Monday 12 August 2019

সময় ভ্ৰমণ বা টাইম ট্ৰেভেল



আপুনি আজৰি পৰত এপাক ফুৰি আহিবগৈ নেকি? কলৈ যাব ফুৰিবলৈ - এহেজাৰ, দুহেজাৰ বছৰ আগৰ কোনো অতীতলৈ নে ভৱিষ্যতৰ আন এক জগতলৈ? সাধাৰণ দৃষ্টিত এয়া এক অদ্ভূত চিন্তাধাৰা। কিন্তু সময় পৰিক্ৰমাৰ স্কেলত আমি বাস কৰি থকা "বৰ্তমান"ৰ পৰা অতীত অথবা ভৱিষ্যতৰ অন্য এক সময়লৈ এপাক মাৰি অহাৰ বাসনা মানুহৰ মনত অতি পুৰণি কালৰ পৰাই জাগ্ৰত হৈ আহিছে। 

মানুহৰ সবাটোকৈ মূল্যবান বিষয়টোৱেই হ'ল সময়। মানুহে সময়ক বান্ধি ৰাখি নিজৰ জীৱনক স্থায়ীত্ব প্ৰদান কৰাৰ এক দুৰ্বাৰ বাসনা পুহি ৰাখিছে বহু যুগ ধৰি। কিন্তু মানুহৰ সকলো প্রচেষ্টাই যে ব্যর্থ ! সময়ক বান্ধি ৰাখিব পৰা এনে কোনো বৈজ্ঞানিক যন্ত্র বা সূত্ৰ আজিলৈ আবিষ্কাৰ হোৱা নাই। তথাপিও মানুহ থমকি ৰোৱা নাই। বিজ্ঞানীসকলে এইবাৰ আভাস দিছে নতুন এক সম্ভাবনাৰ। সেই সম্ভাৱনাৰ নামেই হ'ল "টাইম ট্রেভেল" বা সময় ভ্ৰমণ। বিজ্ঞানীসকলৰ মতে আমাৰ এই ইচ্ছা হয়তো বাস্তৱত পৰিণত হ'ব পাৰে। হয়তো আমি আমাৰ ভবিষ্যত অথবা অতীতৰ দিনবোৰত কেইদিনমান কটাই পুনৰ বৰ্তমানলৈ ঘূৰি আহিব পাৰিম। কিন্তু কেনেকৈ?

প্রথমে বুজিবলৈ চেষ্টা কৰো আহক "টাইম ট্রেভেল" বিষয়টা কি? মূলত এক নিৰ্দিষ্ট সময় মানৰ পৰা অতীত বা ভৱিষ্যতৰ সময়লৈ যাব পৰা এক সাম্ভাব্য যাত্ৰাৰ নামেই "টাইম ট্রেভেল" বা সময় ভ্রমণ। প্রকৃততে এই যাত্ৰা হৈছে সময়ৰ মাত্ৰা সাপেক্ষে কৰা এক ভ্রমণ। সৰুৰে পৰা আমি তিনিটা মাত্রা যেনে দীঘ, প্রস্থ আৰু উচ্চতাৰ লগত পৰিচিত। এই তিনিওটা মাত্রা সাপেক্ষে স্থান পৰিবর্তন তেনেই সম্ভব। কিন্তু বিজ্ঞানৰ বিভিন্ন বিষয় সমূহ বুজিবলৈ বিজ্ঞানীসকলে দহটা মাত্ৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। তাৰ ভিতৰত নুন্যতম চতুর্মাত্রিক এটি ধাৰণা বিজ্ঞানৰ অপৰিহাৰ্য। এই চতুৰ্মাত্ৰিক ধাৰণাত "সময়" চতুৰ্থ মাত্ৰা। অৰ্থাৎ দীঘ, প্রস্থ ও উচ্চতাৰ লগত সময় অভিন্ন। সময় অবিহনে বিজ্ঞানৰ কোনো তত্বই সঁচা নহয়। এই চাৰিটা মাত্ৰাৰ ভিতৰত আমি সহজেই দীঘ, প্রস্থ বা উচ্চতা সাপেক্ষে স্থান পৰিবৰ্তন কৰিব পাৰো যদিও আজিলৈকে চতুর্থ মাত্রা "সময়" সাপেক্ষে স্থান পৰিবর্তন সম্ভব হোৱা নাই। সময় মাত্ৰা সাপেক্ষে কোনো বস্তুৱে যদিহে স্থান পৰিবর্তন কৰে, তেন্তে এই স্থান পৰিবৰ্তনক "কালমাত্রিক সৰণ" বোলা হয়। এই কালমাত্ৰিক সৰণ হ'ব পাৰে অতীত ভ্রমণ অথবা ভবিষ্যত দৰ্শন। বর্তমান তাত্বিক পদার্থ বিজ্ঞানত সময় ভ্রমণ এটি অন্যতম ৰহস্যময় বিষয়।

