Thursday 21 April 2016

ভূমিকম্পৰ পৰা ৰক্ষাকাৰী বিচনা


ভূমিকম্প এক প্ৰাকৃতিক দুৰ্যোগ আৰু এনে দুৰ্যোগৰ পৰা ৰক্ষা পৰাৰ বাবে সাবধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী। আমাৰ বাবে এটি সুখবৰ এইয়ে যে শেহতীয়াকৈ Wang Wenxi নামৰ এজন লোকে ভূমিকম্পৰ পৰা হ'ব পৰা সম্ভাব্য বিপদ বা আঘাতৰ পৰা আমাক ৰক্ষা কৰিব পৰা এখন বিচনা সাজি উলিয়াইছে। এই বিচনাখনত Wenxi এ বিশেষ ধৰণৰ অতি সংবেদী কেতবোৰ বৈদ্যুতিক আহিলা সংলগ্ন কৰি ৰাখিছে। ইয়াৰ ফলত বিচনাখনেভূপৃষ্ঠৰ যিকোনো কম্পন তৎকালীন ভাবে অনুভৱ কৰি বিচনাখনত শুই থকা ব্যক্তি গৰাকীক সুৰক্ষা দিব পাৰে। Wang Wenxiএ 2010 চনতেই এই ভূমিকম্প সংবেদী বিচনা খনৰ আৰ্হিটো তৈয়াৰ কৰি উলিয়াই ইয়াৰ পেটেন্ট লাভ কৰিছিল। বৰ্তমান এই ভূমিকম্প সংবেদী বিচনাখনৰ ব্যৱসায়িক উৎপাদন আৰম্ভ হৈছে। হয়তো আৰু কেইমাহমান পিছতেই বজাৰত এই বিচনাখন উপলব্ধ হ'ব।

No comments:

Post a Comment