Monday, 20 July 2026

CERN-ত শিৱৰ নটৰাজ মূৰ্তি

 

এফালে পৃথিৱীৰ সৰ্বাধুনিক কণা-পদাৰ্থবিজ্ঞান গৱেষণাগাৰ আৰু আনফালে হাজাৰ হাজাৰ বছৰৰ পুৰণি ভাৰতীয় দৰ্শনৰ এক অনুপম প্ৰতীক -- নটৰাজ শিৱ। এই দুই ধাৰাৰ মিলন কেৱল কাকতালীয় নে ইয়াৰ আঁৰত আছে এক গভীৰ তাৎপৰ্য? 

CERN বা European Organization for Nuclear Research ১৯৫৪ চনত প্ৰতিষ্ঠা কৰা হৈছিল। পদাৰ্থবিজ্ঞানৰ এই গৱেষণাগাৰটো ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। ইয়াত পৃথিৱীৰ আটাইতকৈ শক্তিশালী কণা ত্বৰক বা Large Hadron Collider (LHC) আছে। ইয়াত বিজ্ঞানীসকলে অনুসন্ধান কৰা প্ৰধান বিষয়বোৰ হ'ল : পদাৰ্থ কেনেকৈ সৃষ্টি হ'ল? বিগ বেংৰ পিছত কি হৈছিল? হিগ্‌ছ বোজন (Higgs Boson) কি? বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক কণাবোৰ কেনেকৈ আচৰণ কৰে? ইত্যাদি ইত্যাদি…

পৃথিৱীৰ সৰ্ববৃহৎ কণা-পদাৰ্থবিজ্ঞান গৱেষণা প্ৰতিষ্ঠান CERN-ৰ চৌহদত এটা ব্ৰঞ্জেৰে নিৰ্মিত ৬.৫ ফুট উচ্চতাৰ ভগৱান শিৱৰ নটৰাজ মূৰ্তি স্থাপন কৰা হৈছে। এখন আধুনিক বৈজ্ঞানিক প্ৰতিষ্ঠানত হিন্দু দেৱতা শিৱৰ মূৰ্তি কিয়? CERN-ৰ বিজ্ঞানীসকলৰ মতে নটৰাজ হৈছে বিশ্বব্ৰহ্মাণ্ডৰ চিৰন্তন গতি, শক্তি, সৃষ্টি আৰু ৰূপান্তৰৰ এক অসাধাৰণ প্ৰতীক। কণা-পদাৰ্থবিজ্ঞানত সকলো কণাই গতিশীল। ইলেকট্ৰনে গতি কৰি থাকে। কোৱাৰ্কসমূহ সদায় পাৰস্পৰিক ক্ৰিয়াত লিপ্ত। শক্তি পদাৰ্থলৈ আৰু পদাৰ্থ শক্তিলৈ ৰূপান্তৰিত হয়। নতুন কণা জন্ম হয়, কিছুমান কণা বিলুপ্ত হয়। এই অবিৰাম গতিশীলতাক ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ সতে প্ৰতীকীভাৱে তুলনা কৰা হয়। আৰু সেই বাবেই CERN-ৰ চৌহদত ভগৱান শিৱই শোভা বৰ্ধন কৰিছে।

অষ্ট্ৰিয়াৰ পদাৰ্থবিজ্ঞানী Fritjof Capra-ই তেওঁৰ বিখ্যাত গ্ৰন্থ "The Tao of Physics"ত লিখিছে যে আধুনিক কণা-পদাৰ্থবিজ্ঞানত যি গতিশীল বিশ্বব্ৰহ্মাণ্ডৰ চিত্ৰ দেখা যায়, সেয়া শিৱৰ "কচমিক ডাঞ্চ" বা তাণ্ডৱ নৃত্যৰ প্ৰতীকৰ সৈতে বিস্ময়কৰভাৱে সাদৃশ্যপূৰ্ণ। তেওঁৰ মতে, "প্ৰত্যেক উপ-পাৰমাণৱিক কণাৰ সৃষ্টি, বিনাশ আৰু পাৰস্পৰিক ক্ৰিয়া যেন এক অন্তহীন মহাজাগতিক নৃত্য।"…এয়া বিশ্ববিখ্যাত কণিকা পদাৰ্থবিজ্ঞানী Fritjof Capra-ৰ এক দাৰ্শনিক তুলনা।

পৃথিৱীৰ বুকুত পৰি থকা এটা শিল স্থিৰ যেন লাগে। কিন্তু কণা-পদাৰ্থবিজ্ঞানীয়ে জানে—তাৰ ভিতৰত অগণন পৰমাণু আৰু উপ-পাৰমাণৱিক কণাই অবিৰত ভাবে গতি কৰি আছে। ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে "গ্ৰহবোৰে সূৰ্যৰ চৌদিশে ঘূৰাৰ দৰে ঘূৰে" বুলি কোৱা হয় যদিও কোৱাণ্টাম তত্ত্ব অনুসৰি সেইবোৰৰ গতি আৰু আচৰণ অধিক জটিল। স্থিৰতা হৈছে আমাৰ অনুভৱ; কিন্তু প্ৰকৃত বাস্তৱতা হৈছে গতি। এই অবিৰাম গতিকেই নটৰাজৰ তাণ্ডৱৰ প্ৰতীকী ৰূপে কল্পনা কৰা হৈছে।

