Tuesday 20 August 2019

জোনবাইৰ আকাশত আমাৰ পৃথিৱীখন


পৃথিবীৰ মানুহে হয়তো এদিন জোনবাইৰ বুকুতো ঘৰ সাজি বসবাস কৰিব। জোনবাইৰ বুকুত থিয় হৈ তেওঁলোকে আকাশলৈ চাব। জোনবাইৰ আকাশত তেতিয়া জিলিকি থাকিব নীলা মাৰ্বল যেন বিশালাকাৰ পৃথিৱীখন, য'ত হয়তো তেওঁলোকৰ কোনো আত্মীয়ই বসবাস কৰে। সৰু শিশুবোৰক মাকে কোলাত লৈ পৃথিৱীখন দেখুৱাই ক'ব : সৌখন পৃথিৱীতেই তোমাৰ মামাহঁতৰ ঘৰ। আমি আমাৰ শৈশৱৰ মধুৰতম দিনবোৰ পাৰ কৰিছোঁ সেই সেউজীয়া পৃথিৱীখনতেই…!

অবাস্তৱ আৰু এবচাৰ্ড যেন এনে কথাবোৰ হয়তো  সোনকালেই বাস্তৱ হ'ব। মানুহ জোনবাইৰ বুকুত থিয় হৈ আকৃষ্ট হ'ব পৃথিৱীৰ প্ৰেমত। জোনবাইৰ আকাশে মানুহক সন্মোহিত কৰিব। মানুহৰ মন মগজুত বিভিন্ন ভাৱনাই ভৰ কৰিব। মনত অজস্ৰ প্ৰশ্নৰ উদয় হ'ব - পৃথিবীৰ পৰা যদি জোনবাইক মুৰৰ ওপৰৰ আকাশত দেখা যায়, তেন্তে জোনবাইৰ আকাশতো পৃথিৱী কেনেকৈ মুৰৰ ওপৰৰ আকাশত দৃশ্যমান ?? 

মহাবিশ্বত প্ৰকৃততে পূৱ, পশ্চিম, উত্তৰ, দক্ষিণ বা উৰ্ধ, অধঃ বুলি কোনো দিশ নাই। মহাবিশ্ব সকলো স্থানতেই সমান আৰু দিশহীন। আমি সদায়ে ব্যৱহাৰ কৰা পূৱ, পশ্চিম, উত্তৰ, দক্ষিণ বা উৰ্ধ, অধঃ আদি দিশবোৰ কেৱল পৃথিৱীৰ ক্ষেত্ৰতহে প্ৰযোজ্য। সেয়ে মহাকাশ আমাৰ বাবে সদায়েই ৰহস্যময়। তেনেদৰে জোনবায়ো ৰহস্যৰে ভৰা।জোনবাইৰ আকাশলৈ মুৰ তুলি চালে আমি বাৰু কি দেখিম ? 

আগতে উল্ল্যেখ কৰাৰ দৰেই জোনবাইৰ আকাশত আমাৰ মুৰৰ ওপৰত পৃথিৱীখন দেখা পাই নিজকে প্ৰশ্ন কৰিম - কোনটো সঁচা; পৃথিৱীৰ পৰা দেখা মুৰৰ ওপৰৰ জোনবাইটো নে জোনবাইৰ পৰা দেখা মুৰৰ ওপৰৰ পৃথিৱীখন ??

জোনবাইৰ আকাশত যেতিয়া পূৰ্ণিমা অৰ্থাৎ সম্পূৰ্ণ পৃথিৱীখন দেখা যায়, তেতিয়া পৃথিৱীৰ পৰা দেখা জোনবাইতকৈ প্ৰায় ৬ গুণ ডাঙৰকৈ আৰু ১৪ গুণ উজ্বল দেখা যায়। সেয়ে জোনবাইৰ বুকুত হোৱা পূৰ্ণিমা ৰাতিবোৰ আমাৰ পৃথিৱীতকৈ ১৪ গুণ উজ্বল। 

আমি পৃথিৱীৰ পৰা দেখা আকাশখন কি যে মনোৰম ! নীলাভ ৰঙৰ আকাশত মেঘৰ ছিটিকনিৰে অঁকা বিভিন্ন দৃশ্যপটবোৰৰ উপৰিওঁ নিশাৰ তৰালিয়ে জানো আকাশত বুটা নেবাচে? পিছে, জোনবাইৰ আকাশত মাথো সীমাহীন এন্ধাৰৰ মেলা। সুনীল আকাশৰ সলনি এখন ক'লা আকাশৰ আচ্ছাদনেৰে আবৃত আমাৰ মৰমৰ জোনবাই য'ত নাই সূৰ্যোদয়ৰ ৰঙীন পূৱাৰ মাদকতা অথবা সন্ধিয়াৰ হেঙুলী বৰণ। জোনবাইৰ নিজস্ব বায়ুমণ্ডল নথকাৰ বাবে জোনবাইৰ আকাশত পৃথিৱীৰ মাদকতা বিচাৰি পোৱা নেযাব।

পৃথিবীৰ দৰে বায়ুমণ্ডল নাই বাবে জোনবাইৰ আকাশত নিশা কোনো তৰাই তিৰবিৰ নকৰে। তৰাবোৰৰ পৰা অহা পোহৰ বায়ুমণ্ডলত বিচ্ছুৰিত হয় বাবেই তৰাবোৰে পৃথিৱীৰ বুকুত বাস কৰা মানুহৰ চকুত তিৰবিৰাই থকা যেন লাগে। জোনবাইত যিহেতু বায়ুমণ্ডল নাই সেয়েহে জোনবাইৰ আকাশত তৰাবোৰে তিৰবিৰাই নেথাকি স্থিৰ ভাবে থাকে।

পৃথিৱীৰ আকাশত জোনবাই উদিত হয় আৰু অস্তও যায়। কিন্তু জোনবাইৰ আকাশত পৃথিবী উদয় নহয় বা অস্তমিতও নহয়। বৰং জোনবাইৰ আকাশত পৃথিৱী সদায় একে স্থানতেই থাকে। ইয়াৰ কাৰণ কক্ষপথত জোনবাইৰ বিশেষ ধৰণৰ গতি যাৰ বাবে Tidal Locking হয়। (The Moon is tidally locked to the Earth because it rotates in exactly the same time as it takes to orbit the Earth) অৰ্থাৎ জোনবায়ে নিজ মেৰুদণ্ড সাপেক্ষে বৰ ধীৰ গতিত ঘূৰে যাৰ বাবে জোনবাইক পৃথিৱীৰ চৌপাশে এপাক ঘূৰিবলৈ যিমান সময় লাগে, নিজ মেৰুদণ্ড সাপেক্ষে এপাক ঘূৰিবলৈও সিমানেই সময় লাগে। সেয়েহে পৃথিৱীৰ পৰা জোনবাইৰ এটা ফালহে দেখা যায়। এই বিশেষ পৰিঘটনাটো যাক Tidal Locking বুলি কোৱা হয়, তাৰ বাবেই জোনবাইৰ বুকুত পৃথিৱী উদিত নহয় অথবা অস্তও নহয়। 

No comments:

Post a Comment