সময় ৰহস্যময়। দাৰ্শনিক সত্বাই আমাক সচকিত কৰি সদাযেই কৈ আহিছে : সময় অনাদি, অনন্ত আৰু গতিশীল। গতিশীলতাই সময়ৰ ধৰ্ম। অথচ, গতিয়েই সময়ক প্ৰভাৱিত কৰি ইয়াৰ স্বৰূপ সলনি কৰিবলৈ বাধ্য কৰাইছে যাৰ বাবে সময় এই বিশ্বব্ৰহ্মাণ্ডৰ ক'ৰবাত খৰধৰকৈ আৰু আন ক'ৰবাত কইনাখোজীয়া গতিৰে ধীৰে ধীৰে প্ৰবাহিত হৈছে। 

দাৰ্শনিক এৰিষ্টট'লৰ মতে কোনো এজন পৰ্যবেশকৰ বাবে সকলোতেই স্থান আৰু কাল (সময়) একোটাকৈ পৰম ধাৰণা। আধুনিক বিজ্ঞানৰ বাটকটীয়া প্ৰসিদ্ধ বিজ্ঞানী আইজাক নিউটনেও একে সুৰতেই কৈছিল যে কোনো এটা বিশেষ ঘটনা কোন স্থানত আৰু কেতিয়া সংঘটিত হৈছে সেইটো ভিন ভিন স্থানৰ পৰা পৰ্যবেক্ষণ কৰা সকলো পৰ্যবেশকৰ বাবেই একে। অৰ্থাৎ স্থান আৰু কাল দুয়োটাই একো একোটা পৰম সত্য।

কিন্তু স্থান আৰু কালৰ "পৰম সত্য" ধাৰণাটোক মষীমূৰ কৰি এক নতুন সত্যৰ সন্ধান দিবলৈ আগবাঢ়ি আহিল মনিষী এলবাৰ্ট আইনষ্টাইন। তেখেতে যুক্তি আৰু গাণিতিক প্ৰমাণেৰে দেখুৱাই দিলে যে স্থান আৰু কাল দুয়োটাই অভিন্ন অৰ্থাৎ স্থান অবিহনে কাল বা কাল অবিহনে স্থানৰ অস্তিত্ব থাকিব নোৱাৰে। সেয়েহে স্থান বা কাল, কোনোটোৱেই পৰম নহয়, বৰং দুয়োটাই আপেক্ষিক। আইনষ্টাইনে থিকেই বুজিছিল যে কোনো এটা বস্তু ক'ত আছে সেইটো সঠিক ভাবে বর্ণনা কৰিবলৈ হ'লে কেৱল বস্তুটোৰ অৱস্থানেই যথেষ্ঠ নহয়, একেলগে অৱস্থানৰ সময়টোও জানিব লাগিব। অর্থাৎ অৱস্থানৰ তিনি মাত্রিক বা three spatial directions যেনে x, y আৰু z অক্ষৰ স্থানাংকৰ লগত সময়ক সংযুক্ত কৰি এক চাৰি-মাত্রিক (4 Dimensional) "স্থান-কাল" বা Space-Time সৃষ্টি কৰি ল'ব লাগিব। সেয়েহে স্থান আৰু কাল অভিন্ন।