CERN-ত অৱস্থিত নটৰাজ মূৰ্তিৰ কাষত থকা ফলকত শিৱৰ তাণ্ডৱ নৃত্যক সৃষ্টি আৰু সংহাৰৰ মহাজাগতিক নৃত্যৰ প্ৰতীক বুলি বৰ্ণনা কৰা হৈছে। তাত Fritjof Capra-ৰ ভাবধাৰাৰ উল্লেখো আছে, য'ত কোৱা হৈছে যে আধুনিক কণিকা পদাৰ্থবিজ্ঞানৰ গতিশীলতা আৰু নটৰাজৰ নৃত্যৰ মাজত এক মনোমোহা দাৰ্শনিক সাদৃশ্য দেখা গৈছে।

CERN-ৰ বিজ্ঞানীসকলৰ ভাষাত --"যি সত্য গণিত, পৰীক্ষা আৰু যন্ত্ৰৰ জৰিয়তে বিচাৰ কৰা হয়, ভাৰতীয় ঋষিসকলে সেই সত্যক প্ৰতীক, দৰ্শন আৰু কাব্যৰ ভাষাত প্ৰকাশ কৰিছিল। এই বিষয়ে Fritjof Capra-ই লিখিছিল, - "আধুনিক পদাৰ্থবিজ্ঞানৰ দৃষ্টিত সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড এক অন্তহীন নৃত্য। এই নৃত্য সাইলাখ শিৱৰ তাণ্ডৱ নৃত্য!"

দৰাচলতে নটৰাজৰ মূৰ্তি CERN নামৰ গৱেষণা প্ৰতিষ্ঠানটোলৈ ভাৰতৰ এটা সাংস্কৃতিক উপহাৰ। ২০০৪ চনত ভাৰত চৰকাৰে ভাৰতৰ বিজ্ঞানী আৰু CERN-ৰ বৈজ্ঞানিক গৱেষণাৰ সহযোগিতাৰ স্মাৰক হিচাপে এই ব্ৰঞ্জৰ নটৰাজ মূৰ্তিটো CERN-লৈ উপহাৰ স্বৰূপে আগবঢ়াইছিল। ভাৰত চৰকাৰে নটৰাজৰ এই মূৰ্তিটো বিজ্ঞান, শিল্প, দৰ্শন আৰু সংস্কৃতিৰ মাজত এক সৃষ্টিশীল সংলাপৰ প্ৰতীক হিচাবে CERN-লৈ উপহাৰ স্বৰূপে আগবঢ়াইছিল। CERN-ৰ বিজ্ঞানীসকলে অনুধাৱন কৰিলে যে আধুনিক পদাৰ্থবিজ্ঞানে বিশ্বব্ৰহ্মাণ্ডৰ গতি আৰু ৰূপান্তৰক গণিত আৰু পৰীক্ষাৰে ব্যাখ্যা কৰে, আনহাতে নটৰাজ সেই একে বিস্ময়ক শিল্প আৰু প্ৰতীকৰ ভাষাত প্ৰকাশ কৰে। সেয়েহে CERN কৰ্তৃপক্ষই নটৰাজৰ এই মূৰ্তিটো মহাজাগতিক গতি আৰু ৰূপান্তৰৰ প্ৰতীক হিচাপে CERN-ৰ চৌহদত স্থাপন কৰে।

বিজ্ঞান আৰু আধ্যাত্মিকতা একেটা পথেৰে নাযায়, কিন্তু দুয়োটাই একেখন মহাবিশ্বক বুজিবলৈ চেষ্টা কৰে। বিজ্ঞানে মহাবিশ্বৰ নিয়মবোৰ বিচাৰে আনহাতে দৰ্শনে বিচাৰে সেই নিয়মবোৰৰ অৰ্থ। সম্ভৱত সেইবাবেই, পৃথিৱীৰ আটাইতকৈ আধুনিক বিজ্ঞান গৱেষণা কেন্দ্ৰৰ বুকুত, কণা আৰু শক্তিৰ অনন্ত খেলৰ মাজত, নটৰাজে নৃত্য কৰি আছে—চিৰন্তন গতি, ৰূপান্তৰ আৰু বিশ্বব্ৰহ্মাণ্ডৰ অন্তহীন ছন্দৰ এক অবিনশ্বৰ প্ৰতীক হিচাপে।

হৰ হৰ মহাদেৱ!

No comments:

Post a Comment