Friday 13 November 2015

পৃথিৱীৰ চুম্বকীয় মেৰুৰ স্থান পৰিবৰ্তন


ফুটবল খেল নিশ্চয় উপভোগ কৰিছে। মধ্যাহ্ন বিৰতিৰ পিছত দল দুটাই যেনেদৰে খেলপথাৰৰ দিশ সলনি কৰে, ঠিক তেনেদৰেই পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুৱেও স্থান সলনি কৰে। আচৰিত হ’লেও এইটো সঁচা যে আজিৰ পৰা প্ৰায় 2,00,000 বছৰ আগতে পৃথিৱীৰ বৰ্তমানৰ উত্তৰ মেৰুটো দক্ষিণ ফালেহে আছিল !! সেই সময়ত এডাল চুম্বকশলাই উত্তৰ বুলি বৰ্তমানৰ দক্ষিণ দিশটোহে নিদৰ্শন কৰিছিল। বিজ্ঞানী সকলৰ মতে বৰ্তমান আমাৰ পৃথিৱীয়ে পুনৰ এবাৰ ইয়াৰ মেৰুদ্বয়ৰ স্থান সালসলনি কৰিবলৈ ওলাইছে ! বিজ্ঞানৰ মতে এইয়া এক স্বাভাৱিক প্ৰক্ৰিয়া। বিজ্ঞানী সকলৰ মতে পৃথিৱীৰ মেৰু দুটাই প্ৰতি বছৰে 16 কি:মি:কৈ পৰস্পৰৰ পৰা বিপৰীত দিশলৈ গতি কৰি আছে। তেখেতসকলৰ মতে পৃথিৱীৰ কেন্দ্ৰত থকা গলিত লো (আইৰণ)ৰ বাবে পৃথিৱীৰ চৌদিশে এখন চুম্বকক্ষেত্ৰ সৃষ্টি হৈছে। পৃথিৱীৰ কেন্দ্ৰত এই গলিত লোৱে এক নিৰ্দ্দিষ্ট দিশত গতি কৰি আছে, যেনেদৰে মহাসাগৰৰ পানী এক নিৰ্দিষ্ট দিশত সোঁত হিচাবে বৈ থাকে। কিন্তু পৃথিৱীৰ আভ্যন্তৰত থকা এই লোৰ গতি সদায়ে একে দিশত নেথাকে আৰু প্ৰতি 2,00,000 ৰ পৰা 3,00,000 বছৰৰ পিছত এই লোৰ সোঁতৰ দিশৰ সলনি হয় আৰু ইয়াৰ ফলতেই পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখনৰো দিশৰ পৰিবৰ্তন হয়। এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত যোৱা প্ৰায় ডেৰশ বছৰত পৃথিৱীৰ চুম্বকক্ষেত্ৰখনৰ 5% বিচ্যুতি ঘটিছে আৰু পৃথিৱীৰ মেৰুদ্বয়ে স্থানৰ পৰিবৰ্তন কৰি আহিছে। বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে বৰ্তমান এই প্ৰক্ৰিয়াটো অধিক দ্ৰুত ভাবে সম্পন্ন হ’বলৈ ধৰিছে। নাছাৰ ভূবিজ্ঞানী সকলৰ গৱেষণাত ধৰা পৰা তথ্য অনুসৰি পৃথিৱীয়ে এতিয়ালৈকে মুঠ 74 বাৰ এনেদৰে মেৰু দুটাৰ স্থানৰ সালসলনি ঘটাইছে। যদিহে নাছাৰ বিজ্ঞানীসকলৰ তথ্যবোৰ সঁচা হয়, তেন্তে অনাগত দিনবোৰত আমাৰ উত্তৰ আৰু দক্ষিণ দিশ দুটাৰো পৰিবৰ্তন ঘটিব। তেতিয়া হিমালয় পৰ্বত আমাৰ দক্ষিণ দিশত আৰু ভাৰত মহাসাগৰ অথবা শ্ৰীলংকা আমাৰ উত্তৰ দিশত থকা বুলিয়েই আমি মানি ল’ব লাগিব !!!

No comments:

Post a Comment