Saturday 14 May 2016

গেলিলিওৰ হেলনীয়া স্তম্ভৰ পৰীক্ষাটো



সেই সময়ত এৰিষ্টোটল আৰু সমসাময়িক সকলো বিজ্ঞলোকৰ মতে কোনো উচ্চ স্থানৰ পৰা পেলাই দিলে গধুৰ পদাৰ্থ এটা পাতল পদাৰ্থত কৈ আগতে আহি মাটিত পৰিবহি। কিন্তু সেই সময়ত ইটালীৰ এজন বিজ্ঞানীয়ে সকলো মানুহক আচৰিত কৰি কথাটো অন্য ধৰণে ক'বলৈ আৰম্ভ কৰিলে। তেওঁৰ মতে গধুৰ বা পাতল সকলো পদাৰ্থই ওপৰৰ পৰা পেলাই দিব একে সময়তে মাটি স্পৰ্শ কৰিবহি, যদিহে পৰীক্ষা সম্পন্ন কৰা স্থানত বায়ুৰ পৰা হোৱা ঘৰ্ষণ অতি নগন্য হয়। সেয়া 1589 চনৰ কথা। গেলিলিওৱে পিচা চহৰৰ হেলনীয়া স্তম্ভৰ পৰা সম্পন্ন কৰিলে এটি বিখ্যাত পৰীক্ষা য'ত তেখেতে হেলনীয়া স্তম্ভৰ ওপৰৰ পৰা দুটা ভিন্ন ভৰৰ পদাৰ্থ একে সময়তে মাটিলৈ পেলাই দি প্ৰমাণ কৰি দেখুৱাই যে তললৈ সৰি পৰা বস্তুৱে ভৰৰ ভিন্নতা স্বত্তেও একে বেগত তললৈ সৰি পৰে। এই পৰীক্ষাটোৱে সেই সময়ৰ প্ৰচলিত ধাৰণাটিক নস্যাত কৰি এক নতুন সত্যৰ আধাৰ গঢ়ি তোলে। আমি গেলিলিওৰ সেই পৰীক্ষাটোৰ আধাৰত এটি বিশ্লেষণাত্মক আলোচনা কৰিব খুজিছোঁ।
ধৰা হওঁক, পিচাৰ হেলনীয়া স্তম্ভৰ পৰা আপুনি 1 Kg আৰু 10 Kg ভৰৰ দুটা বস্তু একেলগে আৰু একে সময়তে তললৈ পেলাই দিলে। এনে ক্ষেত্ৰত:
প্ৰথম বস্তুটোৰ ওজন = 1 kg × 9.8 = 9.8 N আৰু
দ্বিতীয় বস্তুটোৰ ওজন = 10 kg × 9.8 = 98 N
আমি জানো যে ত্বৰণ = ওজন/ভৰ ।
সেয়ে, প্ৰথম বস্তুটোৰ ত্বৰণ = 9.8 N/1Kg = 9.8 মি/ বৰ্গ ছেকেণ্ড। 
তেনেকৈ দ্বিতীয় বস্তুটোৰ ত্বৰণ = 98 N/10Kg = 9.8 মি/ বৰ্গ ছেকেণ্ড। 
অৰ্থাৎ পদাৰ্থৰ ভৰ যিয়েই নহওক কিয়- তললৈ সৰি পৰা সকলো বস্তু একে হাৰতই ত্বৰিত হয়। এই সত্য গেলিলিওৱে 1589 চনতেই প্ৰতিষ্ঠা কৰিছিল যদিও তেখেতে এইটো ক'ব পৰা নাছিল যে ত্বৰণৰ হাৰ একে হোৱাৰ কাৰণটো কি ! পিছলৈ মাধ্যাকৰ্ষণ বলেই ইয়াৰ কাৰণ বুলি আন এক যুগজয়ী আৱিষ্কাৰেৰে আইজাক নিউটনে নিজৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ কৰে।

No comments:

Post a Comment