Monday, 27 July 2026

মহাজাগতিক ইতিহাসৰ সাক্ষী : পানী

 


এগিলাচ গিলাচ পানী লৈ অলপ সময় ভাবি চাওকচোন—আপুনি এইমাত্ৰ যিখিনি পানী খালে, সেই পানীখিনি আমাৰ সূৰ্যটো জন্ম হোৱাৰো বহু পূৰ্বৰ! ​শুনি আচৰিত বা কল্পবিজ্ঞানৰ সাধু যেন লাগিলেও বিজ্ঞানৰ শেহতীয়া গৱেষণাই কিন্তু ইয়াকেই প্ৰমাণ কৰিছে। প্ৰাচীন ​মহাজাগতিক আন্ধাৰতেই পানীৰ জন্ম। পানীৰ প্ৰতিটো টোপালতে লুকাই আছে সূৰ্যতকৈও প্ৰাচীন এক ৰহস্য!

​আমাৰ পৃথিৱী আৰু সূৰ্যৰ বয়স প্ৰায় ৪৬০ কোটি (৪.৬ বিলিয়ন) বছৰ। বিজ্ঞানীসকলে প্ৰাৰম্ভিক সৌৰজগতৰ ৰাসায়নিক গঠনৰ জটিল গাণিতিক আৰ্হি প্ৰস্তুত কৰি আৱিষ্কাৰ কৰিছে যে, পৃথিৱীৰ নদ-নদী, সাগৰ-মহাসাগৰ সমূহত থকা পানীৰ এক বুজন অংশ আৰু ধূমকেতুবোৰত জমা হৈ থকা বৰফ, সকলোবোৰেই সূৰ্যৰ জন্মৰ বহুত আগতেই প্ৰাচীন তৰাবোৰৰ মাজৰ নিৰ্জন শূন্যতাত (Interstellar Space) সৃষ্টি হৈছিল। ​যি বিশাল মহাজাগতিক গেছ আৰু ধূলিৰ মেঘ ঘনীভূত হৈ আমাৰ সৌৰজগতৰ সৃষ্টি হৈছিল, সেই সময়ৰ প্ৰচণ্ড উত্তাপৰ পাছতো এই পানীৰ কণাবোৰ ধ্বংস হৈ যোৱা নাছিল। বৰঞ্চ মহাকাশৰ বুকুত অত্যাধিক চেঁচা বৰফৰ ৰূপত সুৰক্ষিত হৈ ৰৈ গৈছিল! 

এই চেঁচা বৰফৰ টুকুৰাবোৰে ​কোটি কোটি বছৰৰ এক অনন্ত যাত্ৰাৰ মাধ্যমেৰে আমাৰ পৃথিৱী পাইছিলহি। এই আদিম বৰফৰ টুকুৰাবোৰেই কালক্ৰমত গেছ আৰু ধূলিকণাৰ সৈতে মিহলি হৈ সূৰ্য, গ্ৰহ, চন্দ্ৰ, গ্ৰহাণু আৰু ধূমকেতুবোৰৰ জন্মলগ্নৰ মূল উপাদান হৈ পৰিল। অৰ্থাৎ, আমাৰ এই ধূলিৰ ধৰণীখন সৃষ্টি হোৱাৰ বহুত আগৰে পৰাই পানীয়ে মহাকাশৰ বুকুত অনাই-বনাই যাত্ৰা কৰি আহিছিল!

এ​য়া কেৱল আমাৰ পৃথিৱীৰ বাবেই নহয়, বৰং সমগ্ৰ এই তথ্যই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ বাবেই এক ৰহস্য উন্মোচন কৰে। অৰ্থাৎ, বিশ্ব​ব্ৰহ্মাণ্ডত পানী অতি সুলভ। পানী কেৱল আমাৰ সৌৰজগতৰ বাবেই বিশেষ বা সুকীয়া বস্তু নহয়, বৰঞ্চ সকলোবোৰ গ্ৰহ-তৰা আদি মহাজাগতিক বস্তুবোৰৰ সৃষ্টিৰ এক অতি সাধাৰণ মহাজাগতিক উপাদান। 

এই আৱিষ্কাৰে পৃথিৱীৰ বাহিৰে ​অন্য গ্ৰহতো জীৱনৰ সম্ভাৱনাও অধিক সুদৃঢ় কৰি তুলিছে। যদি আমাৰ সূৰ্যৰ দৰে এটা সাধাৰণ তৰাৰ জন্মৰ সময়ত প্ৰাচীন পানী বা বৰফৰ টুকুৰাৰ উপস্থিতি থাকিব পাৰে, তেন্তে হাতীপটি তাৰকাৰাজ্যৰ (Milky Way) কোটি কোটি আন তৰাবোৰৰ ক্ষেত্ৰতো একেই কথা খাটিব। ​ইয়াৰ অৰ্থ হ'ল— তাৰকাৰাজ্যৰ অসংখ্য শিলাময় গ্ৰহই জন্মলগ্নৰ পৰাই জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান ''পানী'' উপহাৰ হিচাপে পাই আহিছে।

আপুনি যেতিয়া এগিলাচ পানীৰে পিয়াহ আঁতৰায়, তেতিয়া আপুনি কেৱল পানীয়েই খোৱা নাই, বৰং আপুনি পান কৰিছে কোটি কোটি বছৰ পুৰণি মহাজাগতিক ইতিহাসৰ এটা অমৃত টোপাল! পৃথিৱী আৰু সূৰ্য, আনকি আমাৰ সৌৰজগতৰো সৃষ্টিৰ বহুত আগতেই এই পানীয়ে বিশ্বব্ৰহ্মাণ্ডৰ  তৰাবোৰৰ মাজেৰে দিকভ্ৰান্ত ভাবে ভ্ৰমণ কৰি ফুৰিছিল।

No comments:

Post a Comment