পিছে, ৰহস্যময় সময় ভ্ৰমণ সঁচাকৈয়ে সম্ভৱ হ'বনে? বিজ্ঞানী আলবার্ট আইনষ্টাইনৰ মতে টাইম ট্রাভেল সম্ভব। তেখেতৰ অন্যতম বৈজ্ঞানিক আৱিষ্কাৰ থিওৰি অফ ৰিলেটিভিটি অনুসৰি কোনো বস্তুৱে যেতিয়া পোহৰৰ গতিত যাত্ৰা আৰম্ভ কৰে, তেতিয়া সেই বস্তুটোৰ ভৰ শূণ্য হয়। তেনে ক্ষেত্ৰত বস্তুটোৰ বাবে সময় স্থিৰ হৈ পৰিব। আমি জানো যে পোহৰৰ বেগ সর্বাধিক। যদি পোহৰৰ সমান বেগত গতি কৰা কোনো মহাকাশযানত উঠি আমি অন্য কোনো সৌৰজগত এখনলৈ যাত্রা কৰি পৃথিৱী সাপেক্ষে এবছৰ পিছত পুনৰ পৃথিবীলৈ ঘুৰি আহো, তেন্তে দেখিম যে ইতিমধ্যে পৃথিৱীত কেইবাশ বছৰ পাৰ হৈ গৈছে। অৰ্থাৎ পোহৰৰ বেগত গতি কৰা মহাকাশযানৰ যাত্ৰীৰ বাবে সময় স্থিৰ অথবা অতি লেহেমীয়া হৈ পৰিছে। অৰ্থাৎ তাত্বিক ভাবে আইনষ্টাইনৰ আপেক্ষিকতাবাদ অনুসৰি সময় ভ্রমণ সম্ভব।

বিজ্ঞানী সকলৰ মতে সময় এবিধ মাত্ৰা বা dimension আৰু ই শক্তিৰ আন্দোলিত অৱস্থাৰ ওপৰত নির্ভৰশীল এটা পৰিমাপ মাথোন। সেইবাবেই পোহৰৰ বেগ কোনো কোনো অতিশয় ভৰযুক্ত পদাৰ্থৰ দ্বাৰা বাধাপ্রাপ্ত বা আকৃষ্ট হলে সময়ৰ প্ৰসাৰণ বা time dilation হয়। তেনে ধৰণৰ ঘটনাই কৃষ্ণগহ্বৰত সংঘটিত হয়। অৰ্থাৎ কৃষ্ণগহ্বৰত ঋণাত্মক সময় বা negative time পোৱা সম্ভব ! সহজ ভাষাত ক'বলৈ হ'লে কৃষ্ণগহ্বৰত বৰ্তমানৰ পৰা ভৱিষ্যতৰ সলনি অতীতলৈ ঘূৰি যাব পাৰি কাৰণ কৃষ্ণগহ্বৰৰ ভিতৰৰ আৰু বাহিৰৰ সময়ৰ পৰিমাপ একে নহয়। আনহাতে সময়ৰ লগত এনট্ৰপিৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। কিন্তু এনট্ৰপি মানেই বা কি? 

কোনো তন্ত্ৰ এটাত শক্তিৰ ৰূপান্তৰ বা আদান প্ৰদানৰ অসম্ভৱতাকে এনট্রপি বোলা হয়। যদি দুটি বস্তুৰ মাজত তাপমাত্রাৰ পার্থক্য থাকে তেন্তে বেছি তাপমাত্রাৰ বস্তুটোৰ পৰা কম তাপমাত্রাৰ বস্তুটোলৈ তাপশক্তি প্রবাহিত হয়। অর্থাৎ শক্তিৰ ৰূপান্তৰ বা আদান প্ৰদান সম্ভব হয়। এটা সময়ত এই বস্তুদুটাৰ মাজত তাপৰ আদান প্রদানৰ সাম্যাবস্থা সৃষ্টি হ'ব। এনে সাম্যাবস্থাত এনট্রপি বেছি হোৱা বুলি কোৱা হয়। বিজ্ঞানী সকলৰ মতে আমাৰ মহাবিশ্বৰ এনট্রপি ক্রমাগত ভাবে বাঢ়ি গৈছে। মহাবিশ্ব সৃষ্টিৰ সময়ত এনট্রপিৰ মান আছিল 10^88 আৰু বর্তমান মহাবিশ্বৰ এনট্রপিৰ মান হৈছে 10^101। বিজ্ঞানৰ মতে মহাবিশ্বৰ এনট্রপিৰ সৰ্বোচ্চ মান 10^120 আৰু তাৰপিছত মহাবিশ্বৰ ক'তো কোনো শক্তিৰ ৰূপান্তৰণ সম্ভৱ নহ'ব। অৰ্থাৎ শক্তিৰ ৰক্ষনশীলতাৰ নীতিৰ বিৰুদ্ধাচৰণ কৰি শক্তিৰ মৃত্যু ঘটিব ! যিহেতু শক্তি অবিহনে শক্তিৰ আন্দোলিত অৱস্থাৰ ওপৰত নির্ভৰশীল পৰিমাপটো যুক্তিহীন হৈ পৰিব, তেতিয়াই মৃত্যু ঘটিব সময়ৰ !!

