Saturday 25 November 2023

আৱিষ্কাৰৰ আঁৰৰ সপোনবোৰ

আমি প্ৰায়ে “সপোনত পোৱা ঔষধ” বুলি এষাৰ কথা শুনি আহিছো। ই এক বিতৰ্কিত বিষয় হ'লেও এইটো সচাঁ যে আধুনিক সভ্যতাৰ বহুতো উদ্ভাৱন বা আৱিষ্কাৰ সপোনৰ জৰিয়তে সম্ভৱ হৈছে। এই কথা আৱিষ্কাৰৰ আঁৰৰ বিজ্ঞানীসকলেও স্বীকাৰ কৰি গৈছে। ১৮৮৬ চনত ইংলেণ্ডৰ প্ৰখ্যাত লেখক লুই ষ্টিভেনচনে সপোনতেই তেখেতৰ বিখ্যাত উপন্যাস “দ্যা ষ্ট্ৰেঞ্জ কেছ অব ডাঃ জেকিল এণ্ড মিঃ হাইড”ৰ ধাৰণা বিচাৰি পাইছিল। ঠিক তেনেদৰে বিজ্ঞানী নেইল ব’ৰে পৰমাণুৰ গঠনৰ ধাৰণাটো সপোনত পোৱা বুলি উল্ল্যেখ কৰিছিল। আনকি সৰ্ব কালৰ মহান বিজ্ঞানী আইনষ্টাইনে হেনো এবাৰ সপোনত দেখিছিল তেওঁ যেন পৰ্বতৰ ওপৰৰ পৰা ক্ৰমাৎ নামি আহি আছিল। অৱৰোহনৰ সময়ত তেওঁৰ গতিবেগ লাহে লাহে বৃদ্ধি পাব ধৰিলে। সপোনত তেওঁৰ গতিবেগ ইমানেই বেছি হ’ল যে লাহে লাহে তেওঁ পোহৰৰ গতিবেগৰ সমপৰ্যায়ৰ গতিবেগ লাভ কৰিলে! সেই সময়ত তেওঁৰ চকুৰ আগত যেন গোটেই ব্ৰহ্মাণ্ডখন সংকুচিত হৈ পৰিল! তৰাবোৰৰ আকৃতিৰ পৰিৱৰ্তনে দেখা দিলে। সাৰ পাই উঠি কিছুপৰ ভাবি-গুনি এই গোটেই পৰিঘটনাটোক তেওঁ এক গাণিতিক ৰূপ দিবলৈ চেষ্টা কৰিলে। কালক্ৰমত সেই গাণিতিক ৰূপেই তেখেতৰ বিখ্যাত আপেক্ষিকতাবাদৰ ধাৰণাটিৰ জন্ম দিয়ে।

সপোন সদায়ে মানুহৰ বাবে এক ৰহস্য। এই ৰহস্যৰ যেন শেষ নাই। মগজুৰ জটিল প্ৰক্ৰিয়া সমূহ যিমানেই বিজ্ঞানীসকলে ধৰা পেলাইছে, সিমানেই যেন বিজ্ঞানীসকল এক দুৰ্বোধ্য চক্ৰবেহুৰ মাজলৈ সোমাই গৈ আছে! আমি কিয় সপোন দেখো? সপোনবোৰৰ বাস্তৱ জগতৰ লগত কিবা সংযোগ আছেনে? এনে অনেক প্ৰশ্নই বিজ্ঞানীসকলৰ লগতে সকলো শ্ৰেণীৰ মানুহকেই ভবাই তোলে। প্ৰাচীন কালত সপোনক কিছুমান ঐশ্বৰিক বাৰ্তাৰ সাংকেতিক প্ৰকাশ বুলি কোৱা হৈছিল। এই ধাৰণা আমাৰ মন মগজুত এনেদৰে সোমাই গৈছে যে আজিও আমাৰ ব্যক্তিগত জীৱনত এটা নিৰাশজনক সপোনে অনাগত দিনবোৰৰ বাবে ভীতি সঞ্চাৰ কৰে। 

