Wednesday, 11 May 2016

বিদ্যালয়ত ঘোলা কণী নামেৰে পৰিচিত ছাত্ৰজন


বিদ্যালয়ৰ প্ৰধান শিক্ষকে ছাত্ৰজনক নিজৰ কোঠালৈ মাতি আনি সুধিলে: তোমাৰ ঘৰত কোন কোন আছে ?
ছাত্ৰজনে তলমুৰ কৰি সেমেনা সেমেনি কৈ উত্তৰ দিলে: “মই আৰু মোৰ মা মহাশয়"।
ক্ষন্তেক সময় মৌন হৈ ৰৈ প্ৰধান শিক্ষকে এটুকুৰা কাগজত ছাত্ৰজনৰ মাতৃলৈ বুলি এখন পত্ৰ লিখি ছাত্ৰজনক ক'লে: “এই পত্ৰখন তোমাৰ মাৰাক দিবাগৈ। মোৰ বিশ্বাস, তুমি পত্ৰখন নিশ্চয় খুলি নপঢ়া।” ছাত্ৰজনেও বিদ্যালয়ৰ পৰা আহিয়েই মাকৰ হাতত প্ৰধান শিক্ষকে দিয়া চিঠিখন তুলি দি কলে: চাৰে এই চিঠিখন তোমালৈ পঠিয়াইছে। মাকে পত্ৰখন একান্ত মনেৰে পঢ়িলে। পঢ়ি থাকোঁতে মাকৰ দুচকুৰে বাগৰি আহিছিল চকুলো।মাকৰ কান্দোন দেখি ছাত্ৰজনে মাকক সুধিলে: “মা ইয়াত কি লিখা আছেনো, তুমি কান্দিছা যে ?"

 পুত্ৰৰ কথা শুনি মাকে চকুপানী মচি ক'লে, "মোৰ সোন, তোমাৰ প্ৰধান শিক্ষকে লিখিছে যে - আপোনাৰ ল'ৰা বহুত বিচক্ষণ। আমাৰ বিদ্যালয়ত আপোনাৰ ল'ৰাক শিক্ষা দিব পৰাকৈ ইয়াত কোনো প্ৰশিক্ষিত শিক্ষক নাই। সেয়েহে আপুনি ল'ৰাজনক নিজেই ঘৰত শিক্ষা দিয়াৰ ব্যৱস্থা কৰক" !
মাতৃয়ে চিঠিখন আলফুলে আলমাৰিত সুমুৱাই থ'লে।পৰিয়ালটোৰ আৰ্থিক অৱস্থা তেতিয়া বৰ ভাল নহয়।মাক বহুত চিন্তাত পৰিল।টকা পইছাৰ অভাৱত পুত্ৰক আন এখন বিদ্যালয়ত নাম লগাই দিয়াটো সম্ভৱ হৈ উঠা নাই। উপায় বিহীন মাকে পুতেকক নিজেই পঢ়োৱাৰ দায়িত্ব কান্ধ পাতি ল'লে আৰু দিনে ৰাতিয়ে পুতেকক পঢ়োৱাত মনোযোগ দিলে। এই ক্ষেত্ৰত লৰাজনৰ দেউতাকেও যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল। তেওঁলোকে পুতেকক ঘৰৰ আৰ্থিক দীনতাৰ কথা নেভাবি কেৱল পঢ়াত মনোযোগ দিবলৈ ক'লে।
লাহে লাহে লৰাজন ডাঙৰ হ'ল। পিতৃ মাতৃয়ে আৰ্থিক অনাটনৰ কথা নেভাবিবলৈ কোৱা স্বত্বেও ল'ৰাজনে বজাৰত মিঠাই, চকলেট, শাক -পাচলিৰ লগতে বাতৰি কাকত আদি বিক্ৰী কৰি পোৱা উপাৰ্জনেৰে আন এখন বিদ্যালয়ত শিক্ষাগ্ৰহন কৰাৰ উদেশ্যে নামভৰ্তি কৰি ল'লে।
সকলো থিকেই চলি আছিল। লৰাজনৰ 24 বছৰ বয়স হোৱাত এদিন তেওঁৰ মাতৃৰ বিয়োগ হ'ল। মাতৃৰ বিয়োগত ছাত্ৰজন ভাগি পৰিল যদিও দুগুণ উৎসাহেৰে নিজৰ অধ্যয়ন আগবঢ়াই নিলে !! একানপটীয়া চেষ্টা আৰু মানসিক উদ্যমৰ ফলস্বৰূপে পৰবৰ্তী সময়ত তেওঁ এজন সুযোগ্য আৰু প্ৰতিষ্ঠিত ব্যক্তিলৈ ৰূপান্তৰিত হ'ল।
এদিন তেওঁ ঘৰৰ পুৰণি আলমাৰিতো চফা কৰিবলৈ লওঁতেই তেওঁৰ লৰালি কালতেই বিদ্যালয়ৰ প্ৰধান শিক্ষকে মাকলৈ বুলি লিখা সেই পত্ৰখন পালে। নপঢ়ো বুলি ভাবিও মনৰ কৌতুহল দমাব নোৱাৰি তেওঁ চিঠিখন মেলি ল'লে.....

“আপোনাৰ পুত্ৰ এজন জধামূৰ্খ আৰু তেওঁ বিদ্যালয়ত পঢ়োৱা একোৱেই আয়ত্ব কৰিব নোৱাৰে। আমাৰ বিদ্যালয়ত পঢ়িব পৰাকৈ আপোনাৰ পুত্ৰৰ যোগ্যতা নাই। সেয়েহে আপোনাৰ পুত্ৰক পুনৰ আমাৰ বিদ্যালয়লৈ নপঠিয়াবলৈ অনুৰোধ কৰিলোঁ। আশাকৰো আপুনি কথাখিনি বুজিব পাৰিছে।"

চিঠিখন অজ্ঞাতেই তেওঁৰ হাতৰ পৰা পৰি গ'ল। তেওঁৰ চকুযুৰি সেমেকি উঠিল। বহু সময় তেওঁ হিয়া ধাকুৰি কান্দিলে আৰু নিজৰ মাতৃৰ ত্যাগ আৰু সাহসৰ বাবেই যে তেওঁ বৰ্তমানৰ এই অৱস্থাত উপনীত হৈছে, সেই কথা বাৰুকৈয়ে উপলৱদ্ধি কৰিলে। তাৰ পিছত মেজৰ ওচৰলৈ গৈ ডায়েৰীখন উলিয়াই লৈ লিখিবলৈ আৰম্ভ কৰিলে.....
“এগৰাকী মহান মাতৃয়ে এটা জধামূৰ্খ সন্তানক বিনাস্বাৰ্থত, পৃথিৱীৰ বিখ্যাত বৈজ্ঞানিক ৰূপে গঢ় দি নীৰৱে সেই সন্তানৰ কাষৰ পৰা মেলানি মাগিলে আৰু সমগ্ৰ পৃথিৱীক ৰাতিৰ অন্ধকাৰ নাশিবলৈ উপহাৰ স্বৰূপে দি গ'ল আলোকৰ মন্ত্ৰ।”
এইজন ছাত্ৰই আছিল পৃথিৱী বিখ্যাত বিজ্ঞানী টমাচ আলভা এডিছন !!!

No comments:

Post a Comment