প্ৰকৃতি আৰু মানৱ ইতিহাসৰ মিলন কেতিয়াবা এনে এক ৰূপত ঘটে, যিয়ে মানুহক একে সময়তে আশ্চৰ্যান্বিত আৰু আৱেগিক কৰি তোলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ৰাজ্যৰ ভাশ্ব’ন দ্বীপৰ (Vashon Island) এখন ঘন অৰণ্যৰ মাজত এনে এক দৃশ্য দেখিবলৈ পোৱা যায়— য’ত মাটিৰ পৰা কেইবা ফুট ওপৰত এখন পুৰণি লোহাৰ চাইকেল নিজৰ দেহত এনেদৰে আকোঁৱালি লৈছে, যেন সেয়া কোনো নিৰ্জীৱ যন্ত্ৰ নহয়, বৰঞ্চ গছজোপাৰেই এক স্পন্দিত অংগ। বননিৰ সেউজীয়া আৱেষ্টনীৰ মাজত মামৰে ধৰা এই চাইকেলখনে যোৱা কেইবাদশক ধৰি প্ৰতিজন সংবেদনশীল মানুহৰ মনত এক অপূৰ্ব বিস্ময় আৰু বুজাব নোৱাৰা আৱেগৰ সৃষ্টি কৰি আহিছে। বিশ্বজুৰি এই দৃশ্যটো "বাইচাইকেল ট্ৰী" (The Bicycle Tree) নামেৰে খ্যাত।
এই বিস্ময়কৰ ঘটনাটো লৈ মানুহৰ মুখে মুখে বাগৰি ফুৰা কাহিনীটো হৃদয় কঁপাই যোৱা এক কৰুণ গাঁথা। প্ৰচলিত লোককথা অনুসৰি, ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ কালছোৱাত কোনো এজন তজবজীয়া ডেকা ল’ৰাই দেশৰ আহ্বানত যুদ্ধক্ষেত্ৰলৈ ওলাইছিল। ঘৰৰ পৰা চাইকেলেৰে আহি তেওঁ হাবিখনৰ এই কুমলীয়া গছপুলিটোৰ কাষতেই নিজৰ মৰমৰ চাইকেলখন শিকলিৰে বান্ধি থৈ গৈছিল। মনত হয়তো সপোন আছিল যুদ্ধ জিনি আকৌ ঘূৰি আহি এই চাইকেল চলাই নিজৰ গাঁৱৰ চিনাকি বাটেৰে আনন্দৰে ঘূৰি ফুৰিব। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসত সেই ল’ৰাজন আৰু কেতিয়াও ঘূৰি নাহিল; কেৱল ৰৈ গ’ল তেওঁৰ বাবে অপেক্ষাৰত নিসংগ চাইকেলখন। তেওঁৰ চিৰদিনীয়া অনুপস্থিতি যেন নিঃশব্দে অনুভৱ কৰিছিল সেই গভীৰ অৰণ্যই, যাৰ বাবে গছজোপাই দশকৰ পিছত দশক ধৰি চাইকেলখন নিজৰ বুকুত সাৱটি আকাশৰ ফালে কঢ়িয়াই লৈ গ’ল এক জীৱন্ত স্মৃতিসৌধৰ দৰে।
অৱশ্যে বাস্তৱৰ পটভূমিটো যুদ্ধৰ নাছিল যদিও, সিও আছিল এক বিষাদ আৰু পাহৰি যোৱা শৈশৱৰ অমলিন অধ্যায়। প্ৰকৃত ঘটনাটো আছিল ১৯৫৪ চনৰ, যেতিয়া এক শোকাবহ অগ্নিকাণ্ডত পিতৃক হেৰুৱাই ভাশ্ব’ন দ্বীপৰ এটি কণমানি ল’ৰা ডন পাজ আৰু তেওঁৰ পৰিয়ালটো দিশহাৰা হৈ পৰিছিল। সেই কঠিন সময়ত চুবুৰীয়াই মৰম আৰু সহানুভূতিৰ হাত আগবঢ়াই ডনক উপহাৰস্বৰূপে দিছিল এই ৰবৰৰ চকাযুক্ত সৰু চাইকেলখন। পিতৃহাৰা শিশুটিৰ মনত কিন্তু সেই গধুৰ আৰু ৰৱৰৰ চকাযুক্ত চাইকেলখনে বিশেষ স্থান নাপালে; এদিন অৰণ্যৰ মাজত উমলি থাকোঁতে তেওঁ চাইকেলখন এজোপা গছত আউজাই থৈছিল। কিছুপৰ উমলি থকাৰ পিছত ডন ঘৰলৈ উভতি আহিল কিন্তু চাইকেলখনৰ কথা পাহৰি অৰণ্যৰ মাজতেই এৰি থৈ আহিল। ঘৰলৈ ঘূৰি অহাৰ পিছত চাইকেলখনৰ কথা মনত পৰিছিল যদিও তেওঁ চাইকেল আনিবলৈ নগ'ল, কাৰণ তেওঁ চাইকেলখন ভাল নেপাইছিল।
মানুহে পাহৰি গ’লেও প্ৰকৃতিয়ে কিন্তু একোকে পাহৰি নেযায়। গছজোপাই সেই পেলাই থৈ যোৱা লোহাৰ চাইকেলখনক অৱহেলা নকৰি তাৰ প্ৰতিটো ঋতুৰ বৃদ্ধি আৰু নতুন কাণ্ডৰ আৱৰণেৰে ক্ৰমান্বয়ে নিজৰ গভীৰলৈ সুমুৱাই ল’লে। চাৰিটা দশকৰ অন্তত যেতিয়া পূৰ্ণবয়স্ক ডনে নিজৰ পাহৰি যোৱা শৈশৱক সেই বিশাল গছজোপাৰ বুকুত পুনৰ আৱিষ্কাৰ কৰিলে, তেতিয়া লোহা আৰু জীয়া কাঠৰ সেই অদ্ভুত মিলনে যেন সোঁৱৰাই দিলে যে সময়ৰ সোঁতত মানুহ গুচি যায়, কিন্তু প্ৰকৃতিয়ে মানুহৰ স্মৃতিবোৰ বুকুত সাঁচি ৰাখে। সেয়া এজন যুদ্ধৰ পৰা উভতি নহা সৈনিকৰ নীৰৱ বেদনাই হওক অথবা এটি অনাথ শিশুৰ পাহৰি যোৱা শৈশৱৰ কোনো পদচিহ্নই হওক, গছে আকোঁৱালি লোৱা এই চাইকেলখনে আজিও মানুহক নীৰৱে কয়— সময় ক্ষণস্থায়ী, কিন্তু প্ৰকৃতিৰ স্নেহময় কোলাত কোনো স্মৃতিয়েই কেতিয়াও অসাৰ হৈ হেৰাই নাযায়।
ইউটিউব ভিডিঅ’: https://youtu.be/Oja-ZgLsbF8?si=85IDXDqUuv7H2GhE

No comments:
Post a Comment