Sunday 8 May 2016

মহাকাশৰ এক ৰহস্য: The Wow Signal !!


1977 চনৰ 15 আগস্টৰ নিশা। এটি গতানুগতিক গ্ৰীষ্মৰ নিশা। গভীৰ মহাকাশৰ বিভিন্ন দিশত মহাজাগতিক তৰংগৰ সন্ধানত সিদিনাও ব্যস্ত SETI (Search for Extraterrestrial Intelligence)ৰ বিজ্ঞানী সকল। বিভিন্ন যন্ত্রপাতি আৰু মনিটৰিং ডিভাইচ লৈ SETIৰ বিজ্ঞানী সকলে মহাকাশৰ পৰা অহা তৰঙ্গবোৰ ধৰা পেলাই সেইবোৰৰ পর্যালোচনা তথা পর্যবেক্ষন কৰে। হয়তো কোনোবা দিনা দূৰ দূৰণিৰ মহাকাশৰ অজানতিমুলুকৰ পৰা কোনো এলিয়েনে আমালৈ পঠিওৱা বার্তা এটাই সংগ্ৰহ কৰিব পৰা যায় ! সেইদিনাৰ নিশাটোও তাৰ ব্যতিক্রম নাছিল। স্থানীয় সময় অনুসৰি ঘড়ীত নিশা 10:16 বাজিছে। Night Shiftত কাম কৰা এজন ডেকা বিজ্ঞানী Jerry Ehman এ নিশা মনিটৰিং ইউনিটৰ সন্মুখত বহি একাগ্ৰ মনে Big Ear Radio Telescopeৰ লগত সংলগ্ন মনিটৰত চকু ফুৰাই থাকোতে হঠাতেই ঘটি গ'ল ঘটনাটো। মনিটৰৰ পৰ্দাত সেই মূহুৰ্তত ভাঁহি উঠিল দূৰ মহাকাশৰ পৰা উটি অহা এটি সংকেত। এটা অতি অস্বাভাৱিক সংকেত। পূৰ্বে এনে সংকেত কেতিয়াও ধৰা পেলাব পৰা হোৱা নাছিল। তেওঁ সংগ্ৰহ কৰা এই অস্বাভাৱিক সংকেতটো পৃথিৱীৰ পৰা প্ৰায় 5000 আলোকবৰ্ষ দূৰৰ হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্রভাগত অৱস্থিত Sagittarius তাৰকাপূঞ্জৰ দিশৰ পৰা আহিছিল। এক প্ৰকাৰ স্তম্ভিত হৈ পৰিছিল বিজ্ঞানী Jerry Ehman. এই আচহুৱা মহাজাগতিক সংকেতটো প্ৰায় 72 ছেকেণ্ড মনিটৰত দৃশ্যমান হৈ ৰৈছিল আৰু এই সংকেতটো গৱেষণাগাৰৰ ইণ্টিগ্ৰেডেড টাইপ মেছিনত স্বয়ংক্ৰিয় ভাবে লিপিবদ্ধ হৈছিল। 72 ছেকেণ্ড পিছত এই সংকেতটো আপোনা আপুনি নোহোৱা হৈ পৰাত টাইপ মেছিনটোও একেলগে বন্ধ হৈ পৰে। Ehmanএ ততাতৈয়াকৈ টাইপ মেছিনৰ পৰা প্ৰিন্টটো উলিয়াই লৈ তাত গৱেষণাগাৰৰ নিয়মানুসৰি নিজৰ স্বাক্ষৰ দিয়াৰ সলনি লিখি দিলে "WOW!" তেখেতে সংকেতটোৰ পৰ্যবেক্ষণত ধৰা পেলালে কেতবোৰ থিয় column য'ত প্ৰধানকৈ বহুতো সাংখিক কোড আছিল।এটা বিশেষভাৱে আচহুৱা আক্ষৰিক কোডেহে Ehmanক আচৰিত কৰি তুলিছিল আৰু সেই কোডটো হ'ল: 6EQUJ5, যিটো তেখেতে তৎক্ষণাত ৰঙা চিঁয়াহীৰে চিহ্নিত কৰি তাৰ কাষতেই লিখি দিছিল: WOW ! তেতিয়াৰ পৰাই এই মহাজাগতিক সংকেতটোক WOW signal বুলিয়েই জনা যায়। পৰবৰ্তী সময়ত Ehmanএ এই ৰহস্যময় সংকেতটো পুনৰ ধৰা পেলাবলৈ বহু চেষ্টা কৰিও বিফল হয়। অকল সেয়াই নহয়, বিশ্বৰ বিভিন্ন ঠাইৰ বিজ্ঞানীসকলে এই সংকেতটোৰ পাঠোদ্ধাৰ কৰিবলৈ আজিও চেষ্টা অব্যাহত ৰাখিছে। আমি, পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিয়েই আজি অধীৰ আগ্ৰহেৰে বাট চাই আছো অজানতিমুলুকৰ পৰা অহা কোনো ভিন্ন গ্ৰহৰ প্ৰাণীৰ (!) সেই দুৰ্বোধ্য ভাষাৰ এক সাৰ্বজনীন আৰু বোধগম্য অনুবাদলৈ।

No comments:

Post a Comment