১৮৯৯ চনত সৰ্ব্ব প্ৰথমে সপোন সম্বন্ধে যুক্তিপূৰ্ণ ব্যাখ্যা আগবঢ়াইছিল ছিগমণ্ড ফ্ৰয়দে। তেখেতে “ইন্টাৰপ্ৰিটেচন অৱ ড্ৰিম” নামৰ এখন কিতাপখনত প্ৰকাশ কৰা অনুসৰি সপোন হ’ল মানুহৰ অৱদমিত বাসনাৰ গোপন প্ৰকাশ। সপোনেই মানুহৰ অৱচেতন মনৰ বতৰা দিয়ে। ছিগমণ্ড ফ্ৰয়দৰ তত্ব মতে মানুহৰ অচেতন মনটো কামনা, বাসনা আদিৰে পৰিপূৰ্ণ। এই অচেতন মনক সচেতন মনে যুক্তিবাদী বিশ্লেষণৰ জৰিয়তে নিয়ন্ত্ৰণ কৰি ৰাখে। কিন্তু নিদ্ৰামগ্ন অৱস্থাত যেতিয়া সচেতন মন সুপ্ত অৱস্থাত থাকে, তেতিয়া অৱচেতন মনৰ অৱদমিত বাসনাবোৰে সপোন আকাৰে ধৰা দিয়ে। তেখেতৰ মতে, এই সপোনবোৰ যদি সঠিক ৰূপত বিশ্লেষণ কৰা যায় তেন্তে ব্যক্তি এজনৰ মনৰ গোপন কথাবোৰৰ উমান পোৱা সম্ভৱ হৈ পৰে।

১৮৯৮ চনত ফ্ৰয়দে পোন প্ৰথমবাৰলৈ “সপোন”ক ঐশ্বৰিক গণ্ডীৰ পৰা উলিয়াই আনি বৈজ্ঞানিক ভাবে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰে। ফ্ৰয়দৰ এই ধাৰণা প্ৰায় ১৯৫০ চন মানলৈ জনপ্ৰিয় হৈ আছিল। পৰবৰ্তী সময়ত, অৰ্থাৎ ১৯৫৩ চনত ইউজিন এচৰেইনক্সি আৰু নাথানেইল ক্লেইটম্যান নামৰ দুজন বিজ্ঞানীয়ে টোপনি আৰু সপোন সম্বন্ধে কিছু যুক্তিপূৰ্ণ গবেষণাৰে এক নতুন দিশৰ সূচনা কৰে। তেওঁলোকৰ মতে মানুহৰ গোটেই টোপনি প্ৰক্ৰিয়াটো সাধাৰণতে পাঁচটা ভাগত ভাগ কৰিব পাৰি। সেইবোৰ হ'ল - প্ৰথম স্তৰৰ চিলমিল টোপনি (very light sleep), দ্বিতীয় স্তৰৰ পাতল টোপনি (light sleep), তৃতীয় স্তৰৰ গভীৰ টোপনি (deep sleep), চতুৰ্থ স্তৰৰ অতি গভীৰ টোপনি (very deep sleep) আৰু পঞ্চম স্তৰৰ নেত্ৰৰ দ্ৰুত সঞ্চালন টোপনি (Rapid eye movement বা REM sleep) টোপনি। 

