মানুহৰ জীৱনত কিছুমান হেঁপাহ থাকে। যেতিয়া কোনো এটা সপোনে বুকুত গজালি মেলে, তেতিয়া পৃথিৱীৰ কোনো নিয়মেই যেন তাক বান্ধি ৰাখিব নোৱাৰে। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে মোৰো তেনে এটি হেঁপাহ উপজিছিল। গহপুৰৰ পৰা আঠ কিলোমিটাৰ আঁতৰৰ ডুবিয়াত তেতিয়া দেউতা কৰ্মৰত। দেউতাৰ লগত আমিও চৰকাৰী ঘৰত থাকো। সংগীতৰ নিচাটোৱে তেতিয়া মোৰ কলিজাত এনেকৈ খোপনি পুতি লৈছিল যে প্ৰতি দেওবাৰে অঞ্চলটোৰ সুকণ্ঠী গায়ক শ্ৰদ্ধাৰ বীৰেন গগৈ ছাৰৰ পদূলি গচকাটো মোৰ নিয়মীয়া সাধনা হৈ পৰিছিল। ছাৰে অতি মৰমেৰে মোক সংগীতৰ অ, আ, ক, খ খিনি বুজাই আছিল। কিন্তু বিধিৰ কি বিধান! কণ্ঠত সুৰৰ গভীৰতা আহিবলৈ নৌপাওঁতেই স্কুলৰ বাৰ্ষিক অধিবেশন আৰু বঁটা বিতৰণী সভাখন আহি পালেহি। মনৰ ভিতৰত নিটাল মাৰি থকা গান গোৱাৰ ‘পোকটোৱেও’ এই চেগতে এনেকুৱা কামোৰ দিলে যে মই অধৈৰ্য্য হৈ পৰিলোঁ।
বুকুৰ ঢপঢপনিবোৰ চেপি ধৰি, দুটামান সেপ ঢুকি কোনোমতে সাহস গোটাই মোৰ সংগীতৰ গুৰু বীৰেন ছাৰৰ আগত মনৰ কথা ক'লো। ছাৰে মোৰ মুখলৈ চাই ক'লে — হেৰৌ, তই এতিয়াই গান গাবলৈ উপযুক্ত হোৱা নাই। আৰু সাধনা লাগিব। আৰু বহু অভ্যাসৰ প্ৰয়োজন! কথাতো শুনি মোৰ হৃদয়খন যেন পলকতে থানবান হৈ গ'ল! হয়তো মোৰ উদাস মুখখন দেখি ছাৰৰ অন্তৰখন কোমল হ'ল। তেখেতে লগে লগে ৰেৱ বৰা ছাৰক তবলা সংগত কৰিবলৈ দি নিজে হাৰমনিয়ামৰ ৰিদ’ত আঙুলি বুলাই আৰম্ভ কৰিলে ৰামেশ্বৰ পাঠকৰ সেই কালজয়ী লোকগীতটি— "কৰ্ণত কুণ্ডল তোমাৰ মাথে মৈৰাৰ পাখি…!"
গীতটো শেষ কৰি ছাৰে মোৰ চকুলৈ চাই এক নিৰ্দেশাত্মক স্বৰেৰে ক’লে— "তই এইটোকে গাব লাগিব!" মই যেন আকাশ ঢুকি পালোঁ! তাৰ পিছত আৰম্ভ হ’ল মোৰ আহোপুৰুষাৰ্থ ‘প্ৰচেষ্টা’। ছাৰে নিৰ্দেশ দিছিল— "ডাঙৰকৈ গাবি, মাতটো খুলিব লাগিব!" গুৰুৰ বাক্য শিৰোধাৰ্য কৰি ঘৰত যেতিয়াই-তেতিয়াই ডিঙিৰ সিৰ ফুলাই চিঞৰিবলৈ ধৰিলোঁ — "কৰ্ণত কুণ্ডল তোমাৰ মাথে মৈৰাৰ পাখি…!" ফাটি যোৱা মাত, সুৰৰ ঠিকনা নাই। এদিন দুপৰীয়া মোৰ সেই বুকুভঙা চিঞৰত দেউতাৰ কেঁচা টোপনি ভাগিল। মনত পৰে, শোৱাপাটীৰ পৰাই দেউতাই মাক চিঞৰি সুধিছিল — "হেৰা, আমাৰ এই গৰুটো বলিয়া হ'ল নেকি?" আজিও মনত পৰে তাহানিৰ কথাবোৰ।
অৱশেষত সেই বহু প্ৰত্যাশিত দিনটো আহিল। লোকগীত প্ৰতিযোগিতাৰ চাৰি নম্বৰ প্ৰতিযোগী মই। মঞ্চৰ পৰা নামটো ঘোষণা হোৱাৰ লগে লগেই বুকুখন চিৰিংকৈ উঠিল যদিও আত্মবিশ্বাসৰ কোনো অভাৱ নাছিল। মঞ্চত তবলা আৰু হাৰমনিয়াম লৈ ওপৰৰ ক্লাছৰ দাদা দুজন বাদ্যযন্ত্ৰী হিচাপে সাজু হৈয়েই আছিল। মই টেবুলখনৰ কাষত থিয় হৈ দেখোঁ — উৱা ! মাইক্ৰ’ফোনটো আকাশ চুবলৈহে যেন ওলমি আছে! দাদা এজনে টানি-টুনি মাইক্ৰ'ফোনটো নমাই দিয়াৰ পিছতো মই ঢুকি পোৱা নাই। মোৰ এই দুৰৱস্থা দেখি মঞ্চৰ এচুকত আমাৰ দৰে চাপৰ প্ৰতিযোগীৰ বাবে সাজু কৰি ৰখা সেই দুচপৰা ৰঙা ইটা আনি মোৰ ভৰিৰ তলত দিয়া হ’ল। দুচপৰা ইটাৰ ওপৰত থিয় হৈ মই যেন পৃথিৱী জয় কৰাৰ আনন্দত আত্মহাৰা হ’লোঁ। এজন বাদ্যযন্ত্ৰীয়ে ক’লে— "গা এতিয়া!"
