Friday 13 November 2015

মহাজাগতিক সংঘৰ্ষ


মহাজাগতিক সংঘৰ্ষ স্বাভাৱিকতে এটা ভয়াবহ বিষয় যদিও, ই বিশ্বব্ৰহ্মাণ্ডত সততে হৈ থকা এক চিৰন্তন প্ৰক্ৰিয়া। এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো অংশতেই যেন সেই ভয়াবহতা বিৰাজমান। মহাজাগতিক সংঘৰ্ষৰ ফলত যি ভয়াবহ ধ্বংসলীলা সৃষ্টি হ’ব পাৰে তাক কল্পনা কৰাও কঠিন। এনে এক মহাজাগতিক সংঘৰ্ষৰ ফলতেই পৃথিৱীৰ পৰা বিলুপ্ত হৈ গৈছিল ডাইন’চৰৰ দৰে বিশালকায় সৰীসৃপ সমূহ। মহাজাগতিক সংঘৰ্ষৰ ফলত কেৱল ক্ষতি হোৱা বুলিলে পিছে ভুল কৰা হ’ব। এনেবোৰ সংঘৰ্ষৰ ফলতেই আমাৰ বিশ্বব্ৰহ্মাণ্ডত অনেক গঠনমূলক পৰিঘটনা হোৱা বুলি বিজ্ঞানীসকল নিশ্চিত। মহাকাশ বিজ্ঞানীসকলৰ মতে মহাজাগতিক সংঘৰ্ষৰ ফলতেই আমাৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ জোনবাইৰ সৃষ্টি হৈছিল। এই জোনবাইৰ বাবেই আজি আমি পৃথিৱীৰ মহাসাগৰৰ বুকুত জোৱাৰ-ভাটা দেখিবলৈ পাইছো অথবা পৃথিৱীয়ে নিজ অক্ষৰ চৌদিশে আহ্নিক গতিৰ সুস্থিৰতা লাভ কৰিছে। এনে সুস্থিৰতাৰ বাবেই আমাৰ পৃথিৱীৰ ঋতু পৰিবৰ্তন আৰু দিন-ৰাতিৰ এক নিৰ্দ্দিষ্টতা আহি পৰিছে । মহাজাগতিক সংঘৰ্ষৰ ফলত সলনি হৈ আহিছে বিশ্বব্ৰহ্মাণ্ডৰ মানচিত্ৰ; সৃষ্টি হৈছে নতুন গ্ৰহ-নক্ষত্ৰ; সুৰুযে বিলাইছে পোহৰ অথবা ভাঙি-চিগি থানবান হৈছে দৈত্যকায় একোটা নক্ষত্ৰ ! এই মহাজাগতিক সংঘৰ্ষৰ ফলত আমাৰ বিশ্বব্ৰহ্মাণ্ডই এটা স্বতন্ত্ৰ আকাৰ পাইছে । অনাগত দিন সমূহতো পুনৰ এনে সংঘৰ্ষ হ’ব, এন্ড্ৰমিডা তাৰকাৰাজ্যই আমাৰ হাতীপটিৰ লগত মিলিত হ’ব আন এক মুখামুখি সংঘৰ্ষত, যাৰ ফলত সৃষ্টি হ’ব এখন নতুন তাৰকাৰাজ্য- জন্ম হ’ব অজস্ৰ নতুন সূৰ্য অথবা নতুন সৌৰজগতৰ ! অৱশ্যে এইবোৰ প্ৰত্যক্ষ কৰিবলৈ সিদিনা মাথোন নেথাকিব আপুনি আৰু নেথাকিম মই !!!

No comments:

Post a Comment