Thursday 26 October 2023

ফুটবল আৰু মোৰ শৈশৱৰ দিনবোৰ



তেতিয়া মই পঞ্চম শ্ৰেণীৰ ছাত্ৰ। ধান কটাৰ পিছত গাঁওৰ খেতি পথাৰবোৰ মুকলি হ'লে আমাক আৰু কোনে পায়! গাঁওৰ কাণসমনীয়া ল'ৰাবোৰ দুইভাগত ভাগ হৈ দুটা দল বনাই আমি ফুটবল খেলো। সেই সময়ত চামৰাৰ ফুটবলবোৰ আমাৰ বাবে বৰ মহঙা সম্পদ আছিল। সেয়ে আমি ৰবাব টেঙা ৰ'দত শুকুৱাই সেইটোকে লৈ আবেলি সময়ত ফুটবল খেলো। আমাৰ লগত একাধিক ৰবাব টেঙাৰ "ফুটবল" মজুত থাকে, কিয়নো সেই টেঙাবোৰ কিছু সময় খেলাৰ পিছত ফাটি গৈছিল অথবা কেতিয়াবা ওচৰৰে বিহলঙনিৰ চোপাৰ মাজত অথবা ঘনকৈ গজি উঠা কাষৰে ঢেকীয়ানী ডৰাৰ মাজত হেৰাই গৈছিল।
ফুটবল খেলাৰ সময়ত কিছুমান আমোদজনক নিজস্ব নিয়মো আমাৰ খেলবোৰত প্ৰযোজ্য হৈছিল। তেনে কিছুমান নিয়ম এনে ধৰণৰ:
ক) খেল শেষ হোৱাৰ কোনো নিৰ্দিষ্ট সময় নাই। আমি যেতিয়ালৈ ভাগৰুৱা হৈ নপৰো, তেতিয়ালৈ খেল চলিয়েই থাকিব।
খ) "অফচাইড" ৰুল (নিয়ম) নাই। (আচলতে এই ৰুলটো বুজিও নেপাইছিলোঁ)।
গ) যিটো দল হাৰে, পিছ দিনা সেইটো দলে ৰবাব টেঙা যোগাৰ কৰি আনিব লাগিব।
ঘ) আন চুবুৰীৰ ল'ৰাৰ লগত ফুটবল খেল হ'লে নিজৰ গ'লপোষ্ট দুটাৰ কাষৰ মাটিত দুটা পকা জলকীয়া পুতি থোৱা। (আমাৰ বিশ্বাস আছিল যে জলকীয়া পোতা গ'লপোষ্টৰ দিশত গ'ল নহয়!) এবাৰ দুবাৰ মান আমাৰ লগৰে বীৰেনৰ ককাদেউতাকৰ হতুৱাই ৰবাব টেঙা জাৰিও আনিছিলো।
ঙ) নিজৰ মাজত হোৱা খেলবোৰত সকলোতকৈ ভাল খেলুৱৈ এজনৰ বিপৰীতে আনটো দলে চৰ্ত সাপেক্ষে এজন অতিৰিক্ত খেলুৱৈ অন্তৰ্ভুক্ত কৰিব পাৰে। ইত্যাদি ইত্যাদি।
দিনবোৰ এনেদৰেই আগবাঢ়ি গৈছিল। এনেতে ভাৰতীয় সৈন্য বাহিনীত সেৱা আগবঢ়াই অৱসৰ লোৱা এজন সৈনিক আমাৰ গাঁওলৈ স্থায়ী ভাবে থাকিবলৈ আহিল। তেখেতৰ সৰু ল'ৰাজন আমাৰ বয়সৰেই। সিও আহি আমাৰ লগতে ৰবাব টেঙা গুৰিয়ায়। এদিন ৰবাব টেঙা গুৰিয়াই তাৰ ভৰিখন ফুলি উঠিছিল। বিষ-বেদনাত অস্থিৰ হৈ খেল আধাতে সামৰি সি বহি ৰ'ল। তাৰপিছত কেইবাদিনো তাৰ দেখা দেখি নাই।
এদিন হঠাতে সি হাতত এটা চামৰাৰ নতুন ৩ নম্বৰী ফুটবল লৈ আমি ৰবাব টেঙাৰে ফুটবল খেলি থকা পথাৰত হাজিৰ হ'লহি। আমি আচৰিত হৈ তালৈ চাই ৰ'লো। কাৰো মুখত মাত নাই। কিছুপৰ মৌনতাৰ পিছত আমাৰ লগৰ সমীৰণে দুবাৰ মান সেপ ঢুকি কোনোমতে মাতটো উলিয়াই সুধিলে : ধীৰাজ, তোৰ হাতত থকা বলটো কাৰ অ?