এচৰেইনক্সি আৰু ক্লেইটম্যানে এই REM স্তৰটোৰ ওপৰত বিশদভাৱে অধ্যয়ন কৰে। ব্যক্তি এজন নিদ্ৰাৰ সময়ত টোপনিৰ এই স্তৰসমূহ ক্ৰমাগত ভাবে ইটোৰ পাছত সিটোকৈ পাৰ হৈ থাকে। এই গোটেই স্তৰ কেইটা অতিক্ৰম কৰিবলৈ নিদ্ৰাৰত মানুহ এজনক প্ৰায় ডেৰ ঘন্টাৰ পৰা আঢ়ৈ ঘন্টামান সময় লাগে। তেওঁলোকৰ মতে এই REM স্তৰৰ টোপনিৰ সময়তেই মানুহ এজনে সপোনবোৰ দেখে । এইটো স্তৰত দেখা সপোনবোৰ টোপনিৰ পৰা সাৰ পোৱাৰ পাছতো মনত পেলাব পাৰি। অচৰেইনক্সি আৰু ক্লেইটম্যানৰ গবেষণাই প্ৰথমবাৰৰ বাবে সপোনৰ এক বস্তুনিষ্ঠ গবেষণাৰ বাট মুকলি কৰি দিয়ে। 

১৯৭৭ চনত এলেন হবচন্ আৰু ৰবাৰ্ট মেকাৰ্লী নামৰ আমেৰিকাৰ হভাৰ্ড মেডিকেল স্কুলৰ দুজন অধ্যাপকে সপোন সম্বন্ধে “Activation Synthesis hypothesis” বা "সক্ৰিয় সংশ্লেষণ মতবাদ" নামেৰে এটা নতুন মতবাদ আগবঢ়ায়। এই মতবাদ অনুসৰি মানুহৰ মগজুৰ আভ্যন্তৰত অসংখ্য জৈৱ বৈদ্যুতিক পৰিঘটনা ঘটি থাকে। এই বৈদ্যুতিক পৰিঘটনাবোৰ মগজুৰ উপৰি ভাগলৈও বিভিন্ন স্নায়ুৰ জৰিয়তে প্ৰৱাহিত হয়। মগজুটোৰ উপৰিভাগত থকা বিশেষ স্নায়ুকোষবোৰে এই সংকেতবোৰৰ কিছুমান বিশেষ অৰ্থ উলিয়াই লয় আৰু এই অৰ্থবোৰেই নিদ্ৰামগ্ন অৱস্থাত সপোন হিচাবে ধৰা দিয়েহি। হবচন্ আৰু মেকাৰ্লীৰ মতে মানুহৰ মগজুৰ সন্মুখৰ অংশ, অৰ্থাৎ ঠিক কপালখনৰ ভিতৰৰ এক নিৰ্দিষ্ট অংশই মগজুৰ ভিতৰত বিশৃংখল ভাবে উৎপন্ন হোৱা এই জৈৱ বৈদ্যুতিক উত্তেজনাবোৰক সুশৃংখল ভাবে "সপোন" আকাৰে উপস্থাপন কৰে।

ইয়াৰ পৰবৰ্তী পৰ্যায়তো অৰ্থাৎ বৰ্তমানো সপোন সম্বন্ধে বহুতো পৰীক্ষা নিৰীক্ষা আৰু গৱেষণা চলি আছে। তথাপিও আজিলৈকে সপোনৰ সঠিক বিশ্লেষণ কৰিব পৰা হোৱা নাই। সপোন নিজেই যেন এটা ৰূপকথা! সপোনত আৱেগ, অনুভূতি আৰু বাস্তৱৰ মিশ্ৰণ থাকে। সপোনবোৰ যেন এক তাৎক্ষণিক অথচ অবিৰত একোটি আখ্যান, যিবোৰ আমাৰ বাবে কেতিয়াবা বাস্তৱ জীৱনৰ দৰেই জীৱন্ত হৈ উঠে। যদিওবা মানুহে দেখা পোৱা বহুতো সপোন কেৱল কিছুমান খেলিমেলি বিষয়ৰ সংমিশ্ৰণ, কেতবোৰ এনে সপোনো আছে যিবোৰে বিজ্ঞানৰ জটিল কিছুমান সমস্যা সমাধান কৰাৰ পথ প্ৰদৰ্শন কৰিছে। এই সপোনবোৰে পৃথিৱীখনকেই সলনি কৰি দিছে অথবা প্ৰচলিত বহুতো ভ্ৰান্ত ধাৰণাক আমাৰ মনৰ পৰা আঁতৰাই তাৰ ঠাইত প্ৰকৃত সত্যক আমাৰ সন্মুখত দাঙি ধৰাত সহায়ক হৈ পৰিছে। 

