Wednesday 28 June 2023

সময়বিহীন ব্ৰহ্মাণ্ডৰ খেলিমেলি চিন্তা


বিগবেঙৰ আগত সময় আছিল নে? অৰ্থাৎ সময়ৰ আৰম্ভণিৰ আগত "সময়" আছিল নে? এৰা, বৰ বিভ্ৰান্তিকৰ প্ৰশ্ন। যুক্তিৰ সহায়ত বিশ্লেষণ কৰি চালে প্ৰশ্ন দুটা অবান্তৰ যেনেই লাগে। কাৰণ "বিগবেঙৰ আগত" শব্দ দুটাৰে বিগবেঙৰ আগৰ সময়চোৱাৰ কথাকেই বুজাবলৈ চেষ্টা কৰা হৈছে। সময়ৰ আৰম্ভণিৰ "আগত" কি আছিল সেই বিষয়ে কেনেকৈ ক'ব পাৰি? বিশেষ কিবা এটা ঘটনা, আন কোনোবা এটা ঘটনাৰ "আগত" থাকিবলৈ হ’লে, সময়ৰ স্থান নিৰ্ধাৰণ কৰিব লাগিব। তাৰপিছতহে সেই দুটা নিৰ্দিষ্ট "সময়"ৰ তুলনা কৰি চাই নিৰ্ধাৰণ কৰিব পাৰি কোনটো ঘটনা প্ৰথমে সংঘটিত হৈছিল।

আমি সময়ৰ পিছলৈ কিমান উভটি যাব পাৰো তাৰো এটা সীমা আছে। আমি সময়ৰ একেবাৰে আৰম্ভণিটোকেই "বিগ বেং" বুলি কওঁ কাৰণ তাৰ থিক পিছতেই আৰম্ভ হ'ল স্থানৰ প্ৰসাৰণ। সময়ৰ অবৰ্তমানত কোনো স্থান নাছিল। একেদৰে স্থান অবিহনে সময়ো থাকিব নোৱাৰে। সেয়ে স্থান আৰু কাল (সময়) অভিন্ন। 

তথাপিও মনলৈ প্ৰশ্ন আহে। এই বিশাল বিশ্বব্ৰহ্মাণ্ডত এনে কোনো স্থান আছেনে, য'ত সময়ৰ অস্তিত্বই নাই? বিজ্ঞানীসকলৰ মতে প্ৰকৃতি আৰু বিশ্বব্ৰহ্মাণ্ডৰ সকলো নিয়ম singularity বা "এককতা"ত অস্তিত্ব হীন হৈ পৰে। গতিকে য'ত "এককতা" আছে তাত "সময়" থাকিব নোৱাৰে। এইখিনিতেই মনলৈ প্ৰশ্ন আহিব যে "এককতা" বা singularity মানে কি? এই singularity শব্দটোৱে এলবাৰ্ট আইনষ্টাইনৰ ১৯১৫ চনত প্ৰকাশিত সাধাৰণ আপেক্ষিকতাবাদ তত্বত জনপ্ৰিয়তা লাভ কৰিছিল। ইয়াত singularity বা "এককতা"ই কৃষ্ণগহ্বৰৰ কেন্দ্ৰক বৰ্ণনা কৰে, যিটো অসীম ঘনত্ব আৰু অসীম মাধ্যাকৰ্ষণৰ এক hypothetical বিন্দু যাৰ ভিতৰৰ পৰা কোনো বস্তুৱেই কেতিয়াও বাহিৰলৈ ওলাই আহিব নোৱাৰে, আনকি পোহৰো! 

কৃষ্ণগহ্বৰৰ দৰে ব্যৱস্থা এটাৰ কেন্দ্ৰত প্ৰাকৃতিক বৈশিষ্ট্যসমূহ (যেনে: ঘনত্ব, মাধ্যাকৰ্ষণ আদি) অসীম হৈ পৰিলে এককতাৰ সৃষ্টি হয়। অসীম ঘনত্ব যুক্ত কৃষ্ণগহ্বৰবোৰৰ কেন্দ্ৰত যিহেতু স্থানৰ সংকোচন অসীম, সেয়ে তাত সময়ৰ অস্তিত্ব থাকিব নোৱাৰে। সেয়েহে বিজ্ঞানীসকলে কয় যে এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ বুকুত লুকাই থকা কৃষ্ণগহ্বৰবোৰ এনে কেতবোৰ ব্যৱস্থা য'ত সময়ৰ কোনো অস্তিত্বই নাই! অৱশ্যে বিজ্ঞানৰ জগতত সততে আলোচনা হৈ থকা এই hypothetical "এককতা" আমাৰ সভ্যতাই এতিয়াও ঢুকি পোৱা নাই।

সময়বিহীন বিশ্বব্ৰহ্মাণ্ড এখন কেনেকুৱা হ'ব পাৰে? সঁচাকৈয়ে সময়বিহীন ব্ৰহ্মাণ্ড আছেনে? এয়া কল্পনা কৰাটোও কঠিন। সময় কি আমি আজিও ভালদৰে বুজি উঠা নাই। সময় অবিহনে কোনো ধৰণৰ গতিয়েই সম্ভব নহয়। একেদৰে সময় অবিহনে পদাৰ্থ আৰু স্থানো সৃষ্টি হ’ব নোৱাৰে। অৰ্থাৎ পোহৰেও গতি কৰিব নোৱাৰে। যিহেতু পোহৰ অবিহনে আমি একোৱেই দেখা নাপাওঁ, সেয়েহে সময় অবিহনে আমাৰ চৌপাশে হয়তো থাকিব কেৱল এক কল্পনাতীত শূণ্যতা আৰু সম্পূৰ্ণ স্থবিৰতা!

No comments:

Post a Comment