বচ্, ক’বলৈহে পালে! মোৰ বুকুত সাঁচি ৰখা সমস্ত শক্তি উজলাই চিঞৰি উঠিলোঁ— "কৰ্ণত কুণ্ডল তোমাৰ মাথে মৈৰাৰ পাখি…!" মাইকত মাতটো ঠিক বিজুলী ঢেৰেকনিৰ দৰে গুমগুমাই উঠিল। তাল ক’ত গ’ল, লয় ক’ত হেৰাল — কাৰো কোনো মতলব নাই! মই মোৰ গতিৰে গানৰ এক্সপ্ৰেছ চলাই গৈ থাকিলোঁ। মনতে ভাবিছোঁ, বাদ্যযন্ত্ৰীসকলে হয়তো মোৰ লগত তাল মিলাবলৈ সুযোগ বিচাৰি আছে, নিশ্চয় বজাব এতিয়া! প্ৰায় পাঁচ মিনিটমান জোৰা দীঘলীয়া লোকগীতটি মই এক মিনিটৰ ভিতৰতেই এক উশাহতে গাই শেষ কৰি পেলালোঁ। গীতৰ শেষত বিজয়ীৰ দৰে মূৰ দাঙি চাৰিওফালে চাই দেখোঁ— মোৰ কাষত এজনো বাদ্যযন্ত্ৰী নাই! মোৰ সেই অতিমানৱীয় গতিৰ লগত মিলি থাকিব নোৱাৰি তেওঁলোকে বাদ্য এৰি কেতিয়াবাই সেই স্থান ত্যাগ কৰিছে!
ইপিনে সমগ্ৰ প্ৰেক্ষাগৃহত হাঁহি, সুঁহুৰি আৰু হাতচাপৰিৰ এনে এক খলকনি উঠিল যে মই ভাবিলোঁ— অহ্, আজি নিশ্চয় মই তামাম গান গাই দিলোঁ! কিন্তু মোহভংগ হ’বলৈ বেছি সময় নালাগিল। বুকু ফুলাই যেতিয়া মঞ্চৰ পৰা নামি আহিলোঁ, সকলোৰে মুখত হাঁহি। তাৰ মাজতেই নৱম শ্ৰেণীৰ তবলা বজোৱা দাদাজনে পিছফালৰ পৰা আহি মোৰ সোঁকাণখন এনেকৈ মুচৰি দিলে যে মই চকুৰে সৰিয়হ ফুল দেখিবলৈ পালোঁ! দাঁত কামুৰি তেওঁ ক’লে— "এইবোৰ কি গান গাইছ হেৰৌ?!" বহুপৰলৈকে মোৰ কাণখন আঙঠাৰ দৰে ৰঙা হৈ জ্বলি থাকিল। ঘৰলৈ অহাৰ পিছত মায়ে যেতিয়া চিন্তিত হৈ সুধিলে— "তোৰ কাণখন কিয় ইমান ৰঙা?" মই তলমূৰ কৰি মনে মনে ৰ’লোঁ।
সেই দিনাই মোৰ সংগীত সাধনাৰ সমাধি ঘটিল। তাৰ পিছত আৰু কেতিয়াও বীৰেন ছাৰৰ ঘৰলৈ যোৱাৰ সাহস গোটাব নোৱাৰিলোঁ। ষষ্ঠ শ্ৰেণীৰ সেই দুচপৰা ইটা আৰু কাণৰ মোচৰটোতেই মোৰ সুৰৰ কেৰিয়াৰৰ যৱনিকা পৰিল।
এতিয়া আক্ষেপ নাই, কিন্তু যেতিয়াই ক’ৰবাত লোকগীতৰ সুৰ শুনো, শৈশৱৰ সেই নিষ্পাপ হাঁহি আৰু বেদনাৰ দিনবোৰৰ স্মৃতিয়ে বুকুৰ এচুকত এটা চিনাকি টোকৰ মাৰি যায়। হয়, গান মোৰ কণ্ঠই পাহৰি গ’ল, কিন্তু সংগীতে মোক এৰি নগ’ল। আজি মই গান গাব নোৱাৰোঁ সঁচা, কিন্তু গান মোৰ প্ৰিয়। গান শুনোঁ — কেৱল কাণেৰে নহয়, জীৱনক জীপাল কৰিব পৰা গানবোৰ শুনো একান্ত মনে, হৃদয়েৰে।

No comments:
Post a Comment