বেনজিনৰ গঠন আৰু এটি সপোন: আগষ্ট্ কেকুলে বেঞ্জিনৰ গঠনত কাৰ্বন আৰু হাইড্ৰজেনৰ পৰমাণুবোৰ কেনেদৰে সজ্জিত হৈ থাকে সেই বিষয়ে চিন্তিত হৈ আছিল। এইটো এটা জটিল সমস্যা আছিল, কিয়নো বেনজিনত কাৰ্বন আৰু হাইড্ৰজেন পৰমাণুৰ অনুপাত আন হাইড্ৰ'কাৰ্বন যৌগৰ লগত অমিল। ১৮৬৫ চনৰ এটা শীতৰ নিশা নিজৰ কোঠাত কেকুলে সমস্যাটোৰ ওপৰত কাম কৰিছিল। বহুপৰ ভাবি চিন্তিও তেওঁ সমস্যাটোৰ কোনো সমাধান বিচাৰি নাপালে। ভাগৰুৱা কেকুলে চকীখন জুঁইৰ অলপ কাষলৈ টানি আনি পুনৰ চিন্তাত মগ্ন হ'ল যদিও তেওঁ বহী থকা চকীখনতেই নিদ্ৰাৰ কোলাত ঢলি পৰিল। তেওঁৰ অৱচেতন মনে তেওঁক কঢ়িয়াই লৈ গ'ল সপোনৰ দেশলৈ। সপোনত তেওঁ দেখা পালে পৰমাণুৰ নৃত্য ! নৃত্যৰত পৰমাণুবোৰে লাহে লাহে নিজকে সাপৰ আকৃতিত সজ্জিত কৰিলে আৰু তাৰ পিছত সাপটোৱে ঘূৰি ঘূৰি নিজৰ নেজডাল কামুৰিবলৈ আৰম্ভ কৰিলে…! চিলমিল টোপনিৰ পৰা সাৰ পাই উঠিল কেকুল। সাপটোৰ প্ৰতিচ্ছবি তেওঁৰ চকুৰ আগত নাচিবলৈ ধৰিলে। তেওঁ অনুভৱ কৰিলে যে সপোনৰ সাপটোৱে তেওঁক যেন কাণে কাণে কৈ আছে : "বেঞ্জিনৰ অণুত কাৰ্বন পৰমাণুৰ আঙুঠিৰ দৰে গঠনেৰে সজ্জিত।" লগে লগে কাগজ কলম লৈ কেকুল বহি গ'ল আৰু আৱিষ্কাৰ হ'ল বেঞ্জিনৰ ৰসায়নিক গঠন।

পৰ্যাবৃত্ত তালিকা আৰু মেণ্ডেলিভৰ সপোন: সেই সময়ত ডেমিত্ৰি মেণ্ডেলিভে ৰাসায়নিক মৌলবোৰক সংগঠিত কৰাৰ এক যৌক্তিক উপায় বিচাৰি উলিওৱাত ব্যস্ত আছিল। কেইবামাহ ধৰি তেওঁ এই কামটো সমাধা কৰিবলৈ চেষ্টা কৰি আছিল। ১৮৬৯ চনত তেখেতে কিছুমান কাৰ্ডত তেতিয়ালৈ আৱিষ্কাৰ হোৱা মৌলবোৰৰ নামৰ লগতে প্ৰতিটো মৌলৰ গুণাগুণবোৰ লিখি লৈছিল। কিন্তু তেওঁ মৌলবোৰৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি সেইবোৰক সংগঠিত কৰাৰ কোনো আৰ্হিয়েই বিচাৰি নাপালে। কাৰ্ডবোৰ টেবুলৰ ওপৰত ৰাখি লৰচৰ কৰি থাকোতেই মেণ্ডেলিভ ডেস্কতেই টোপনিত ঢলি পৰে। মেণ্ডেলিভে লিখিছিল : “In a dream I saw a table where all the elements fell into place as required. Awakening, I immediately wrote it down on a piece of paper and I had the periodic table in front of me."

