Wednesday 15 February 2017

কাঠগড়াত বিজ্ঞানী : গেলিলিও গেলিলী


13 ফেব্ৰুৱাৰী, 1633। স্থান ইটালীৰ ৰোম নগৰী। ইতিমধ্যে ৰোমান কেথলিক চাৰ্চৰ বিচাৰগৃহ নিৰ্বাচিত ব্যক্তি সকলেৰে ভৰি পৰিছে। বাদী সকল নিজৰ নিজৰ আসনত বহি আছে। উদ্দেশ্য আছিল ইটালীৰ সহজ সৰল মানুহবোৰক ভুল তথ্যৰে পথভ্ৰষ্ট (!) কৰিব খোজা তথা সেই সময়ৰ ধৰ্মীয় বিশ্বাসক আঘাট হনাৰ অপৰাধ কৰা এজন বিবাদী ব্যক্তি: গেলিলিও গেলিলীৰ বিচাৰ। প্ৰচলিত বিশ্বাস অনুসৰি সেই সময়ত টলেমিয়ে আগবঢ়োৱা সৌৰজগতৰ ধাৰণাত পৃথিৱী সৌৰজগতৰ কেন্দ্ৰ। 1616 চনত প্ৰথমে কপাৰনিকাচেই এই ধাৰণাটোৰ ওপৰত সন্দেহ প্ৰকাশ কৰে। কিন্তু তেওঁ ৰোমান কেথলিক চাৰ্চৰ বিৰুদ্ধে গৈ তেখেতে এই সন্দেহ মৌখিক বা লিখিত আকাৰত প্ৰকাশ কৰিবলৈ ভয় কৰিছিল। কাৰণ ইতিমধ্যে 1600 চনত ৰোমান কেথলিক চাৰ্চৰ বিচাৰত এনে ধৰণৰ প্ৰচলিত ধাৰণাৰ বিপৰীতে তথ্য আগবঢ়োৱাৰ অপৰাধত অপৰাধী সজাই গণিতজ্ঞ ব্ৰুণোক শাস্তি স্বৰূপে জ্বলা জুইত পুৰি মৰা হৈছিল। সেয়ে কপাৰনিকাচে তেওঁৰ ধাৰণাবোৰ কেইজনমান বিশ্বাসী ছাত্ৰৰ বাহিৰে কাকো নজনাই কৈছিল : মোৰ এই কথাবোৰ তোমালোকে তেতিয়াহে প্ৰকাশ কৰিবা, যেতিয়া মই মৃত্যুশয্যাত পৰিম। তেওঁৰ শিষ্য সকলেও কপাৰনিকাচে কোৱাৰ দৰেই কপাৰনিকাচৰ জীৱনৰ অন্তিম ক্ষণত তেখেতৰ ধাৰণাবোৰ কিতাপ আকাৰে প্ৰকাশ কৰিলে। কিতাপখন প্ৰকাশ হোৱাৰ লগে লগেই হৈ চৈ লাগিল। ৰোমান কেথলিক চাৰ্চে কিতাপখন নিষিদ্ধ ঘোষণা কৰিলে আৰু পুৰি পেলালে। মৃত্যুশয্যাত থকা বাবে কপাৰনিকাচৰ বিচাৰ সম্ভৱ নহ'ল। ইয়াৰ কিছুদিন পিছতেই তেওঁৰ মৃত্যু হয়। কিন্তু তেওঁৰ ধাৰণাবোৰ কিছুমান মানুহৰ মন আৰু মগজুত সজীৱ হৈ থাকিল।

সেই সময়ত গেলিলিও গলিলীয়ে নিজৰ দূৰবীন যন্ত্ৰৰে নিশাৰ আকাশত পিটপিটাই ফুৰে। ইতিমধ্যে তেওঁ জোনবাইৰ বুকুৰ বিশাল গাঁতবোৰ আৰু ওখ ওখ পাহাৰবোৰৰ ৰহস্য ভেদ কৰি জোনবাইৰ নক্সা প্ৰস্তুত কৰি উলিয়াইছে। বৃহস্পতি গ্ৰহ আৰু ইয়াৰ চাৰিটা উপগ্ৰহ যথাক্ৰমে ইয়ো, ইউৰোপা, কেলিষ্টো আৰু গেনিমেড গেলিলিওৰ দূৰবীনৰ পৰা সাৰি নগ'ল। জনসাধাৰণেও গেলিলিওৰ দূৰবীনেৰে এই বিৰল দৃশ্যবোৰ উপভোগ কৰাত লাগিল। ইকান সিকানকৈ কথাবোৰ গৈ চাৰ্চৰ বিষয়ববীয়া সকলৰ কানতো পৰিল। তেওঁলোকে গেলিলিওক মাতি আনি ভৱিষ্যতে এনেবোৰ কাম কৰি জনসাধাৰণৰ মাজত ভুল (!) তথ্য নিবিয়পাবলৈ সাৱধান বাণী শুনালে। পিছে গেলিলিওৱে এনে ভাবুকিক মুঠেও গুৰুত্ব নিদিলে বৰং দুগুণ উৎসাহেৰে কপাৰনিকাচৰ ধাৰণাৰ ওপৰত নিজাকৈ অনুসন্ধান আৰম্ভ কৰি দিলে। তন্ন তন্নকৈ আগবাঢ়িল তেওঁৰ পৰ্যবেক্ষণ। শেষত তেওঁ উদাত্ত কণ্ঠেৰে ঘোষণা কৰিলে যে টলেমিয়ে কোৱাৰ দৰে পৃথিৱী সৌৰজগতৰ কেন্দ্র নহয়। বৰং কপাৰনিকাচে আগবঢ়োৱা ধাৰণাটোৱেই শুদ্ধ। অৰ্থাৎ সূৰ্যই সৌৰজগতৰ কেন্দ্ৰ। এই কথাত টিঙিৰি তুলা হৈ পৰে চাৰ্চ কৰ্তৃপক্ষ। গেলিলিওক তেওঁৰ ব্ক্তব্য উঠাই ল'বলৈ দি ক্ষমা খুজিবলৈ আদেশ দিয়া হ'ল। গেলিলিওৱে সেয়া অসম্ভৱ বুলি কোৱাত ৰোমান কেথলিক চাৰ্চে তেওঁক দোষী সাব্যস্ত কৰি 1633 চনৰ 13 ফেব্ৰুৱাৰীত বিচাৰৰ বাবে মাতি পঠিয়ালে। সেই বিচাৰত গেলিলিওক শাস্তি হিচাবে গৃহবন্দী কৰি ৰখাৰ ৰায় দিয়া হ'ল আৰু 1642 চনত এই মহান বিজ্ঞানীজনৰ মৃত্যু পৰ্যন্ত তেওঁ গৃহবন্দী হিচাবে শাস্তি ভোগ কৰি গ'ল।

এই ঘটনাৰ 359 বছৰ পিছত পোপ জন পোল (দ্বিতীয়)এ 1992 চনত আক্ষেপ প্ৰকাশ কৰি কয় যে : "1633 চনৰ 13 ফেব্ৰুৱাৰীৰ সেই একপক্ষীয় বিচাৰখনত গেলিলিওৰ লগতে বিজ্ঞান আৰু বিশ্বাসৰ প্ৰতিও অন্যায় কৰা হৈছিল। আজি বিশ্বৰ প্ৰতিজন নাগৰিকৰ লগতে মই তথা প্ৰতিজন ৰোমান কেথলিক চাৰ্চৰ সদস্যই সূৰ্যক সৌৰজগতৰ কেন্দ্ৰ বুলি মানি লৈছোঁ।"

No comments:

Post a Comment