Friday 1 April 2016

জুইৰ বিষয়ে যৎকিঞ্চিত


প্রাচীন কালত গ্রীক অ্যালকেমিস্ট সকলে জুইক এটি মৌল বুলি ভাবিছিল। তেওঁলোকে মাটি, বায়ু, পানী আদিকো মৌল উপাদান হিচাবে বিবেচনা কৰিছিল। কিন্তু মৌলৰ আধুনিক সংজ্ঞাৰ পৰা আমি জানিব পাৰিছো যে এইবোৰৰ কোনোটিয়েই মৌল নহয়, বৰং এইবোৰ বিভিন্ন মৌলৰ সমন্বয়ত গঠিত কেতবোৰ পদাৰ্থ। কিন্তু আমি আগতে উল্লেখ কৰা জুইৰ ক্ষেত্ৰত প্ৰশ্নটো কিছু জটিল। সাধাৰণতে জুই হ'ল উত্তপ্ত গেছৰ এটি মিশ্রণ। ৰাসায়নিক বিক্রিয়াৰ ফলত, বায়ুৰ উপাদান অক্সিজেন আৰু বিভিন্ন ধৰণৰ দাহ্য পদাৰ্থৰ সংমিশ্ৰণত সৃষ্টি হোৱা তপত গেছীয় পদাৰ্থবোৰ আমি জুইৰ শিখা ৰূপে দেখো। এনে বিক্রিয়াৰ ফলত কার্বন ডাই অক্সাইড, জলীয় বাষ্প, পোহৰ আৰু তাপ আদি উৎপন্ন হয়। এনে ধৰণৰ তাপবৰ্জী বিক্ৰিয়াত তাপৰ পৰিমাণ যিমানেই বাঢ়ে, দাহ্য পদাৰ্থত উপস্থিত থকা কার্বন অথবা অন্যান্য মৌলৰ পৰমাণুসমূহে সিমানেই বেছি পোহৰ বিকিৰণ কৰে। এই তাপৰ দ্বাৰা পোহৰ উৎপাদন প্রক্রিয়াকেই Incandescence বা তাপোজ্বলতা বোলা হয়। এই একে প্রক্রিয়াৰেই এটি বৈদ্যুতিক বাল্বে পোহৰ বিলায়। যদি অগ্নিশিখা যথেষ্ট উত্তপ্ত হয়, তেতিয়া গেছীয় পৰমাণুবোৰ আয়নিত হয় আৰু পদার্থৰ অন্য এটি অবস্থালৈ গুচি যায়। পদাৰ্থৰ এই অৱস্থাটোক প্লাজমা বোলা হয়। অগ্নিশিখাৰ ৰঙৰ তাৰতম্য নির্ভৰ কৰে দহন কৰা পদাৰ্থৰ গুণাগুণ আৰু দাহ্য পদাৰ্থৰ উষ্ণতাৰ ওপৰত। সাধাৰণতে জুইৰ আটাইতকৈ উত্তপ্ত অংশৰ বৰণ নীলা কাৰণ এই অংশই নীলা বৰণৰ পোহৰ বিকিৰণ কৰে। আনহাতে জুইৰ শিখাৰ আটাইতকৈ শীতল অংশটো হ'ল শিখাৰ শীর্ষ অংশটো য'ত কমলা বা হালধীয়া-কমলা বৰণ দেখা যায়। জুইৰ শিখাৰ আকাৰ মাধ্যাকর্ষণ শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। জুইৰ শিখাৰ মধ্যবর্তী অৱস্থানত থকা উত্তপ্ত গেছৰ ঘনত্ব শিখাটোৰ চৌপাশৰ বায়ুৰ ঘণত্বত কৈ কম। কিন্তু এই অংশৰ গেছীয় পদাৰ্থৰ তাপমাত্রা চৌপাশৰ বায়ুৰ তুলনাত অনেক বেছি। ফলত এই উত্তপ্ত গেছীয় পদাৰ্থবোৰ অধিক ঘনত্বৰ অঞ্চলৰ পৰা কম ঘনত্বৰ দিশে গতি কৰে। মাধ্যাকর্ষণ বলৰ কাৰণে শিখাৰ গেছীয় পদাৰ্থবোৰে এনেদৰে গতি কৰে যে আমি সদায়ে দেখি অহা জুইৰ শিখাৰ গতি উৰ্ধমুখী। কিন্তু মাধ্যাকৰ্ষণহীন পৰিবেশত, যেনে মহাকাশত অথবা স্পেচ শ্বাটলত যদি আমি একুৰা জুই জ্বলাও, তেন্তে জুইৰ শিখাটোৱে এটি গোলাকাৰ পিণ্ডৰ আকৃতি ধাৰণ কৰে !

No comments:

Post a Comment