Friday 4 May 2018

প্লাষ্টিক প্ৰদূষণৰ কবলত নিমখৰ দানা


আচৰিত যেন লাগিলেও সঁচা যে প্রতি বছৰে আপুনি বা মই গড়ে কমপক্ষেও ৫০০ গ্ৰাম প্লাষ্টিক টুকুৰা খাই আহিছো। আমাৰ আহাৰ সুস্বাদু কৰাৰ বাবে তথা খাদ্যৰ প্ৰয়োজনীয় পুষ্টিগুণ বজাই ৰখাৰ স্বাৰ্থত আমি যি লোণ বা নিমখ ব্যবহাৰ কৰো, সেই নিমখৰ মাজতেই লুকাই থাকে আমাৰ দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক প্লাষ্টিকৰ সূক্ষ্মতম টুকুৰাবোৰ। সম্প্রতি এনে ভয়ানক তথ্যই জানিবলৈ দিছে এদল বিজ্ঞানীয়ে।

নিমখৰ প্রধান উৎসই হ'ল সাগৰ। প্রতি বছৰে কমপক্ষেও ৫০ লাখ টন প্লাষ্টিক বর্জিত দ্ৰব্য হিচাবে সাগৰত পেলাই দিয়া হয়। এই বর্জিত প্লাষ্টিক ক্ষূদ্র ক্ষূদ্র টুকুৰাত ভাঙি গৈ সাগৰৰ পানীত থকা নিমখৰ লগত মিলি যায়। বিজ্ঞানী সকলৰ মতে প্রতি কেজি নিমখত অগণন ক্ষুদ্রাকৃতিৰ প্লাষ্টিকৰ কণা মিহলি হৈ থাকে।

বিজ্ঞানী সকলৰ মতে দুই ধৰণে ক্ষূদ্র প্লাষ্টিকৰ কণা আহি সাগৰৰ পানীত দ্ৰৱীভূত হৈ থকা নিমখৰ সতে লগ লাগে। প্ৰথম হ'ল সাগৰত পেলাই দিয়া প্লাষ্টিকৰ বটল অথবা বজাৰ কৰিবলৈ ব্যৱহাৰ কৰা প্লাষ্টিকৰ মোনা আৰু দ্বিতীয়টো হ'ল বিভিন্ন উদ্যোগ, কল-কাৰষাণা আদিৰ পৰা নিৰ্গত পলিমাৰ জাতীয় বর্জিত পদাৰ্থবোৰ। তদুপৰি বিভিন্ন প্রসাধন সামগ্ৰী তথা টুথপেষ্ট আদিত ব্যবহৃত ক্ষুদ্র প্লাষ্টিক জাতীয় পলিমাৰ কণা সমূহেও সমূদ্ৰৰ বুকুত প্লাষ্টিক আৱৰ্জনা সৃষ্টিত প্ৰভূত অৰিহনা যোগাইছে।

আৱৰ্জনা হিচাবে জমা হোৱা এই প্লাষ্টিকৰ কণাবোৰ ইমানেই ক্ষুদ্ৰাকৃতিৰ যে, এইবোৰ খালী চকুৰে দেখা পোৱা নেযায়। এই ক্ষুদ্রতম প্লাষ্টিকৰ কণাবোৰ সহজেই সামূদ্ৰিক প্লাংটনে বা প্লৱক উদ্ভিদে শোষণ কৰি লয়। পিছলৈ খাদ্য শৃংখলৰ জৰিয়তে এই প্লাষ্টিকৰ দানাবোৰ বিভিন্ন সামূদ্ৰিক প্ৰাণীৰ যেনে সাগৰীয় মাছ, শামূক আদিৰ দেহলৈ যায়। এই সাগৰীয় মাছ, শামূক আদিবোৰ মানুহে খাদ্য হিচাবে গ্ৰহন কৰাৰ ফলত প্লাষ্টিকৰ এই ক্ষুদ্রতম কণাবোৰ মানুহৰ দেহলৈও প্ৰবাহিত হয়। সাগৰৰ পানীত দ্ৰৱীভূত হৈ ৰোৱা নিমখৰ দানাবোৰেও প্লাষ্টিকৰ ক্ষুদ্রতম কণাবোৰ শোষণ কৰি লয়। মানুহে যেতিয়াই এই নিমখ খাদ্য হিচাবে গ্ৰহন কৰে, তেতিয়াই এই প্লাষ্টিকৰ দানাবোৰ মানুহৰ শৰীৰত সোমাই পৰে আৰু শৰীৰত কেতবোৰ জটিল বিসংগতিৰ সৃষ্টি কৰে।

বিজ্ঞানী সকলে পৰীক্ষাগাৰত দেখা পাইছে যে অতি ক্ষুদ্র আকাৰৰ এই প্লাষ্টিকৰ টুকুৰাবোৰ সহজেই মানুহৰ শৰীৰৰ কোষত প্রৱেশ কৰি বিভিন্ন কলাতন্ত্ৰ সমূহ নষ্ট কৰি দিয়ে। চাংহাইৰ "ইষ্ট চাইনা নৰ্মাল ইউনিভাৰচিটিৰ" গৱেষক সকলে বিভিন্ন ব্রাণ্ডৰ সামুদ্রিক নিমখৰ পৰীক্ষা কৰি এই তথ্য প্ৰকাশ কৰিছে। আমেৰিকান কেমেষ্ট্ৰী চ'চাইটিৰ গৱেষণা পত্ৰ "এনভাইৰনমেণ্টেল চায়েন্স এণ্ড টেকন'লজি"ত প্ৰকাশিত তথ্য মতে প্রতি কেজি সামুদ্রিক নিমখত ৫৫০ৰ পৰা ৬৮০ টালৈ প্লাষ্টিকৰ ক্ষূদ্ৰতম টুকুৰা থাকে। অর্থাৎ প্রয়োজনীয় পুষ্টিগুণৰ বাবে অথবা খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে যেতিয়া এজন ব্যক্তিয়ে খাদ্যত নিমখ ব্যবহাৰ কৰে, তেতিয়া তেওঁ প্রতিদিন গড়ে তিনিটা অথবা বছৰে গড় হিচাবত এহেজাৰটা প্লাষ্টিকৰ টুকুৰাও নিজৰ অজ্ঞাতেই খাদ্য হিচাবে গ্রহণ কৰে।


No comments:

Post a Comment