Thursday 2 February 2017

কলম্বিয়া মহাকাশযান আৰু কল্পনা চাওলা



2003 চনৰ 1 ফেব্ৰুৱাৰীৰ এটি মিঠা সতেজ ৰাতিপুৱা। সদা ব্যস্ত কেনেডি মহাকাশ কেন্দ্ৰৰ কৰ্মীসকল আজিও ব্যস্ত। আজিৰ ব্যস্ততা নিতান্তই স্বাভাৱিক। 2003 চনৰ 16 জানুৱাৰীৰ দিনা এই কেন্দ্ৰটোৰ তত্বাৱধানতেই Space Shuttle Columbiaৰ Flight STS-107 জৰিয়তে মহাকাশলৈ বুলি উৰা মাৰিছিল কামাণ্ডাৰ ৰিক হাচবেন্দ, মিচন স্পেচিয়েলিষ্ট লোৰেল ক্লাৰ্ক, পেলোড স্পেচিয়েলিষ্ট ইলান ৰমণ, মহাকাশৰ গৱেষণাৰ বাবে যোৱা ডেভিদ ব্ৰাউন, মিচন স্পেচিয়েলিষ্ট উইলিয়াম মেককুল, পাইলট মাইকেল এণ্ডাৰচন আৰু হাৰিয়ানাৰ কাৰ্ণালত জন্ম গ্ৰহণ কৰা আমাৰ অতি মৰমৰ কল্পনা চাওলা। সেয়া আছিল কলম্বিয়াৰ 28তম সফল উৰণ। আজি এই সাতোজন মহাকাশচাৰী 16 দিনৰ মহাকাশ যাত্ৰাৰ সমাপ্তি ঘটাই পুনৰ পৃথিৱীলৈ ঘুৰি আহিব। এই 16টা দিনত তেওঁলোকে ৮০টা গৱেষণামূলক পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। ইতিমধ্যে কলম্বিয়া স্পেচ চাটলৰ লগত যোগাযোগ হৈছে। তেওঁলোক অৱতৰণৰ বাবে প্ৰস্তুত। 1997 চনৰ নৱেম্বৰ মাহৰ মহাকাশ যাত্ৰাৰ পিছত এইটো কল্পনা চাওলাৰ দ্বিতীয় মহাকাশ যাত্ৰা। ইতিমধ্যে মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহিলা হিচাবে কল্পনাৰ নাম ইতিহাসৰ সোণালী পৃষ্ঠাত লিপিবদ্ধ হৈছে। সেই যাত্ৰাত কল্পনা চাওলাই মহাকাশৰ বুকুত 10.4 মিলিয়ন মাইল দূৰত্ব অতিক্ৰম কৰাৰ উপৰিও 252 বাৰ পৃথিৱীৰ চৌদিশে প্ৰদক্ষিণ কৰিছিল। একেৰাহে 372 ঘন্টা মহাকাশত কটাই মহাকাশত সৰ্বাধিক সময় অতিবাহিত কৰা মহিলা হিচাবেও তেওঁৰ নাম লিপিবদ্ধ হয়। 

