Thursday 5 May 2016

সৌৰজগত অভিমুখী এক "মৃত্যু তাৰকা"


সৌৰজগত অভিমুখে তীব্ৰ গতিৰে আগবাঢ়ি আহি আছে এটি নক্ষত্ৰ। বিজ্ঞানী সকলে বৰ্তমানলৈ নিৰ্ধাৰণ কৰিব নোৱাৰা এক অজ্ঞাত কাৰণত সৌৰজগত অভিমুখে নিশ্চিত ভাবে আগুৱাই আহি আছে এই তৰাটো। সৌৰজগতৰ পৰা প্ৰায় 16 আলোকবৰ্ষ আঁতৰৰ হাৰকিউলিচ নক্ষত্ৰমণ্ডলত অৱস্থিত এই তৰাটোক বিজ্ঞানী সকলে এটি ৰঙা বামণ (Red Dwarf) বুলি অভিহিত কৰিছে। এই তৰাটোৰ নাম HIP 85 605 বা "Death Star" (মৃত্যু তাৰকা)। জাৰ্মানীৰ মেক্স প্লাংক বিশ্ববিদ্যালয়ৰ বিজ্ঞানী Dr. Coryn Bailey Jonesৰ অধীনত গৱেষণাৰত এদল বিজ্ঞানীৰ মতে অনাগত দিনত মৃত্যু তাৰকাটোৰ এনে পৰিক্ৰমাৰ ফলত পৃথিৱীখন মানুহ বা আন জীৱকূলৰ বাবে বসবাসৰ অনুপযোগী এটা অতি বিপদ সংকুল গ্ৰহলৈ ৰূপান্তৰিত হ'ব। পিছে, আমাৰ বাবে এটাই সুখবৰ যে তৰাটোৱে যিটো বেগত সৌৰজগত অভিমুখে আগবাঢ়ি আহিছে, সেই বেগ অনুসৰি তৰাটো সৌৰজগতৰ নিকটতম অৱস্থানলৈ আহি পাবলৈ ইয়াক প্ৰয়োজন হ'ব প্ৰায় 2.5 লাখ বছৰ। সেই নিকটতম দূৰত্ব হ'ব সৌৰজগতৰ পৰা মাত্ৰ 8000 AU বা 8000 মহাজাগতিক একক। এই দূৰত্বত যেতিয়া মৃত্যু তাৰকা HIP 85 605 উপস্থিত হ'ব, তেতিয়া তৰাটোৰ প্ৰচণ্ড মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত সৌৰজগতৰ উৰ্ট মেঘ অঞ্চলত দেখা পোৱা যাব চৰম অস্থিৰতা। উৰ্ট মেঘ অঞ্চলৰ অগণন বৰফৰ টুকুৰা আৰু ধুমকেতুবোৰ ইয়াৰ ফলত কক্ষচ্যুত হৈ সৌৰজগতত অনাই বনাই ঘুৰি ফুৰিব আৰু তাৰ ভিতৰত অধিকাংশ ধুমকেতু সৌৰজগতৰ আভ্যন্তৰীণ অংশলৈ সিঁচৰতি হৈ পৰিব। এনে কক্ষচ্যুত ধুমকেতুবোৰে পৃথিৱীকে ধৰি সৌৰজগতৰ আন আন গ্ৰহবোৰৰ বুকুত সঘনাই আঘাট কৰিব। ধুমকেতুৰ এনে আঘাটৰ ফলতেই পৃথিৱীৰ পৰা ডাইনোচৰৰ বিলুপ্ত হোৱাৰ তথ্য আমাৰ হাতত আছে। অৱশ্যে এইটো কথাও সত্য যে অন্যান্য বিভিন্ন কাৰণত আগতেও পৃথিৱীৰ লগত একাধিক এনে ধৰণৰ মহাজাগতিক সংঘৰ্ষ হৈছে যদিও পৃথিৱীৰ সমস্ত জীৱকূল ধ্বংস হৈ যোৱা নাই। অনাগত দিনত এই তৰাটোৱে সৌৰজগতলৈ কেনে দুৰ্যোগ কঢ়িয়াই আনে বা ভৱিষ্যতৰ বিজ্ঞানী সকলে ইয়াৰ পৰা ৰক্ষা পৰাৰ বাবে কেনে ব্যৱস্থা হাত লয়, তাৰ ওপৰতেই নিৰ্ভৰ কৰিব পৃথিৱীৰ জীৱন।

No comments:

Post a Comment