জ্যোতির্বিজ্ঞানী সকলে গণনা কৰি পাইছে যে আজিৰ পৰা প্ৰায় ৪৫০ বিলিয়ন বছৰৰ আগত পৃথিবী সৃষ্টি হৈছিল। আনহাতে পৃথিৱীৰ উপগ্রহ জোনবাইৰ সৃষ্টি হৈছিল তাৰ ৫০ বিলিয়ন বছৰ পিছত। আচৰিত কথাটো হ'ল এই যে আজিৰ পৰা ৪০০ বিলিয়ন বছৰ আগত আমাৰ পৃথিৱী আৰু শিশু জোনবাইৰ মাজৰ দূৰত্ব আছিল মাত্ৰ ২৫ হাজাৰ কিলোমিটাৰ !
তাৰপিছত ক্ৰমান্বয়ে জোনবাইটো পৃথিৱীৰ পৰা আঁতৰি গৈ থাকিল আৰু এই প্ৰক্ৰিয়াটো আজিও চলিয়েই আছে। কিন্তু কিয় বাৰু পৃথিৱীৰ পৰা ধীৰে ধীৰে আঁতৰি গৈ আছে আমাৰ মৰমৰ জোনবাইটো ?
জোনবাই পৃথিবীৰ একমাত্র প্রাকৃতিক উপগ্রহ। আকাৰ অনুসৰি জোনবাই সৌৰজগতৰ পঞ্চম বৃহৎ উপগ্রহ। পৃথিবীৰ কেন্দ্রৰ পৰা জোনবাইৰ কেন্দ্ৰলৈ গড় দূৰত্ব ৩৮৪,৩৯৯ কিলোমিটাৰ। জোনবাইৰ ব্যাস প্ৰায় ৩,৪৭৪ কিলোমিটাৰ আৰু ই পৃথিবীৰ ব্যাসৰ এক-চতুর্থাংশ। ব্যাসৰ এই অনুপাতিক পৰিমাপৰ সহায়ত সহজেই নিৰ্ধাৰণ কৰিব পাৰি যে জোনবাইৰ আয়তন পৃথিবীৰ আয়তনৰ ৫০ ভাগৰ ১ ভাগ মাত্ৰ। জোনবাইৰ আয়তন আৰু ভৰ দুয়োটাই পৃথিৱীৰ তুলনাত যথেষ্ঠ কম হোৱা বাবে ইয়াৰ মাধ্যাকর্ষণ বল পৃথিবীৰ মাধ্যাকৰ্ষণ বলতকৈ ছয় গুণ কম। জোনবায়ে প্রতি ২৭.৩২১ দিনত পৃথিবীৰ চৌদিশে এটা আবর্তন সম্পূৰ্ণ কৰে যদিও প্রতি ২৯.৫ দিনৰ মূৰতহে এটা চন্দ্র কলা সম্পূৰ্ণ হয়। সৌৰজগতত পৃথিবী, জোনবাই আৰু সূর্যৰ পাৰস্পৰিক জ্যামিতিক অৱস্থানৰ পর্যায়ক্রমিক পৰিবর্তনৰ কাৰণেই চন্দ্র কলাৰ এই পর্যানুক্রমিক আৱর্তন ঘটি থাকে।
বেৰিকেন্দ্র নামৰ এক সাধাৰণ অক্ষ সাপেক্ষে পৃথিবী আৰু জোনবাইৰ ঘূর্ণনৰ ফলত যি মহাকৰ্ষণীয় আকর্ষণ বলৰ তথা অপকেন্দ্রীক বল সৃষ্টি হয় তাৰ পৰিনাম স্বৰূপে পৃথিবীত জোৱাৰ-ভাটা সৃষ্টি হয়। যেতিয়া দুটা মহাজাগতিক পদাৰ্থৰ এটাই আনটোক পৰিক্ৰমা কৰে, যেনে জোনবাই যেতিয়া পৃথিৱীৰ চৌদিশে ঘূৰে তেতিয়া কেবল যে জোনবায়েহে পৃথিৱীৰ চৌদিশে ঘূৰে, তেনে নহয়। বৰং পৃথিৱী আৰু জোনবাই - দুয়ো এটাই আনটোৰ চৌদিশে এক নিৰ্দিষ্ট বিন্দুক কেন্দ্ৰ কৰি ঘূৰে। এই