পথেৰে খোজকাঢ়ি যাওতে আমি যেনেদৰে আগলৈ বা পিছলৈ - দুয়ো দিশে যাব পাৰি, সময়ৰ ক্ষেত্ৰত বাৰু তেনে সম্ভৱনে? কথিত আছে যে সময়ৰ টিকনি আগফালে উৰে। অৰ্থাৎ সময় সদায় পাখি লগা কাড়ৰ দৰে আগুৱাইহে যায়, পিছুৱাই নাহে। কিন্তু কথাটো সঁচা নহ'বও পাৰে। কৃষ্ণগহ্বৰৰ ঋণাত্মক সময় বা "negative time"ৰ ধাৰণাটো আকৌ এবাৰ মনলৈ আনিলে দেখিম যে কৃষ্ণগহ্বৰত সময়ে আমাকে ধীৰে ধীৰে ভবিষ্যতৰ সলনি অতীতলৈ কঢ়িয়াই নিছে।

সময় ভ্রমণৰ ধাৰণাটো কৃষ্ণগহ্বৰৰ ঘটনা দিগন্ত বা "ইভেণ্ট হ'ৰাইজনটো" সম্ভৱ। কৃষ্ণগহ্বৰ হ'ল বিশাল নক্ষত্ৰৰ এক দুর্দশাপূর্ণ অৱস্থা। কৃষ্ণগহ্বৰে সকলো বস্তুকেই প্ৰচণ্ড মহাকৰ্ষণ বলেৰে নিজৰ পিনে টানে। এই মহাকৰ্ষণ ইমানেই তীব্ৰ যে কোনো বস্তু আনকি পোহৰো এক নির্দিষ্ট সীমাৰ ভিতৰলৈ আহি গ'লে সেই বস্তুটো আনকি পোহৰো কৃষ্ণগহ্বৰৰ পৰা ঘূৰি অহা সম্ভব নহয়। সেই সীমাৰেখা ডালেই কৃষ্ণগহ্বৰটোৰ ঘটনা দিগন্ত। ধৰি লোৱা হওঁক আপুনি এখন মহাকাশযানত উঠি কৃষ্ণগহ্বৰৰ আশপাশে থকা ঘটনা দিগন্তৰ ওচৰেৰে কৃষ্ণগহ্বৰটোৰ চৌদিশে ভ্রমণ কৰি আছে। এই ক্ষেত্ৰত আপোনাৰ মহাকাশযানৰ ভিতৰত সময় প্ৰায় স্থবিৰ হৈ পৰিব। তেনে অৱস্থাত আপুনি পৃথিৱী সাপেক্ষে ভৱিষ্যতৰ এখন জগতত প্ৰৱেশ কৰিব।

টাইম ট্ৰেভেল বিষয়টিক সমর্থন কৰা আন এটি ধাৰণা হ'ল "ওর্মহোল" বা কীটগহ্বৰ। কীটগহ্বৰ মানেনো কি? কেতিয়াবা এক দীঘলীয়া আৰু আমনিদায়ক যাত্ৰা এটিৰ আৰম্ভণিতে প্ৰায়েই আমাৰ মনলৈ আহিব পৰা এটা চিন্তা - কেনেবাকৈ এই দীঘলীয়া পথটো যদি তেনেই চমু কৰি মূহুৰ্তৰ ভিতৰতে যাত্ৰাটো সম্পূৰ্ণ কৰিব পৰা হ'লহেতেন ! হয়, আপুনি বা মই ভবাৰ দৰেই এইটো সম্ভৱ হৈ উঠিব পৰা এটি ধাৰণাই হ'ল Wormhole বা  কীটগহ্বৰ। বিজ্ঞানৰ ভাষাত বিশাল মহাকাশৰ কেইবা লক্ষ আলোকবৰ্ষ দূৰত্বত অৱস্থিত দুখন তাৰকাৰাজ্যৰ মাজৰ এটি পোনপটীয়া আৰু অতি চমু সংযোগ ব্যৱস্থাকেই কীটগহ্বৰ বোলা হয়। বিজ্ঞানীসকলৰ মাজত সততে আলোচনা হোৱা এই কীটগহ্বৰৰ ধাৰণাটো যদি বাস্তৱসন্মত হয়, তেন্তে মহাকাশৰ বিশালতা মানুহৰ বাবে তেনেই নগন্য হৈ পৰিব। কীটগহ্বৰৰ ধাৰণাটো মনীষী এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ আলমত গঢ় লৈ উঠিছিল। তেখেতৰ মতে স্থান আৰু সময় দুয়োটাই অভিন্ন আৰু এই দুয়োটাই মহাকৰ্ষণ বলৰ প্ৰভাৱত বা কোনো পদাৰ্থৰ ভৰৰ বাবে সমতলীয় ভাবে নেথাকি বক্ৰ হৈ থাকিব পাৰে। যেতিয়াই স্থান আৰু কাল (সময়) বক্ৰ হৈ পৰে, তেতিয়াই বহু দূৰত অৱস্থিত দুটা স্থান তেনেই ওচৰ চাপি আহিব পাৰে। 

