Wednesday 15 February 2017

ISRO : আধুনিক মহাকাশ যুগৰ এটি প্ৰতিশ্ৰুতি



ভাৰতীয় মহাকাশ বিজ্ঞানৰ আন এক ঈৰ্ষণীয় পদক্ষেপে সামগ্ৰীক ভাবে বিশ্বৰ বিজ্ঞান দৰবাৰত ভাৰতৰ জয়যাত্ৰাক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ ওলাইছে। এইবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা চমুকৈ ইছৰো (ISRO)এ ভাৰতৰ 320 টন ওজন বিশিষ্ট নিৰ্ভৰযোগ্য উৎক্ষেপক যান PSLV-C37ৰ সহায়ত এবাৰতে 104 টা কৃত্ৰিম উপগ্ৰহ পৃথিৱীৰ কক্ষপথত স্থাপন কৰি সমগ্ৰ বিশ্বৰ মহাকাশ বিজ্ঞানৰ ইতিহাসত এক অসাধ্য সাধন কৰিবলৈ আগবাঢ়িছে। অহাকালি অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখে পুৱা 9 বাজি 28 মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন প্ৰক্ষেপণ কেন্দ্ৰৰ পৰা PSLV-C37 নামৰ যানখনে ভাৰতৰ 3 টা কৃত্ৰিম উপগ্ৰহৰ লগতে বিদেশী ৰাষ্ট্ৰসমূহৰ আন 101 টা কৃত্ৰিম উপগ্ৰহ বুকুত বান্ধি লৈ মহাকাশৰ বুকুলৈ উৰা মাৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ PSLV-C37ৰ সহায়ত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰোৱাৰ বাবে চুক্তিবদ্ধ এই বিদেশী ৰাষ্ট্ৰসমূহ হ'ল ইজৰাইল, কাজাখিস্থান, নেডাৰলেণ্ড, সংযুক্ত আৰব এমিৰাট, চুইজাৰলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকাৰ 96 টা, চুইজাৰলেণ্ড, ইজৰাইল, কাজাখিস্থান, নেডাৰলেণ্ড আৰু UAEৰ এটাকৈ মুঠ 5 টা আৰু ভাৰতৰ নিজা 3 টা কৃত্ৰিম উপগ্ৰহক লৈ সৰ্বমুঠ 104 টা কৃত্ৰিম উপগ্ৰহ এবাৰতেই মহাকাশলৈ প্ৰেৰণ কৰিবলৈ সাজু হোৱা ভাৰতীয় বিজ্ঞানীসকল আজি সমগ্ৰ বিশ্বৰ বিজ্ঞান সমাজৰ বাবে ঈৰ্ষাৰ পাত্ৰ। এই উৎক্ষেপণৰ জৰিয়তে দেশীয় 730 কেজি ওজনৰ 3 টা Cartosat-2 শ্ৰেণীৰ কৃত্ৰিম উপগ্ৰহ পৃথিৱীৰ কক্ষপথত স্থাপন কৰিব। আনহাতে বাকী 101 টা 600 কেজি ওজন বিশিষ্ট Microsatellite একে উৎক্ষেপণৰ জৰিয়তে পৃথিৱীৰ চৌদিশে নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰিব। এই প্ৰক্ষেপণৰ payload 1378 কেজি। এই প্ৰক্ষেপণৰ দ্বাৰা ভাৰতীয় বিজ্ঞানীসকলে কৃত্ৰিম উপগ্ৰহবোৰ ভূপৃষ্ঠৰ পৰা সৰ্বনিম্ন 520 কিলোমিটাৰ উচ্চতাৰ কক্ষপথত পৰ্যায়ক্ৰমে সংস্থাপন কৰিব। ইতিপূৰ্বে আমেৰিকাৰ নাছাই এবাৰত সৰ্বোচ্চ 29 টা আৰু 2014 চনত ৰাছিয়াই DNEPR ৰকেটৰ সহায়ত এবাৰত একেলগে সৰ্বোচ্চ 37 টা কৃত্ৰিম উপগ্ৰহ পৃথিৱীৰ কক্ষপথত স্থাপন কৰি অভিলেখ স্থাপন কৰি থৈছে। ভাৰতেও ইতিপূৰ্বে বিগত 2016 চনত PSLV-C34 উৎক্ষেপক যানৰ সহায়ত এবাৰতে 20 টা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰি বিশ্বৰ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত নিজৰ বলিষ্ঠ ভূমিকাৰ কথা প্ৰতিপন্ন কৰিছে। কিন্তু এইবাৰৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পদক্ষেপ সমগ্ৰ বিশ্বৰ বাবে এক নজিৰ বিহীন ঘটনা। আশাকৰো অহাকালিৰ সফল প্ৰক্ষেপণৰ দ্বাৰা ভাৰতীয় বিজ্ঞানীসকলে মাতৃভূমি ভাৰতবৰ্ষলৈ পুনৰ সুনাম কঢ়িয়াই আনিব। ইছৰোৰ বিজ্ঞানীসকললৈ আমাৰ তৰফৰ পৰা শুভকামনা যাচিলোঁ।

No comments:

Post a Comment