Thursday 2 February 2017

73 বছৰীয়া দুৰন্ত পুৰুষ উদয় নাৰায়ণ ডেকা চাৰৰ সোঁৱৰণত


হঠাতেই আহিল দুঃসংবাদটো। বহুতো বেয়া খবৰেও আঁচোৰ মাৰিব নোৱাৰা মানুহৰ অন্তৰকো জোকাৰি যোৱা এটি হৃদয় বিদাৰক খবৰ। সেই যে খীনকাই চেহেৰাৰে মহাকাশ বিজ্ঞানৰ বতৰা লৈ অসমৰ ইমুৰৰ পৰা সিমুৰলৈ দৌৰি ফুৰা 73 বছৰীয়া দুৰন্ত পুৰুষজন, গুৱাহাটী তাৰকাগৃহৰ চৌহদত হাঁহি মুখেৰে টেলিস্কোপৰ লেন্সেৰে হাজাৰ হাজাৰ মানুহক আকাশৰ গভীৰতা ভেদি ৰহস্যময় মহাজাগতিক দেশলৈ বাট দেখুৱাই দিয়া সৰল ব্যক্তিজন....! হয়, মই উদয় নাৰায়ণ ডেকা চাৰৰ কথাকেই ক'ব বিচাৰিছোঁ। ভাৰতৰ প্ৰসিদ্ধ মহাকাশ বিজ্ঞানী সকলৰ মাজৰ এজন তথা প্ৰাগজ্যোতিষ এমেচাৰ এষ্ট্ৰোন'মাৰচ এচোচিয়েচনৰ সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ কৰা উদয় নাৰায়ণ ডেকা চাৰ যোৱা নিশা 12:20 বজাত বৈকুণ্ঠগামী হয়। বিগত কিছুদিন বৃক্কজনিত সমস্যাত ভূগি থকা ডেকা চাৰ গুৱাহাটীৰ ইণ্টাৰনেচনেল হস্পিতালত চিকিৎসাধীন হৈ আছিল। দুদিনমান আগতে শ্ৰদ্ধেয় Jayanta Kumar Das চাৰ Uday N. Deka চাৰৰ খবৰ ল'বলৈ গৈছিল আৰু তেখেতৰ পৰাই চাৰৰ অসুস্থতাৰ বিষয়ে জানিব পাৰিছিলো। অক্লান্ত বিজ্ঞান কৰ্মী, বন্যপ্ৰাণী সংৰক্ষক তথা কৃতি শিক্ষক জয়ন্ত কুমাৰ দাস চাৰক ডেকা চাৰে নিজৰ ভায়েকৰ দৰেই মৰম কৰিছিল। ডেকা চাৰ মানুহজনক যিসকলে এবাৰলৈ হ'লেও লগ পাইছে, সেই সকলেহে বুজিব পাৰিব ইউ, এন, ডেকা চাৰ কিহৰ বাবে সমগ্ৰ ভাৰতৰ বাবে এটি উজ্জ্বল ৰত্ন আছিল। 2015 চনৰ ছেপ্তেম্বৰ মাহত ডেকা চাৰক কলাইগাঁৱৰ জয়ন্ত দাস চাৰৰ উদ্দ্যোগত মহাকাশ বিজ্ঞানৰ বুনিয়াদী কৰ্মশালা এটি অনুস্থিত কৰি আমাৰ কলেজলৈ নিমন্ত্ৰণ কৰিছিলো। চাৰ আহিছিল আৰু লগত লৈ আহিছিল আমাৰ কলেজৰ ছাত্ৰ-ছাত্ৰীবোৰৰ মনৰ মাজত দুলি থকা অজস্ৰ কৌতুহলী প্ৰশ্নৰ সহজ সৰল ব্যাখ্যা। আনিছিল তেখেতৰ টেলিস্কোপটোও। কৌতুহলী ছাত্ৰ-ছাত্ৰীয়ে বেৰি-কুৰি চকু থাপিছিল টেলিস্কোপৰ আইপিচত। গভীৰ আগ্ৰহী ছাত্ৰ-ছাত্ৰীবোৰলৈ লক্ষ্য কৰি চাৰে মোক কৈছিল: এদিন ময়ো এনেদৰেই দীঘল লাইন এটাৰ শেষৰ পিনে থিয় হৈ আছিলো টেলিস্কোপেৰে আকাশ চোৱাৰ তাড়নাত। ডেকা চাৰে কথা নকয়, তেওঁৰ কথাবোৰ যেন একো একোটা বিজ্ঞানৰ সাধুকথাহে। মূহুৰ্ততে ছাত্ৰ-ছাত্ৰীক কৈ গৈছে আকাশত বিভিন্ন তৰাৰ অৱস্থান জুখিবলৈ বা দুটা তৰাৰ মাজৰ দূৰত্ব জুখিবলৈ কেনেদৰে হাতৰ আঙুলি ব্যৱহাৰ কৰিব পাৰি; কেনেদৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰ এজনেও সাধাৰণ গণিতৰ সহায়ত কক্ষপথত পৃথিৱীৰ গতিবেগ নিৰ্ণয় কৰিব পাৰে, আকাশৰ তৰাবোৰ কেনেদৰে চিনিব পাৰি ইত্যাদি, ইত্যাদি। 