ বুলিও জনা যায়। তেখেতে জ্যোতিৰ্বিদ ব্ৰহ্মগুপ্তই দাঙি ধৰা সিদ্ধান্তবোৰ সমৰ্থন কৰিছিল। সেই সিদ্ধান্তবোৰক ভিত্তি কৰিয়েই ভাস্কৰাচাৰ্যই আকাশৰ গ্ৰহ নক্ষত্ৰবোৰৰ গতি বিধি নিৰীক্ষণ কৰিছিল। এই নিৰীক্ষণৰ অন্তত তেখেতে "সূৰ্য সিদ্ধান্ত"ত উল্ল্যেখ কৰিছিল যে গুৰুত্বাকৰ্ষণ বলে কেৱল পৃথিৱীৰ উপৰিভাগৰ বস্তুবোৰক পৃথিৱীৰ দিশে আকৰ্ষণ কৰাই নহয়, বৰং এই বলৰ প্ৰভাৱতেই আকাশৰ গ্ৰহবোৰ পৰস্পৰৰ লগত বান্ধ খাই পৰি সূৰ্যৰ চৌদিশে ঘূৰিব ধৰিছে।
ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে ১৬৮৭ চনত নিউটনে তেখেতৰ গ্ৰন্থ Philosophiae Naturalis Principia Mathematicaত মাধ্যাকৰ্ষণৰ আৱিষ্কাৰ সম্বন্ধে তথ্য দাঙি ধৰাৰ ১২০০ বছৰ আগতেই ভাৰতীয় বিজ্ঞানীসকলে মাধ্যাকৰ্ষণৰ ধাৰণাটোৰ জন্ম দি গৈছে। কিন্তু পৰিতাপৰ বিষয় এয়ে যে পৰবৰ্তী সময়চোৱাত প্ৰাচীন ভাৰতীয় বিজ্ঞানীসকলৰ এই অৱদান সমূহৰ ওপৰত বিশদ অধ্যয়ন কৰা নহ'ল। তেখেতসকলৰ গুৰুত্বপূৰ্ণ অৱদান সমূহ উপেক্ষিত হৈয়ে ৰ'ল।

No comments:

Post a Comment