Friday 15 April 2016

মমবাতিৰ শিখাত হীৰাৰ টুকুৰা


বিজ্ঞানৰ বিচিত্ৰ জগতত এইবাৰ এটি নতুন আৱিষ্কাৰ এই যে আপুনি বা মই জ্বলোৱা মমবাতিৰ শিখাত সৃষ্টি হয় অযুত হীৰাৰ টুকুৰা !! St Andrews বিশ্ববিদ্যালয়ৰ এদল গৱেষকে Prof Wuzong Zhouৰ তত্বাবধানত এই তথ্য আৱিষ্কাৰ কৰিছে। আজিৰ পৰা 2000 বছৰ পূৰ্বে চীনত আৱিষ্কাৰ হোৱা মমবাতিৰ ওপৰত এলানি পৰীক্ষা সম্পন্ন কৰি মাইকেল ফেৰাডেই আগবঢ়াইছিল তেখেতৰ বিখ্যাত Christmas Lecture আৰু তেখেতে Chemical History of Candle Flame নামৰ বক্তৃতা লানিত মমবাতিৰ শিখাত দেখা যোৱা উজ্জ্বলতাক হীৰাৰ চিকমিকনিৰ লগত ৰিজাইছিল। এই উক্তিৰ দ্বাৰা প্ৰভাম্বিত হৈ গৱেষক সকলে মমবাতিৰ শিখাৰ ওপৰত আৰম্ভ কৰিলে এলানি পৰীক্ষা। তেখেতসকলে জ্বলন্ত মমবাতিৰ শিখাৰ মাজৰ পৰা অতি সাবধানতাৰে পদাৰ্থৰ কণিকা সংগ্ৰহ কৰি তাত কাৰ্বনৰ প্ৰতিটো বহুৰূপৰ সম্ভেদ পায়। তেখেত সকলে পৰীক্ষাৰ সময়ত লক্ষ্য কৰিছিল যে মমবাতিৰ শিখাৰ নিম্ন অংশত সৃষ্টি হোৱা হাইড্ৰকাৰ্বন সমূহ শিখাটোৰ উৰ্ধত কাৰ্বন-ডাইঅক্সাইড গেছলৈ সলনি হয়। কিন্তু শিখাটোৰ মাজ অংশত হাইড্ৰকাৰ্বন সমূহ ক্ষন্তেক সময়ৰ বাবে হীৰাৰ ক্ষুদ্ৰতম কণা বা Nanoparticle হিচাবে উপলব্ধ হয়। অৱশ্যে পৰবৰ্তী সময়ত এই হীৰাৰ ক্ষুদ্ৰ কণা সমূহ জ্বলন প্ৰক্ৰিয়াত কাৰ্বন-ডাইঅক্সাইড গেছলৈ পৰিবৰ্তিত হয়। এই পৰীক্ষাৰ ফলাফলে যথেষ্ট আশাবঞ্জক বতৰা আনিছে কিয়নো ইয়াৰ দ্বাৰা বিজ্ঞানী সকলে হীৰা তৈয়াৰ কৰিব পৰা এটি কৌশল উদ্ভাৱন কৰিব পাৰিব।

No comments:

Post a Comment