Friday 13 November 2015

সৌৰজগতৰ ভূমিকম্পবোৰ !!!


পৃথিৱীত হোৱাৰ দৰেই সৌৰজগতৰ আন আন গ্ৰহটো ভূমিকম্প হয়নে ? বিজ্ঞানীসকলৰ মতে সৌৰজগতৰ কঠিন শিলাময় গ্ৰহ যেনে বুধ, শুক্ৰ, পৃথিৱী আৰু মংগলৰ লগতে চন্দ্ৰ আৰু বৃহস্পতিৰ উপগ্ৰহ ‘আইও’ত ভূমিকম্পৰ জোকাৰণি হয়। অৱশ্যে কাৰিকৰী দিশৰ পৰা আন গ্ৰহ-উপগ্ৰহ সমূহৰ এনে জোকাৰণিক ‘ভূমিকম্প’ বোলাতকৈ কম্পন বোলাহে উচিত হ’ব। সূৰ্যৰ কাষতে থকা বুধ গ্ৰহৰ পৃষ্ঠৰ উষ্ণতা অতি অনিয়মিত আৰু এই তাৰতম্য গ্ৰহটোৰ মেৰুদণ্ড সাপেক্ষে ঘূৰ্ণনৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰশীল। এনে পৰিপ্ৰেক্ষিতত গ্ৰহটোৰ আভ্যন্তৰ আৰু বহিঃপৃষ্ঠৰ উষ্ণতাৰ তাৰতম্যৰ বাবে বুধত কম্পনৰ সৃষ্টি হয়। একেদৰে শুক্ৰ আৰু মংগল গ্ৰহ দুটাৰ আভ্যন্তৰত থকা গৰম লাভাৰ বহিৰ্মূখী চাপৰ বাবে এই গ্ৰহ দুটাতো সঘনাই কম্পন সৃষ্টি হয়। অৱশ্যে এই কম্পনবোৰ মৃদুৰ পৰা সাধাৰণ পৰ্যায়ৰ হয়। পৃথিৱীৰ কম্পনসমূহ বিভিন্ন কাৰণত হ’ব পাৰে। পৃথিৱীৰ বেছি ভাগ কম্পনেই টেকটনিক গতিবিধিৰ ফলত হয়। অৱশ্যে জ্বালামূখীৰ উৎদ্গীৰণ তথা অন্যান্য ভূতাত্বিক কাৰকৰ বাবেও পৃথিৱীত ভূমিকম্প হয়। নাছাৰ বিজ্ঞানীসকলে ইতিমধ্যে জোনবাইৰ বুকুত এনে কম্পন ধৰা পেলাইছে। এইখিনিতেই উল্লেখ কৰা উচিত হ’ব যে বৃহস্পতিৰ উপগ্ৰহ আইও সৌৰজগতৰ আটাইতকৈ বেছি কম্পনশীল আৰু তাৰ পিছতেই স্থান পাইছে আমাৰ বাসভূমি পৃথিৱী নামৰ এই সুন্দৰ গ্ৰহটোৱে !

No comments:

Post a Comment