Tuesday 26 April 2016

ইকুৱেডৰৰ গতিশীল গছবোৰ


লেটিন আমেৰিকাৰ ইকুৱেডৰত এবিধ বিশেষ প্ৰজাতিৰ গছ আছে যাৰ বৈজ্ঞানিক নাম Socratea exorrhiza (চক্ৰেটি এক্সৰহিজা)। গছজোপাৰ বিশেষত্ব এইটোৱেই যে গছজোপাই প্ৰতি দিনে 2-3 ছেন্টিমিটাৰ বা বছৰত প্ৰায় 18-20 মিটাৰ দূৰত্ব খোজকাঢ়ি আগুৱাই যাব পাৰে। ঋতু পৰিবৰ্তনৰ ফলত সূৰ্যৰ আপেক্ষিক অৱস্থানৰ সালসলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই গছজোপাই পোহৰৰ দিশে এক বিশেষ প্ৰক্ৰিয়াৰে আগবাঢ়ি যায়। ইয়াৰ বাবে গছজোপাই পোহৰ আৰু কোমল তথা আৰ্দ্ৰ মাটিৰ দিশত নতুন শিপা সৃষ্টি কৰি মাটিত খোপনি পুতি লয়। নতুন শিপাই মাটিত দৃঢ় ভাবে খোপনি পোতাৰ পিছত পুৰণি শিপাবোৰ মৰি যায়। এনেদৰে নতুন নতুন শিপা সৃষ্টি কৰি গছজোপা ক্ৰমান্বয়ে এটা নিৰ্দিষ্ট দিশত আগবাঢ়ি যায়। ইকুৱেডৰৰ এই গছবোৰ চাবলৈ দেশ বিদেশৰ পৰ্যটকে ইয়ালৈ ঢাপলি মেলে। সঁচাকৈয়ে বিচিত্ৰ এই পৃথিৱীৰ জীৱকুল, বিচিত্ৰ ক্ৰমবিকাশ।

No comments:

Post a Comment