Friday 8 April 2016

ধুমকেতুৰ সংক্ষিপ্ত বুৰঞ্জী


সৌৰজগত এখন ৰহস্যময় জগত। সৌৰজগতৰ গ্ৰহ, উপগ্ৰহ, শিলাখণ্ড, উল্কাপিণ্ডকে আদি কৰি বিভিন্ন মহাজাগতিক পদাৰ্থ পিণ্ডৰ লগতে সততে আলোচ্য আন এক অতিথি হ'ল ধুমকেতু বোৰ। প্ৰাচীন কালৰে পৰাই ধুমকেতু বোৰে মানুহক আকৰ্ষণ কৰি আহিছে। ভাৰতবৰ্ষত ধুমকেতু বোৰক অশান্তি, অমংগল, যুদ্ধ-বিগ্ৰহ, বেমাৰ-আজাৰ আদিৰ কাৰক বুলি বিশ্বাস কৰা হৈছিল। পিছে এই ধুমকেতু বোৰৰ লগত জড়িত এনে বিশ্বাস বোৰৰ যুক্তিযুক্ততাক আধুনিক বিজ্ঞানে নুই কৰিছে।সৌৰজগত গ্ৰহ নেপচুনৰ কক্ষপথৰ পৰা আঁতৰত থকা কুইপাৰ বেল্ট নামৰ অংশৰ লগতে সৌৰজগতৰ শেষ প্ৰান্তত থকা উৰ্ট মেঘৰ পটীৰ অসংখ্য গোলাকাৰ বৰফ পিণ্ডবোৰৰ পৰাই ধুমকেতু বোৰৰ জন্ম হয়। 


এই বৰফৰ পিণ্ডবোৰ সৌৰজগতৰ বহিঃগ্ৰহ যেনে ইউৰেনাচ আৰু নেপচুন তথা উৰ্ট মেঘৰ নিকটবৰ্তী কোনো নক্ষত্ৰৰ মাধ্যাকৰ্ষণৰ প্ৰভাৱত কেতিয়াবা সূৰ্যৰ চাৰিওফালে এক উপবৃত্তাকাৰ পথেৰে প্ৰদক্ষিণ কৰিবলৈ লয়। এনে গোলাকাৰ বৰফৰ পিণ্ডবোৰই একোটা ধুমকেতুলৈ সলনি হয় আৰু সূৰ্যৰ চৌদিশে এক নিৰ্দ্দিষ্ট কক্ষপথেৰে প্ৰদক্ষিণ কৰিবলৈ লয়। এই ধুমকেতু বোৰৰ পৰ্যায়কাল নিৰ্ভৰ কৰে সৌৰজগতৰ বিশাল গ্ৰহবোৰৰ মাধ্যাকৰ্ষণ বলৰ ওপৰত। বৃহস্পতিৰ দৰে বিশাল গ্রহবোৰৰ মাধ্যাকর্ষণ বলৰ প্রভাবত একোটি ধুমকেতু কক্ষচ্যুত হৈ সৌৰজগত এৰি আঁতৰি যাব পাৰে কাৰণ এই বিশাল গ্রহবোৰৰ মহাকর্ষণীয় বল ধুমকেতু বোৰৰ ক্ষেত্ৰত সূৰ্যতকৈও বেছি হ'ব পাৰে আৰু সেয়ে ধুমকেতু বোৰ সূর্যৰ আকর্ষণ ভেদ কৰি মহাকাশৰ অজান ঠাইলৈ গুচি যাব পাৰে। উদাহৰণ স্বৰূপে Tempel-Swift-LINEAR ধুমকেতুটো ১৮৬৯ চনত আবিষ্কৃত হলেও ১৯০৮ চনৰ পিছত আৰু দেখা নগৈছিল কাৰণ বৃহস্পতিৰ মাধ্যাকৰ্ষণৰ প্ৰভাৱত এই ধুমকেতুটো কক্ষচ্যুত হৈ পৰিছিল। অৱশ্যে ২০০১ চনত LINEARৰ দ্বাৰা পুণৰ আবিষ্কৃত হয়। সাধাৰণতে সূৰ্যৰ চৌদিশে ১০০০ৰ পৰা ১০০০০ বাৰ প্ৰদক্ষিণ কৰাৰ পিছত ধুমকেতু এটাৰ সকলো উদ্বায়ী পদাৰ্থ শেষ হৈ যায়। দীৰ্ঘ দূৰত্বৰ ধুমকেতুৰ ক্ষেত্ৰত এই উদ্বায়ী পদাৰ্থৰ ভাণ্ডাৰ অৱশ্যে ৫০০ টা প্ৰদক্ষিণৰ পিছতেই শেষ হৈ যাব পাৰে। এই উদ্বায়ী পদাৰ্থৰ ভাণ্ডাৰটো শেষ হৈ যোৱাৰ পিছত ধুমকেতু বোৰৰ মৃত্যু হয় আৰু সূৰ্য্যৰ বুকুত জাহ যায়। কিছুমান ধুমকেতু সূৰ্য্যৰ চৌদিশে প্ৰদক্ষিণ কৰাৰ সময়ত টুকুৰা-টুকুৰ কৈ ভাঙি যোৱাৰ উদাহৰণো পোৱা যায়। তেনে এটা ধুমকেতু হ'ল Schwassmann Wachmann-3 নামৰ ধুমকেতুটো, যিটো 1995 চনত প্ৰদক্ষিণৰ সময়ত সূৰ্য্যৰ কাষলৈ গৈ তিনিটা খণ্ডত ভাঙি পৰিছিল। সৌৰজগতৰ কিছুমান ধুমকেতু আকৌ বিশালকায় গ্ৰহবোৰৰ লগত সংঘৰ্ষত পতিত হৈ ধ্বংস প্ৰাপ্ত হয়। 1994 চনত Shoemaker-Levy নামৰ ধুমকেতুটো বৃহস্পতি গ্ৰহৰ মাধ্যাকৰ্ষণৰ দ্বাৰা প্ৰভাবিত হৈ গ্ৰহটোৰ বুকুত পতিত হৈ ধ্বংস হৈছিল। একেদৰে হাৱার্ড-কুমন-মিছেল নামৰ ধুমকেতুটো ১৯৭৯ চনৰ আগষ্ট মাহত ইউৰেনাছৰ বুকুত জাহ গৈছিল।




আমাৰ পৃথিৱীৰ বুকুতো ধুমকেতুৰ সংঘৰ্ষ হোৱা বুলি কোৱা হয়। এনে সংঘৰ্ষৰ ফলতেই পৃথিৱীৰ পৰা ডাইনোচৰৰ দৰে বিশাল সৰীসৃপ সমূহ বিলুপ্ত হোৱা বুলি এচাম বিজ্ঞানীয়ে তথ্য দাঙি ধৰিছে।

No comments:

Post a Comment