বিশেষ বিন্দুটোকেই মহাজাগতিক পদাৰ্থ দুটা যেনে পৃথিৱী আৰু জোনবাইৰ বেৰিকেন্দ্ৰ বা উমৈহতীয়া কেন্দ্ৰ বোলে। এই বেৰিকেন্দ্ৰ সাপেক্ষে পৃথিৱী আৰু জোনবাই দুয়ো পৰস্পৰে পৰস্পৰৰ চৌদিশে ঘূৰা বাবে পৃথিৱীৰ মহাসাগৰীয় জলৰাশিৰ ওপৰত জোনবাইৰ আকৰ্ষণ বল আৰু পৃথিৱীৰ অপকেন্দ্ৰিক বলে উমৈহতীয়া ভাবে কাম কৰে আৰু সমূদ্ৰত জোৱাৰ ভাটাৰ সৃষ্টি হয়। এই জোৱাৰ ভাটাই মহাকৰ্ষণীয় বলৰ কিছু শক্তি শোষণ কৰে আৰু তাৰ ফলশ্ৰুতিত পৃথিৱীৰ ঘূৰ্ণন গতিও কিছু পৰিমানে ধীৰ হৈ পৰে। আচৰিত হ'লেও সত্য যে ইয়াৰ ফলত পৃথিৱীত এটা সম্পূৰ্ণ দিনৰ পৰিমাপ লাহে লাহে ২৪ ঘণ্টাতকৈ বেছি হৈ আহিছে। বৈজ্ঞানিক সকলে হিচাব কৰি উলিয়াইছে যে বিগত এশ বছৰত পৃথিৱীৰ এটা সম্পূৰ্ণ দিনৰ দৈৰ্ঘ ১.৪ মিলি ছেকেণ্ড বাঢ়ি গৈছে। বিজ্ঞানী সকলৰ মতে ৬৪০ মিলিয়ন বছৰ আগতে পৃথিৱীত এটা সম্পূৰ্ণ দিনৰ পৰিমাপ আছিল মাত্ৰ ২২ ঘন্টা। কিন্তু জোৱাৰ ভাটা আৰু বেৰিকেন্দ্ৰ সাপেক্ষ উমৈহতীয়া ঘূৰ্ণনৰ বাবে অহা ৩০০ মিলিয়ন বছৰৰ পিছত পৃথিৱীৰ একোটা সম্পূৰ্ণ দিন ২৬ ঘন্টীয়া হ'ব।
সমূদ্ৰত সৃষ্টি হোৱা জোৱাৰ ভাটা আৰু বেৰিকেন্দ্ৰ সাপেক্ষে হোৱা পৃথিৱী আৰু জোনবাইৰ ঘূৰ্ণনে শোষিত কৰা শক্তিৰ পৰিনাম স্বৰূপে পৃথিবী আৰু জোনবাইৰ কক্ষপথৰ মাজত বিভব শক্তি হ্ৰাস পোৱাৰ উপৰিও ই পৃথিৱী আৰু জোনবাইৰ মাজৰ মহাকৰ্ষণ বলকো প্ৰভাৱিত কৰিছে। তদুপৰি ক্ৰমে স্তিমিত হৈ অহা পৃথিৱীৰ ঘূৰ্ণনৰ ফলত জোনবায়ে নিজৰ কক্ষপথত তুলনামূলক ভাবে বেছি দূৰ আগবাঢ়ি যাবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত প্ৰতি বছৰে জোনবাই আমাৰ পৃথিৱীৰ পৰা প্ৰায় চাৰি ছেণ্টিমিটাৰ কৈ আঁতৰি যাব ধৰিছে। যেতিয়ালৈ পৃথিবীত জোৱাৰ-ভাটা থাকিব, তেতিয়ালৈ এই প্ৰক্ৰিয়া অব্যাহত হৈ থাকিব। আৰু এদিন আমাৰ জোনবায়টো পৃথিৱীৰ মহাকৰ্ষণ বলৰ পৰা সম্পূৰ্ণ মুক্ত হৈ এক নতুন কক্ষপথেৰে পৃথিৱীৰ সলনি সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰিব।
No comments:
Post a Comment