গণিতৰ সপোন আৰু ৰামানুজন : শ্ৰীনিবাস ৰামানুজনৰ অৱদান গণিতৰ জগতত অপৰিসীম। তেওঁ ৩২ বছৰ বয়সতেই ইহলীলা সম্বৰণ কৰে। তেওঁৰ সংক্ষিপ্ত জীৱনকালত তেওঁ বিশুদ্ধ গণিতত প্ৰায় ৪০০০ মান গাণিতিক প্ৰমাণ, অনুমান আৰু সমীকৰণ প্ৰস্তুত কৰিছিল। উপবৃত্তাকাৰ ফাংচন আৰু নাম্বাৰ থিয়ৰীৰ ক্ষেত্ৰত তেওঁৰ ধাৰণা কেৱল শুদ্ধই নাছিল; তেওঁৰ জীৱিত কালচোৱাত তেওঁৰ অৱদান সমূহ সেই সময়ৰ আন গণিতজ্ঞৰ তুলনাত বহুত আগবাঢ়ি আছিল। ৰামানুজনৰ সৈতে একেলগে কাম কৰা কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিতজ্ঞ গডফ্ৰে এইচ. হাৰ্ডিয়ে কৈছিল যে যদি গণিতজ্ঞসকলক ০ৰ পৰা ১০০লৈ প্ৰতিভাৰ আধাৰত মূল্যাঙ্কন কৰা হয়, তেন্তে তেওঁ নিজে ২৫, জে. ই. লিটলউড ৩০, ডেভিড হিলবাৰ্ট ৮০ আৰু শ্ৰীনিবাস ৰামানুজন ১০০ নম্বৰৰ যোগ্য। এই গৰাকী ৰামানুজনে লিখি গৈছে যে তেওঁৰ পৰম আৰাধ্যা হিন্দু দেৱী নামাক্কালে তেওঁৰ সপোনত আহি জটিল গাণিতিক সমস্যাবোৰ সমাধান কৰাৰ কৌশল দি যায়। ৰামানুজনে লিখিছে : “While asleep, I had an unusual experience. There was a red screen formed by flowing blood, as it were. I was observing it. Suddenly a hand began to write on the screen. It was Goddess Namakkal. I became all attention. That hand wrote a number of elliptic integrals. They stuck to my mind. As soon as I woke up, I committed them to writing.”

মানুহৰ অৱচেতন মনটো অতি শক্তিশালী। যদি সচেতন মনটোৱে চিন্তা কৰি থকা বিষয়টোৰ তথ্যসমূহ গভীৰ ভাবে হৃদয়ঙ্গম কৰি সেইবোৰ স্মৃতি হিচাবে সঞ্চিত কৰে, তেন্তে নিদ্ৰাৰত মানুহৰ অৱচেতন মনত সেইবোৰে দোলা দি পাৰে। আৰু এই অৱচেতন অৱস্থাতেই বা টোপনিৰ আলজালত সপোন দেখা অৱস্থাতেই বহুতো জটিল সমস্যা সমাধানৰ পথ দেখা পোৱা সম্ভৱ। ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বৈজ্ঞানিক আৱিষ্কাৰবোৰৰ ভিতৰত এনে বহুতো উদাহৰণ আছে যাৰ সমাধান সপোনতেই পোৱা হৈছিল।

- অৰ্চনা দাস, মুৰব্বী অধ্যাপক, প্ৰাণী বিজ্ঞান।



No comments:

Post a Comment