Friday 4 May 2018

আকাশে হয়তো কবিতা লিখে নীৰৱতাৰ...


"আকাশখন দেখিবলৈ কেনেকুৱা দেউতা?"
আমাৰ জীয়ৰী হিয়াৰ আকস্মিক প্ৰশ্নটোৰ বাবে মই মুঠেও প্ৰস্তুত নাছিলো। সেয়া আজিৰ পৰা প্ৰায় ১৫ বছৰ আগৰ কথা। তিনি বছৰীয়া হিয়াৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ মই যেন উজুটি খালো। কি বুলি ক'ম বাৰু তাইক ? ক'ম জানো তাইক যে নীল বৰণীয়া আকাশখন আচলতে নীলা নহয়। অথবা মুৰৰ ওপৰত আকাশ বুলিও একো নাই বুলি ? আকাশ জানো এক "ইল্যুচন" নহয় ? এটা দৃষ্টি ভ্ৰম……! 

এৰা, আকাশ এক অসীম পৰিধি, যাক দৃষ্টি বা জ্ঞানৰ পৰিসৰেৰে বুজিব অথবা বুজাব নোৱাৰি। মোৰ তিনি বছৰীয়া ছোৱালীজনীক কি বুলি বাৰু বুজাম যে আকাশৰ কোনো ৰঙেই নাই!! হিয়াৰ প্রশ্নই সিদিনা মোক চিন্তিত কৰি তুলিছিল। এতিয়াও আকাশলৈ চাই মই নিজকে সোধো : আকাশৰ প্ৰকৃত পৰিচয়েই বা কি? 

আকাশ মোৰ প্ৰিয়। এৰা, যেন এক আজন্ম বান্ধৱ। আকাশলৈ মুৰ দাঙি নেচালে মনটো শূণ্যতাৰে ভৰি থাকে। গোমা বতৰত অথবা মেঘে ওন্দোলাই আনি চিপচিপকৈ বৰষুণ দি থকা দিনবোৰত আকাশৰ বেদনা যেন ময়ো অনুভৱ কৰিবলৈ শিকিছো…।

যিজনে আকাশক ভালপাব জানে, তেওঁ বুজি পাব যে মহাকাশৰ কোনো সীমা নাই। সীমাহীন আকাশৰ পৰিধিয়ে আমাক কৈ যায় যে আমাৰ এই সুন্দৰ পৃথিৱীখনৰ বাহিৰত, মহাকাশৰ চৌদিশে আকাশৰ পৰিধি অসীম অনন্তলৈকে ব্যপ্ত। এই অসীমতাৰ মাজত আছে আৰু অনেক ৰহস্য তথা অনাৱিষ্কৃত, কল্পনাতীত কেবল এক ৰহস্যময় বিশালতা।

মুৰৰ ওপৰৰ বিশাল আকাশখনে যেন কেতিয়াবা কানে কানে আমাক কৈ যায়হি : চোৱা আৰু অনুভৱ কৰা মোৰ এই বিশালতা। মোৰ বিশালতাৰ তুলনাত তুমি যে কিমান ক্ষূদ্ৰ, কিমান নগণ্য ! হয়, আকাশৰ বিশালতাই মূহুৰ্তৰ ভিতৰতেই ধুই নিব পাৰে আপোনাৰ বা মোৰ অহংকাৰৰ কদৰ্য্য মলিনতা।

আকাশেই মনলৈ আনি দিয়ে সৌন্দৰ্য্যৰ ধাৰণা। আকাশে আমাক অনুপ্ৰানিত কৰে কৌতুহলী হ'বলৈ। কৌতুহলী মনে উত্তৰ বিচাৰি হাঁহাকাৰ কৰে। কৌতুহ'লে আমাৰ মাজত সিঁচি থৈ যায় জ্ঞানৰ আঁকৰ। সেই জ্ঞানে আমাক বাট দেখুৱাই লৈ যায় ব্ৰহ্মাণ্ডৰ অলেখ ৰহস্যৰ ভেদ ভাঙি সত্যক প্ৰতিষ্ঠা কৰোৱাৰ দিশে। আকাশেই বিশ্বব্ৰহ্মাণ্ডৰ সমস্ত ৰহস্যঘন দেশৰ পথপ্ৰদৰ্শক হৈ আমাক আঙুলিত ধৰি আগুৱাই নিয়ে প্ৰগতিৰ দিশত।

আকাশে আশাক সঞ্জীৱিত কৰি আমাক জীয়াই থাকিবলৈ প্ৰেৰিত কৰে। এই আকাশেই শিকাই ধৈৰ্য্য, সাহস, সংযমৰ আদিপাঠ। যেতিয়াই আমি আমাৰ চৌপাশৰ দৃশ্যমান, সীমিত জাগতিক বস্তুসমূহৰ মাজত নিজকে হেৰুৱাই পেলাও, তেতিয়াই আমি আকাশলৈ মুৰ দাঙি চাই অনুভৱ কৰা উচিত যে প্ৰকৃততে আমি ক্ষূদ্ৰাকৃতিৰ মানুহবোৰে সীমাহীন বিশাল এক মহাজগতত বাস কৰি সময়ৰ লগে লগে আগবাঢ়ি গৈ আছো অন্তহীন ভৱিষ্যতৰ এক নিৰ্দিষ্ট বিন্দুলৈ। সেই নিৰ্দিষ্ট সময়খিনিলৈয়ে আমাৰ জীৱন। বৰণহীন আকাশখনে আমাৰ জীৱনটো ৰঙীন কৰি তুলিব পাৰে। আহক, আমি আকাশক ভালপাবলৈ শিকো। 

"Sky is not the limit but it is only the beginning of Limitlessness"


No comments:

Post a Comment