2015 চনতেই বিভিন্ন কাম লৈ ওদালগুৰি, ডিমাকুছি, টংলালৈ বুলি আহোঁতে ডেকা চাৰ আমাৰ ঘৰলৈও আহিছিল। লগত আছিল চাৰৰ অতি মৰমৰ জয়ন্ত কুমাৰ দাস, গুৱাহাটী দূৰদৰ্শনৰ ব্যস্ত কৰ্মচাৰী তথা বৃক্ষপ্ৰেমী মোৰ ভনী Sewali। চাৰে আহিয়েই মোক ক'লে : কম্পিউটাৰটো অন কৰাচোন প্ৰণৱ। এটা ৱেবচাইট চোৱা। চাৰৰ কথা মতেই মই ৱেবচাইটটো খুলিলো। উৱা, একেবাৰে ভাবা আনবিক গৱেষণা কেন্দ্ৰ ! আমাৰ দৰে অলপ ধতুৱা মানুহৰ বাবে মুম্বাইৰ ভাবা আনবিক গৱেষণা কেন্দ্ৰ সপোনৰ ঠাই। চাৰে ক'লে: তুমি "অনলাইন এপ্লিকেচন"ত ক্লিক কৰা আৰু সেইখিনি পুৰ কৰা। মই অপ্ৰস্তুত। সাহস দিলে জয়ন্ত কুমাৰ দাস চাৰে। তেখেতে নিজেও আগবাঢ়ি আহি কম্পিউটাৰৰ সন্মুখত বহি ল'লে আৰু মোৰ হৈ ফৰ্মখন পুৰ কৰিবলৈ ধৰিলে। শিক্ষাগত অৰ্হতা, মহাকাশ সম্বন্ধীয় কোনো কাম অথবা কৰ্মশালাৰ পূৰ্বৰ অভিজ্ঞতা ইত্যাদি। ফৰ্মখন পুৰ কৰি অনলাইন প্ৰেৰণ কৰা হৈ গ'ল। মই বেঙে মুতা গৰু এটাৰ দৰে কঁপিয়েই থাকিলো। কেইদিনমান পিছত এদিন সন্ধিয়া ডেকা চাৰৰ ফোন আহিল: প্ৰণৱ, তুমি আজিয়েই মুম্বাইলৈ অহা যোৱাৰ দুটা প্লেনৰ টিকট কাটি লোৱা। অক্টোবৰ মাহৰ 30 তাৰিখে তুমি মুম্বাই যাব লাগিব। শুভেচ্ছা থাকিল। মোৰ জীৱনত চাৰৰ কিমান যে অৱদান আছে সেয়া কৈ শেষ কৰিব নোৱাৰি। 1944 চনৰ 8 ছেপ্টেম্বৰত ওপজা এইজন বিজ্ঞানৰ একান্ত সাধক মুম্বাইৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ মেনেজাৰ হিচাবে 12 বছৰ কাম কৰি গুৱাহাটীৰ ৰিজাৰ্ভ বেংকলৈ বদলি হয়। মুম্বাইত থকা সময়ত তেওঁ এমেচাৰ এষ্ট্ৰোন'মাৰ এচোচিয়েচনৰ কোষাধক্ষ হিচাবেও কৰ্মৰত আছিল। পৰবৰ্তী সময়ত তেখেত গুৱাহাটী তাৰকাগৃহৰ লগত জড়িত হৈ পৰে আৰু মৃত্যুৰ সময়লৈকে প্ৰাগজ্যোতিষ এমেচাৰ এষ্ট্ৰোন'মাৰ এচোচিয়েচনৰ সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ কৰি আছিল। চাৰৰ বিয়োগত আমি মৰ্মাহত। চাৰ আপুনি য'তেই নেথাকক কিয়, সুখেৰে থাকক।

No comments:

Post a Comment