সেউজ সংকেত পোৱাৰ লগে-লগে পাইলট এণ্ডাৰচনে কলম্বিয়াৰ পৃথিৱীমূখী যাত্ৰাৰ বাবে প্ৰস্তুত হ'ল। ইতিমধ্যে মিচন স্পেচিয়েলিষ্ট উইলিয়াম মেককুল আৰু লোৰেল ক্লাৰ্কে যানখনৰ খুটিনাটিবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰিলে। সময় তেতিয়া আমেৰিকাৰ ঘড়ীত 2:32 AM. তেওঁলোকৰ পৰা সেউজ সংকেত লাভ কৰা মাত্ৰকে কলম্বিয়াৰ ইঞ্জিনে গৰ্জন কৰি উঠিল আৰু মূহুৰ্তৰ ভিতৰতে কলম্বিয়া যানখন পৃথিৱীৰ চৌদিশৰ কক্ষপথৰ পৰা ক্ৰমে নিম্ন উচ্চতাৰ কক্ষপথলৈ নামি অহাৰ জটিল পৰ্যায়সমূহ সম্পন্ন কৰিবলৈ ধৰিলে। প্ৰায় 5 ঘণ্টাৰ জটিল এক পৰিক্ৰমা শেষ কৰি পুৱা 8:00 বজাত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰবেশ কৰিবলৈ প্ৰস্তুত হয়। প্ৰতিটো মহাকাশ যাত্ৰাৰ বাবে এইটো এটা অতি বিপদজনক পৰ্যায়। পুৱা 8:10 মিনিটত কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা বতৰ, বায়ুমণ্ডল আৰু বায়ুৰ গতিবেগ সম্বন্ধে তথ্য সমূহ পোৱাৰ পিছতেই কলম্বিয়াৰ ইঞ্জিনৰ De-Orbit burn আৰম্ভ হ'ল। তেতিয়া কলম্বিয়াই প্ৰতি ছেকেণ্ডত 7.8 কিলোমিটাৰ বেগত ভাৰত মহাসাগৰৰ ওপৰেৰে মাটিৰ পৰা প্ৰায় 300 কিলোমিটাৰ উচ্চতাত উৰি আছিল। 2 মিনিট 48 ছেকেণ্ড সময়ৰ ব্যৱধানত ইঞ্জিনৰ De-Orbit burn সুকলমে সম্পন্ন হৈ যায়। লাহে-লাহে কলম্বিয়া পৃথিৱীৰ বায়ুমণ্ডলৰ দিশে ধাৱমান হ'বলৈ ধৰে। সময় তেতিয়া 8:44 AM. কলম্বিয়া মহাকাশযান সেই সময়ত পৃথিৱীৰ পৰা প্ৰায় 120 কিলোমিটাৰ উচ্চতাত প্ৰশান্ত মহাসাগৰৰ ওপৰেৰে উৰি আছিল। বায়ুমণ্ডলৰ ঘনত্বও ক্ৰমে বাঢ়ি আহিছে। বায়ুমণ্ডলত হোৱা ঘৰ্ষণৰ ফলত কলম্বিয়াৰ বহিঃভাগৰ উষ্ণতাও বাঢ়ি আহিছে। কলম্বিয়াৰ Thermal Sensorত এই উষ্ণতা তেতিয়া 1370 °C ! উতলা পানীতকৈ 13.7 গুণ বেছি গৰম। অৱশ্যে এনে উষ্ণতাৰ লগত মোকাবিলা কৰিব পৰাকৈ কলম্বিয়াক প্ৰস্তুত কৰা হৈছে। 

সময়: 8:48 AM. হঠাৎ কলম্বিয়াৰ পাইলট এণ্ডাৰচনে Thermal sensorত উষ্ণতাৰ এক অস্বাভাৱিকতা ধৰা পেলায়। সেই সময়ত Thermal Sensorত ৰেকৰ্ড হোৱা উষ্ণতা 1450 °C ! মূহুৰ্তৰ ভিতৰতে গ্ৰাউণ্ড কণ্ট্ৰোললৈ খবৰ পঠিওৱা হ'ল। মাটিৰ পৰা 78 কিলোমিটাৰ উচ্চতাত কলম্বিয়া তেতিয়া কেলিফৰ্ণিয়াৰ উপকূল অঞ্চলৰ ওপৰেৰে উৰি আছিল। গ্ৰাউণ্ড কণ্ট্ৰোলত তেতিয়া হাহাকাৰ। কিংকৰ্ত্তব্য বিমুৰ হৈ পৰা গ্ৰাউণ্ড স্টাফে কিবা এটি সিদ্ধান্ত লোৱাৰ আগতেই, মাত্ৰ কেইমিনিট মান সময়ৰ ব্যৱধানত কলম্বিয়া হুৰহুৰকৈ নামি আহি মাটিৰ পৰা প্ৰায় 55 কিলোমিটাৰ উচ্চতাত টেক্সাাচৰ আকাশত এটি জ্বলন্ত অগ্নিপিণ্ডলৈ ৰূপান্তৰিত হয় আৰু আকাশতেই বিস্ফোৰিত হৈ এক বিস্তৃৰ্ণ অঞ্চলত সিঁচৰতি হৈ পৰে। কেনেডি মহাকাশ কেন্দ্ৰৰ গ্ৰাউণ্ড স্টাফে মাথোন চাই ৰ'ল টেলিভিচনৰ বৃহৎ পৰ্দাখনত সেই ভয়াবহ দৃশ্য। 

চেলেঞ্জাৰ মহাকাশযান দুৰ্ঘটনাত পতিত হোৱাৰ পিছত 2003 চনৰ 1 ফেব্ৰুৱাৰীৰ এই মহাকাশ দুৰ্ঘটনা মহাকাশ ইতিহাসৰ এক কৰুণতম অধ্যায়। এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সাতজন মহাকাশচাৰীৰ প্ৰতি এই লিখনিৰ দ্বাৰা আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

No comments:

Post a Comment