সৌৰজগতৰ প্ৰাণ সূৰ্যকে ধৰি আঠটা গ্ৰহ, সমস্ত উপগ্ৰহ, ধুমকেতু আদি সকলোবোৰ মহাজাগতিক পদাৰ্থৰ ভিতৰত সম্ভৱত পৃথিৱীয়েই আটাইতকৈ সুন্দৰ, কিয়নো এই পৃথিৱীতেই সৃষ্টি হৈছে জীৱন নামৰ আপুৰুগীয়া সম্পদ বিধ। একমাত্ৰ এই পৃথিৱী নামৰ গ্ৰহটোৰ বুকুতেই পোৱা যায় সেউজীয়া পৰিস্থিতি তন্ত্ৰ। প্ৰকৃতিয়ে পৃথিৱীখন নিপুণ হাতেৰে গঢ় দিয়াত অকণমানো কৃপণালি কৰা নাই। শিল্পীৰ ভাষাত ক'বলৈ - "সেউজী সেউজী সেউজী অ, সেউজী ধৰণী ধুনীয়া...." পিছে সভ্যতাৰ জখলা বগাই আধুনিক মানবে যান্ত্ৰিকতাৰ যি প্ৰতিযোগিতা পাতিছে, সেই প্ৰতিযোগিতাৰ ধামখুমীয়াত সেউজী ধৰণী ক্ৰমান্বয়ে কংক্ৰিটৰ পৃথিৱীলৈ সলনি হ'ল। হেৰাই যাবলৈ ধৰিলে প্ৰাকৃতিক সৌন্দৰ্য, গছ-লতা, বিভিন্ন জীৱ আৰু বহুতো। বাঢ়ি আহিল প্ৰদূষণ, গোলকীয় উষ্ণতাৰ লগতে মেৰু অঞ্চলৰ অজ'ন গহ্বৰ কেইটাও। পৰ্বতে পাহাৰে থকা বৰফবোৰ গলি ধৰাৰ বুকুত বৰ্ধিত পানীৰ স্তৰে কেতবোৰ বিশেষ ভৌগোলিক অঞ্চললৈ কঢ়িয়াই আনিলে ভয়াবহ সমস্যা। বতৰৰ পৰিবৰ্তন, অতিবৃষ্টি, অনাবৃষ্টি, ভূমি স্খলন আদিবোৰ নৈমিত্তিক একোটা পৰিঘটনালৈ পৰিবৰ্তিত হ'ল। যি হাৰত এই পৰিবৰ্তন সমূহে পৃথিৱীক জোকাৰি গৈছে, এয়া যদি ধাৰাবাহিক ভাবে চলি থাকে তেন্তে পৃথিৱীখন আমাৰ বাবে কেতিয়াও বাসোপযোগী হৈ থাকিব নোৱাৰিব। এনেবোৰ কথা অনুধাৱন কৰিয়েই 1970 চনত পোনপ্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গেইলৰ্ড নেলচন নামৰ এজন চিনেটৰে ধৰিত্ৰী দিৱসৰ ধাৰণাটো দাঙি ধৰে। এই ধাৰণাটোৰ জৰিয়তে বৰ্তমান সময়ত পৃথিৱীখনে মুখামুখি হোৱাৰ এনে সমস্যাৰাজিৰ বিষয়ে সৰ্বসাধাৰণৰ মাজত জাগৰণ সৃষ্টিৰ কৰাৰ লগতে আমাৰ প্ৰকৃতিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত মানুহৰ কৰণীয় বা দায়বদ্ধতা সম্বন্ধে জ্ঞাত কৰোৱাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। এই প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয় আৰু মহৎ।
Tuesday, 26 April 2016
ধৰিত্ৰী দিৱস; 22 এপ্ৰিল

Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment