Sunday 19 February 2017

ছাতিৰ বিষয়ে যৎকিঞ্চিত




ৰ'দ আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ আমি ব্যৱহাৰ কৰা ছাতি বা Umbrella নামটো মূল লেটিন ভাষাৰ Umbra শব্দৰ পৰা আহিছে বুলি বিশেষজ্ঞ সকলে কয়। Umbra শব্দৰ অৰ্থ হ'ল : "ছাঁ"। কোনো কোনোৰ মতে আকৌ Umbel শব্দৰ পৰাহে Umbrella শব্দটো উৎপত্তি হৈছে। Umbel মানে ওপৰৰ দিশত ঘোৰ খাই থকা এক গঠন। 21 খৃষ্টাব্দত চীন দেশৰ Wang Mang নামৰ শাসক জনে তেওঁৰ ঘোঁৰাই টনা গাড়ীখনৰ ওপৰত লগোৱা গঠনটোৱেই মানুহে ব্যৱহাৰ কৰা প্ৰথমটো ছাতি বুলি পঢ়িবলৈ পোৱা যায়। এই ছাতিটো অৱশ্যে জপাব পৰা ছাতি নাছিল। জপাই থব পৰা ছাতি পিছলৈ Fu Qain নামৰ আন এজন লোকেহে সাজি উলিয়ায়। এই তথ্য সমূহ পিছে সমালোচনাৰ উৰ্ধত নহয়। ইজিপ্ত আৰু ফ্ৰান্সৰ মানুহে আকৌ Parasol নামৰ এক প্ৰকাৰৰ বিশেষ ধৰণৰ গঠন সূৰ্যৰ প্ৰখৰ ৰ'দৰ পৰা বাচিবলৈ ব্যৱহাৰ কৰিছিল। Para মানে বাধা আৰু Sol মানে সূৰ্য। অৰ্থাৎ সূৰ্যৰ প্ৰখৰ ৰ'দক বাধা দিয়া গঠন। যদিও ছাতিৰ আৱিষ্কাৰ প্ৰায় 3000 বছৰ মান আগতেই হৈছিল বুলি ধাৰণা কৰা হয়, সাধাৰণ মানুহে কিন্তু ছাতি ব্যৱহাৰ নকৰিছিল বা ব্যৱহাৰ নেজানিছিল। মুষ্টিমেয় কেইখনমান দেশ যেনে চীন, ফ্ৰান্স, ফিলিপাইনস, গ্ৰীচ, পাৰস্য আৰু ইজিপ্তৰ ৰজা বা ৰজাঘৰীয়া লোক আৰু জমিদাৰ শ্ৰেণীৰ মানুহৰ আভিজাত্যৰ প্ৰতীক হিচাবেহে ছাতিৰ ব্যৱহাৰ হৈ আহিছিল। ভাৰতবৰ্ষটো ৰজাৰ সিংহাসন বা ৰথত ছাতিৰ দৰে কিছুমান গঠন ব্যৱহাৰ কৰা হৈছিল। মহাভাৰততো জমদগ্নি আৰু তেওঁৰ পত্নী ৰেণুকাৰ উপাখ্যানত ছাতিৰ প্ৰসংগ উল্লেখ আছে। আনুমানিক 1650 চন মানৰ পৰাহে ছাতিৰ বিষয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহে জানিবলৈ পাৰিছিল। 1740ৰ পৰা 1750 চনৰ ভিতৰত পশ্চিমীয়া দেশবোৰত লাহে লাহে ছাতিৰ ব্যৱহাৰ আৰম্ভ হয়। ইয়াতো মহিলা সকলেহে ছাতি বেছিকৈ ব্যৱহাৰ কৰা দেখা গৈছিল। সেই সময়ত পাৰস্য দেশৰ পৰা অহা এজন পৰিব্ৰাজক Jonas Hanwayএ ইংলেণ্ডলৈ আহোঁতে তেখেতে অনবৰতে ছাতি এটা লগত লৈ ফুৰিছিল। ইয়াৰ পিছৰে পৰাই ইংলেণ্ডত ছাতিৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰে। 1800 খৃষ্টাব্দৰ পৰা ছাতিৰ বহুত পৰিবৰ্তন হয়। কাঠ বা বাহৰ সলনি ছাতিত লো বা তীখাৰ সৰু সৰু পাটি লগাই তাত চিল্কৰ কাপোৰ লগোৱাৰ ব্যৱস্থা কৰা হয়। আভিজাত্যৰ প্ৰতীকৰূপী ছাতিবোৰ লাহে লাহে ৰজাঘৰীয়া সম্পত্তিয়েই হৈ নেথাকি সাধাৰণ মানুহৰ ৰ'দ বৰষুণৰ সংগী হৈ পৰিল আৰু প্ৰয়োজন সাপেক্ষে ছাতিৰ আকাৰ আকৃতিৰো ধাৰাবাহিক ভাবে পৰিবৰ্তন হৈ থাকিল।
শেষত এষাৰী বাক্য মনলৈ আহিছে : "The mind is like an umbrella. Its most useful when open." 

No comments:

Post a Comment