Friday 4 May 2018

সৌৰজগতৰ গোলাকাৰ গ্ৰহবোৰ


খালী চকুৰে স্পষ্টভাবে আমি গ্ৰহবোৰৰ আকৃতি ধৰিব নোৱাৰিলেও, দূৰবীন যন্ত্ৰৰ সহায়ত চালে সৌৰজগতৰ গ্ৰহবোৰ গোলাকাৰেই দেখা পাম। কেৱল আমাৰ সৌৰজগতৰেই নহয়, বৰং সৌৰজগতৰ বাহিৰত আৱিষ্কাৰ হোৱা গ্ৰহবোৰ অথবা সূৰ্যকে ধৰি অগণন নক্ষত্ৰবোৰৰ অবয়বো গোলাকাৰ। কিন্তু মহাজাগতিক বস্তুবোৰ যেনে গ্ৰহ-নক্ষত্ৰ আদিবোৰৰ অবয়ব গোলাকাৰ কিয় হয় বাৰু ? 

এটুকুৰা সৰু শিল বা আন তেনে কোনো পদাৰ্থক কাটি-কুটি বা ঘঁহি-পিহি ভাস্কৰ্য শিল্পীসকলে বিভিন্ন ৰূপ দিয়ে। অৰ্থাৎ সৰু আকৃতিৰ পদাৰ্থৰ ভৌতিক ৰূপৰ পৰিবৰ্তন কৰিব পৰা যায়। কিন্তু অতি বিশাল আকাৰৰ, যেনে পৃথিৱী বা জোনবাইৰ আয়তনৰ সমান কোনো এক পদাৰ্থক কাটি-কুটি বা ঘঁহি-পিহি ভিন্ন আকৃতিৰ গঠন তৈয়াৰ কৰিব পৰা যাবনে? এই প্ৰশ্নটোৰ উত্তৰ হিচাবে আমি ক'ব লাগিব যে অধিক ভৰ বিশিষ্ট যিকোনো পদাৰ্থৰ অভিকৰ্ষণ বল ইমানেই বেছি যে, এই বলে পদাৰ্থটোৰ অবয়ব সলনি হ'বলৈ নিদি একে গঢ়তেই ৰাখি থয়। আমি আগতে উল্ল্যেখ কৰা সৰু এক শিলাখণ্ড বা আন তেনে কোনো পদাৰ্থৰো অভিকৰ্ষণ বল থাকে, কিন্তু পদাৰ্থটোৰ ভৰ ক'ম হোৱা বাবে এই বলৰ মানো তেনেই নগন্য। সেয়ে সৰু আকৃতিৰ পদাৰ্থই নিজৰ অৱয়ব দৃঢ় ভাবে ধৰি ৰাখিব নোৱাৰে। সেইবাবেই ভাস্কৰ্য শিল্পীসকলে কঠিন শিলাখণ্ডবোৰৰ পৰাও সাজি উলিয়াব পাৰে সুন্দৰ প্ৰতিমূৰ্তি।

এতিয়া আহিছো মূল বিষয়টোলৈ। পৃথিবীৰ উপৰিভাগত যদিহে আমি এটি গগণচুম্বী অট্টালিকা সাজিব খোজো, তেন্তে তাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বিষয়টোৱেই হ'ল এটি সুদৃঢ় ভেটি। দূৰ্বল ভেটিৰ ওপৰত সাজি উলিওৱা অট্টালিকা এটি ভাঙি মাটিত বাগৰি পৰাৰ মূল কাৰণটোৱেই হ'ল পৃথিৱীৰ অভিকৰ্ষণ বা মাধ্যাকৰ্ষণ বল। প্ৰযুক্তিবিদ সকলে সেয়েহে গগণচুম্বী অট্টালিকা এটি সজাৰ সময়ত অতি গুৰুত্ব সহকাৰে লোৱা বিষয়টোৱেই হ'ল এটি সুদৃঢ় ভেটি। অন্যথা, এই অট্টালিকাতো মাটিত ধলি পৰি চুৰমাৰ হোৱাতো খাটাং। 

এতিয়া কোনো এটি কাল্পনিক গ্ৰহৰ গঠন অসমান বা অনিয়মিত বুলি ধৰি লোৱা হ'ল। গ্ৰহটোৰ বুকুত বিভিন্ন উচ্চতাৰ অসংখ্য গঠনে গ্ৰহটোক গোলাকাৰ হ'বলৈ দিয়া নাই। যিহেতু গ্ৰহটোৰ ভৰ অতি বেছি, ইয়াৰ প্ৰচণ্ড অভিকৰ্ষণ বলে এই কাল্পনিক গ্ৰহটোৰ বুকুত বিভিন্ন উচ্চতাৰ অসংখ্য গঠন সমূহক অস্থিৰ কৰি তুলিব আৰু এইবোৰ গ্ৰহটোৰ বুকুত জহি খহি পৰিব। দুই এখন সুদৃঢ় ভেটিৰ পাহাৰ পৰ্বতক এৰি অভিকৰ্ষণ বলে এনেদৰে নিৰবচিন্ন ভাবে গ্ৰহটোৰ বুকুত ক্ৰিয়া কৰি অহাৰ ফলত গ্ৰহটোৰ সুউচ্চ গঠনবোৰ আপোনা-আপুনি ভাঙি পৰিব আৰু গ্ৰহটো গোলাকাৰ হৈ পৰিব।

No comments:

Post a Comment