Friday 13 November 2015

আমাৰ পৃথিৱীক লগতে লৈ সৌৰজগত আগুৱাইছে বহুদূৰৰ ভেগা নক্ষত্ৰ অভিমুখে


আমাৰ সৌৰজগতখন হাৰকিউলিচ (লিৰা) তাৰকামণ্ডলৰ ভেগা নক্ষত্ৰৰ দিশে আগুৱাই গৈ আছে । অবিৰাম প্ৰতি ছেকেণ্ডত 20 কিলোমিটাৰ বেগত সৌৰজগতৰ লগত আমাৰ পৃথিৱীও লিৰা নক্ষত্ৰপূঞ্জ অভিমুখে আগুৱাই গৈ আছে । ভেগা নক্ষত্ৰ আমাৰ সূৰ্যতকৈ প্ৰায় 2.5 গুণ ডাঙৰ আৰু আমাৰ পৰা 25 আলোকবৰ্ষ আতৰত অৱস্থিত । সূৰ্যাস্তৰ পিছতেই জোনাকবিহীন সন্ধিয়াত এই ভেগা নক্ষত্ৰটো উত্তৰ-পশ্চিম আকাশত দেখা পোৱা যায় । আকাশৰ তৰাবোৰৰ লগত যদি আপুনি পৰিচিত, তেন্তে এই নক্ষত্ৰটো সহজেই চিনি উলিয়াব পাৰিব । নিশাৰ আকাশৰ দক্ষিণ-পূৱ দিশত কালপুৰুষ (Orion) নক্ষত্ৰপূঞ্জৰ পৰা কিছু পূৱদিশত দেখা যায় ৰাতিৰ আকাশৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰ লুব্ধক বা Sirius । লুব্ধক আৰু ভেগা আকাশৰ সম্পূৰ্ণ বিপৰীত দিশত অৱস্থিত । জ্যোতিৰ্বিজ্ঞানী সকলৰ মতে আমাৰ সৌৰজগত এই লুব্ধক নক্ষত্ৰৰ পৰা ক্ৰমে আতৰি আহি আছে আৰু 20 কিলোমিটাৰ/ছে বেগত ভেগা নক্ষত্ৰ অভিমুখে গতি কৰিব লাগিছে । বিজ্ঞানৰ ভাষাত সৌৰজগতৰ এই গতিক Solar Apex বোলা হয় । আমাৰ সৌৰজগতৰ এই গতিৰ বিষয়ে William Herschel নামৰ বিজ্ঞানীজনে 1783 চনত তথ্য দাঙি ধৰিছিল । এই মহান বিজ্ঞানীজনে ইউৰেনাচ গ্ৰহটোও আৱিষ্কাৰ কৰিছিল ।

No comments:

Post a Comment