Thursday 23 February 2017

ঠাণ্ডা পানীতকৈ গৰম পানী সোনকালে বৰফ হয়



অাচৰিত যেন লাগিলেও এইটোৱেই সত্য। অামাৰ দৃষ্টিত অবাস্তৱ যেন লগা এনে বহুতো তথ্যই মানুহক সদায়েই অাকৰ্ষিত কৰি অাহিছে। বিজ্ঞানত এই তথ্যৰ যথাযথ ব্যাখ্যা পোৱা যায়। ঠাণ্ডা পানীতকৈ গৰম পানী সোনকালে বৰফ হোৱা এই পৰিঘটনাটোক বিজ্ঞানৰ ভাষাত Mpemba effect বুলি কোৱা হয়।১৯৬৩ চনত টাঞ্জানিয়াৰ এজন বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ Erasto B. Mpembaই অাজৰি পৰত দেউতাকৰ বৰফৰ ফেক্টৰীত গাখীৰৰ অাইচক্ৰীম বনাই থাকোতে লক্ষ্য কৰিছিল যে ঠাণ্ডা গাখীৰতকৈ গৰম গাখীৰ সোনকালে বৰফ হয়। এই বিষয়ে Mpembaই বিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ শিক্ষক Denis Osborneক অৱগত কৰে অাৰু দুয়োজনে মিলি এই বিষয়টোৰ ওপৰত ১৯৬৯ চনত তেওঁলোকৰ গৱেষণা পত্ৰ এখন প্ৰকাশ কৰি উলিয়ায়। এই বিশেষ পৰিঘটনাটোৰ সন্দৰ্ভত এৰিষ্টোটেল, ফ্ৰেন্সিচ বেকন অাৰু ডেচকাৰ্টেচ নামৰ তিনিজন মনীষীৰ নামো সন্নিবিষ্ট হৈ অাছে যদিও Mpemba অাৰু Denis Osborneৰ নাম বিশেষভাবে উল্লেখযোগ্য কিয়নো এওঁলোক দুজনেই সৰ্বপ্ৰথমে এই পৰিঘটনাটোৰ বৈজ্ঞানিক ব্যাখ্যা দাঙি ধৰিছিল। 


এতিয়া অাহিছো এই পৰিঘটনাটোৰ কথালৈ। বিজ্ঞানৰ জটিলটাৰ মাজলৈ নগৈ অামি কথাখিনি সাধাৰণ ভাবে বুজাৰ চেষ্টা কৰো অাহক। তাপমাত্রা বাঢ়িলে পানীৰ অণুৰ গতিশক্তি বাঢ়ে। ফলত পানীৰ অনুবোৰৰ মাজত সংঘর্ষ বৃদ্ধি পায়। যিহেতু পানীৰ অনুবোৰে উত্তপ্ত অৱস্থাত অবিৰত ভাবে সংঘৰ্ষত লিপ্ত হৈ থাকে, পানী সহজে বৰফত পৰিণত হয়। কিন্তু ঠাণ্ডা পানীৰ অনুবোৰ যথেষ্ট সুস্থিৰ ভাবে থাকে অাৰু সেয়ে বৰফলৈ ৰূপান্তৰিত হ'বলৈ বেছি সময়ৰ প্ৰয়োজন। ইয়াৰ কাৰণ হিচাবে কেইবাটাও পৰিঘটনা জড়িত হৈ থাকে। ইয়াৰ এটা হ'ল উষ্ণ পানীৰ পৰিচলন স্রোত। যিহেতু গৰম পানী ফ্রিজত ৰাখিলে পানীখিনি আৰু ইয়াৰ চৌপাশৰ তাপমাত্রাৰ পার্থক্য বেছি, ফলত পৰিচলন স্রোতে অতি দ্ৰুত হাৰত গৰম পানীৰ পৰা তাপ অপসাৰিত কৰে। পৰিচলন স্ৰোতে গৰম পানীৰ পৰা দ্ৰুত হাৰত তাপৰ অপসাৰণ ঘটোৱা বাবে গৰম পানী ঠাণ্ডা পানীতকৈ সোনকালে বৰফলৈ ৰূপান্তৰিত হয়।

No comments:

Post a Comment