কথাটো সহজ ভাবে বুজিবলৈ এখন ফুলস্কেপ কাগজৰ দুই মূৰে দুটা সৰু বৃত্ত আঁকি লৈ লক্ষ্য কৰিলে দেখা যাব যে সমতল কাগজখনৰ পিঠিত বৃত্ত দুটাৰ মাজত সমতলীয় ভাবে যথেষ্ট দূৰত্ব আছে। এতিয়া কাগজখন সাৱধানে এনেদৰে দুভাঁজ কৰা হ'ল যাতে কাগজত অঁকা বৃত্ত দুটা এটা আনটোৰ থিক ওপৰত অৱস্থান কৰে। এতিয়া গঁজাল এটাৰে ফুটা কৰি কাগজত অঁকা বৃত্ত দুটা সংলগ্ন কৰিলে, এই ফুটাটোৱেই হ'ব বেঁকাকৈ ভাঁজ কৰা কাগজত অঁকা বৃত্ত দুটাৰ মাজৰ পোনপটীয়া আৰু আটাইতকৈ চমু পথ। ধৰি লওক কাগজৰ বৃত্ত দুটা আমাৰ মহাবিশ্বৰ দুখন তাৰকাৰাজ্য, তেন্তে গঁজালেৰে কাগজত কৰা ফুটাটোৱেই হ'ব দুই তাৰকাৰাজ্যৰ মাজৰ আটাইতকৈ চমু পথ বা কীটগহ্বৰ। যদি মহাকাশৰ অতি বিশাল দূৰত্ব অতিক্ৰম কৰিবলৈ আপুনি কীটগহ্বৰেৰে যাত্ৰা আৰম্ভ কৰে, আপুনি সময় ভ্ৰমণ কৰি ভৱিষ্যতৰ জগতত প্ৰবেশ কৰিব।

টাইম ট্রেভেলেৰ জৰিয়তে ভৱিষ্যতৰ জগতত প্ৰবেশ কৰাৰ বৈজ্ঞানিক তত্ব আছে যদিও ইয়াৰ জৰিয়তে অতীতত এভূমুকি মৰাৰ সম্ভাৱনাত কিছু শংকা আছে। কিছুমান বিষয় আছে, যিবোৰে টাইম ট্রেভেলৰ জৰিয়তে অতীতত পৰিভ্ৰমণ কৰাত অনিশ্চয়তাৰ সৃষ্টি কৰিছে। এনে অনিশ্চয়তাবোৰক টাইম ট্রেভেল পেৰাডক্স (Time Travel Paradox) বোলা হয়। বাস্তৱক্ষেত্ৰত সময় পৰিভ্ৰমণ এক অসম্ভৱ অধ্যায়। তথাপিও বিজ্ঞানী সকলৰ জল্পনা কল্পনাৰ শেষ নাই। নিতৌ ন ন গৱেষণাই নতুন নতুন সম্ভাৱনাৰ বাট দেখুৱাইছে। কীটগহ্বৰৰ সহায়তেই হওঁক বা ঋণাত্মক শক্তিৰ(!) সহায়তেই হওঁক, বিজ্ঞানীসকলে অহৰহ প্ৰচেষ্টা চলাই আহিছে সময়ৰ টিকনিডাল পিছফালে ঘূৰাই অতীতত এভূমুকি মৰাৰ অসাধ্য সাধনৰ বাবে।

No comments:

Post a Comment