যুদ্ধ জয় কৰি অহা সৈনিকৰ দৰে গৰ্বিত হৈ এক বিশেষ ভংগীত হাতৰ ফুটবলটো মাটিত পেলাই দি সোঁভৰি খন বলটোৰ ওপৰত থৈ সি ক'লে : মোৰ হয়। এতিয়াৰ পৰা আমি এইটোৰেই ফুটবল খেলিম…
তাৰ কথা শেষ হ'বই নেপালে। আমি আনন্দত আত্মহাৰা হৈ চিঞঁৰি উঠিলোঁ। এবাৰ বলটো চুই চাবলৈ আমাৰ মনবোৰে কূটকূটাই আছিল। এইবাৰ সি ফুটবলটো দুইহাতেৰে বুকুৰ ওচৰত তুলি লৈ ক'বলৈ ধৰিলে: এই চামৰাৰ ফুটবলেৰে খেলিবলৈ হ'লে তহতে মোৰ কথা মতে চলিব লাগিব। হ'বনে?
আমি একেস্বৰে চিঞঁৰি উঠিলো : হ'ব!
: থিক আছে তেন্তে। - ধীৰাজে ক'লে।
সিদিনা আৰু আমাৰ আৰু ফুটবল খেলা নহ'ল। চামৰাৰ নতুন ফুটবলটো হাতেৰে লিৰিকি বিদাৰি চাওতেই, নাকৰ ওচৰলৈ তুলি ধৰি তাৰ গোন্ধ লওঁতেই বেলি ডুবু ডুবু হ'ল।
তাৰ পিছদিনাৰ পৰা স্কুলৰ পৰা আহিয়েই নাকে মুখে দুগঢ়াহ গুজি চিধাই খেলপথাৰ। ইতিমধ্যে ফুটবলৰ গৰাকী ধীৰাজে খেলৰ বাবে নতুন নিয়ম বনাইছে। সেইবোৰ সি আমাক এটা এটাকৈ বুজাইছে আৰু আমাক মানিবলৈ বাধ্য কৰাইছে। আমিও মানিবলৈ বাধ্য। ইতিমধ্যে আমি মানি লোৱা নিয়মবোৰ এনেধৰণৰ :
ক) যিহেতু আমাৰ জাৰ্চি নাই, সেয়ে এটা দলে গেঞ্জী পিন্ধি আৰু আনটো দলে খালী গাৰে ফুটবল খেলিব লাগিব। (ধীৰাজৰ দলটোৱে কিন্তু সদায়ে গেঞ্জী পিন্ধিব)।
খ) খেলি থাকোতে যদি বলটো খেলপথাৰৰ পৰা বহু দুৰলৈ গুছি যায়, যিজনে বলটো গুৰিয়াইছিল তেৱেই বলটো আনিব লাগিব।
গ) আপেক্ষিক ভাবে শকত আৱত ল'ৰা কেইজন গ'লৰক্ষক হিচাবে থাকিব লাগিব।
ঘ) ফুটবলত পাম্প দিবলৈ পাল পাতি দুয়োটা দলে প্ৰায় আধা কি:মি: দূৰৰ চাইকেল দোকানলৈ যাব লাগিব।

এতিয়া মনত পৰে চাইকেলৰ চিটত নবহাকৈ (চিটত বহিলে পেডেল ঢুকি নেপাও বাবে) চাইকেলৰ ফ্ৰেইমটোৰ মাজেৰে সোঁভৰিখন সুমুৱাই দি সোঁ পেডেল আৰু বাওঁভৰিখন বাওঁ পেডেলত থৈ চাইকেল চলাই ফুটবলত পাম দিবলৈ কানাই দাৰ চাইকেল দোকানলৈ যোৱাৰ কথা। সেইবোৰৰ দিনৰ স্মৃতিয়ে এতিয়াও আমনি কৰে। এটা জেতুকা বুলীয়া
সপোনৰ দৰে সেই সোনালী শৈশৱক এতিয়াও বান্ধি ৰাখিছো আলফুলে, সযতনে আৰু সংগোপনে……!

No comments:

Post a Comment