Friday 15 April 2016

বুধ গ্ৰহৰ বালক গমন


অহা 9 মে, 2016 তাৰিখে আমি এটি বিৰল মহাজাগতিক পৰিঘটনা দেখিবলৈ পাম। সিদিনা বিয়লি সমূহ বিশ্ববাসীয়ে অতি উৎসুকতাৰে প্ৰত্যক্ষ কৰিব সূৰুজৰ পৃষ্ঠৰ মাজেৰে অতি ধীৰ গতিৰে পাৰ হৈ যোৱা বিন্দু সদৃশ এটি ছায়া- যাৰ নাম বুধ গ্ৰহ। সূৰুজৰ পৃষ্ঠৰ ওপৰেদি ধীৰে ধীৰে পাৰ হৈ যাব লগীয়া বুধ গ্ৰহৰ এই বিৰল পৰিঘটনাটোক বিজ্ঞানৰ ভাষাত "বালক গমন" বা Transit of Mercury বোলা হয়। বুধৰ বালক গমন এক বিৰল মহাজাগতিক পৰিঘটনা। সাধাৰণতে বুধৰ বালক গমন শতিকাত মাত্ৰ 13 বা 14 বাৰহে দেখা যায়। পোনপ্ৰথম বাৰৰ বাবে বুধৰ বালক গমন দেখা পাইছিল 7 November, 1631 চনত Pierre Gassendi নামৰ এজন বিজ্ঞানীয়ে। ইয়াৰ পিছত 1639 চনত Jeremiah Horrocks নামৰ আন এজন বিজ্ঞানীয়ে শুক্ৰৰ বালক গমন বা Transit of Venus দেখা পায়। পৃথিৱী আৰু সূৰ্যৰ মাজত যেতিয়া বুধ বা শুক্ৰ গ্ৰহই অৱস্থান লাভ কৰে, তেতিয়াই এই বিৰল মহাজাগতিক পৰিঘটনা দৃশ্যমান হয়। অহা 9 মেত সংঘটিত হ'ব লগীয়া বুধৰ বালক গমন আবেলি 4:42 বজাৰ পৰা সূৰ্যাস্ত পৰ্যন্ত ভাৰতবৰ্ষৰ সকলো অঞ্চলৰ পৰা দেখা পোৱা যাব। প্ৰয়োজন হ'ব এটি ফৰকাল বতৰ আৰু কিছু সাবধানতা। সূৰ্যক প্ৰত্যক্ষ ভাবে চোৱা অনুচিত। সেয়েহে কিছু সাবধানতাৰ প্ৰয়োজন। পৰবৰ্তী সময়ত আমি এই সাৱধানতা সম্বন্ধে আলোচনা কৰিম। 

No comments:

Post a Comment