শিশুটিয়ে ভালকৈ কথা ক'ব নোৱাৰে। এই বিষয়টো লৈ ঘৰত মাক দেউতাকৰ চিন্তা। এদিনৰ কথা। ৰাতি ভাতৰ টেবুলত সকলো বহি ভাত খাই আছে। এনেতে শিশুটিয়ে চিৎকাৰ কৰি উঠিল: উস্, এই চুপখিনি ইমান গৰম ! এক মূহুৰ্তৰ বাবে যেন পিতৃ-মাতৃ দুয়োজনেই আচৰিত হৈ গ'ল। আথেবেথে দুয়ো শিশুটিক সুধিলে: বোপা, তুমি ইমান ধুনীয়াকৈ কথা ক'ব পাৰা অথচ ইমান দিনে কথা কোৱা নাছিলা কিয় ? বিশেষ গুৰুত্ব নিদিয়াকৈ শিশুটিয়ে উত্তৰ দিলে: কাৰণ ইয়াৰ আগতে চুপ বোৰ ইমান গৰম নাছিল !!! এই শিশুটিয়েই পৰবৰ্তী কালত পৰিচিত হৈছিল বিজ্ঞান জগতৰ এটি উজ্জ্বল নক্ষত্ৰ হিচাবে যাৰ নাম এলবাৰ্ট আইনষ্টাইন। 1879 ৰ মাৰ্চ মাহৰ 14 তাৰিখে এই মহান বিজ্ঞানীজনৰ জন্ম হৈছিল। আজি তেওঁৰ 137তম ওপজা দিনত তেখেতলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। আইনষ্টাইন এজন বিদগ্ধ পণ্ডিত আছিল। পিছে তেখেতৰ জীৱনৰ অনেক আমোদজনক কাহানিও আছে। আজি তেনে এটি কাহিনীয়েই উল্লেখ কৰিব বিচাৰিছো।
এখন সভাত আইনষ্টাইনক গুণমুগ্ধ সকলে আগুৰি আছে। এজন ছাত্ৰই তেখেতক সুধিলে: মহাশয়, আপোনাৰ সাধাৰণ আপেক্ষিকতাবাদৰ তত্বটো অলপ সহজকৈ বুজাই দিব নেকি ? আইনষ্টাইনে ক'বলৈ ধৰিলে: মোৰ তত্বটো জনাৰ আগতে মোৰ এটি অভিজ্ঞতাৰ বিষয়ে জানিব লাগিব।
এবাৰ মই এজন বন্ধুৰ লগত সময়ত অতিবাহিত কৰিছিলো। বন্ধুজন আছিল অন্ধ।মই কলো যে মোৰ গাখীৰ খাবলৈ বৰ ইচ্ছা হৈছে। বন্ধুজনে ক'লে: গাখীৰ ময়ো খাইছো, কিন্তু গাখীৰ কেনে মই নেজানো।
মই ক'লো: গাখীৰ এবিধ বগা তৰল পদাৰ্থ।
বন্ধু: তৰল পদাৰ্থৰ বিষয়ে মই জানো, কিন্তু বগা মানেনো কি ?
মই: বগা মানে সেই যে বগলীৰ গাৰ ৰঙটোৰ দৰে....
বন্ধু: বগলী নো দেখিবলৈ কেনেকুৱা ?
মই: আস্ ! বগলী দীঘল আৰু বেঁকা ডিঙিৰ চৰাইটো যে....
বন্ধু: ডিঙিটো বাৰু বুজিলো, কিন্তু বেঁকা মানেই বা কি !
আইনষ্টাইনে ক'বলৈ ধৰিলে: ইয়াৰ পিছত মোৰ ধৰ্য্যৰ বান্ধ খুলি গ'ল। মই বন্ধুজনৰ হাতখন টানি আনি কিলাকুটিত ভাঁজ লগাই বুজাবলৈ চেষ্টা কৰিলোঁ বেঁকা মানে কি ! তাৰপিছত মই বন্ধুজনক সুধিলো: আশাকৰো তুমি এতিয়া বুজিব পাৰিছা।
বন্ধু: হেঃ হেঃ হেঃ... মই এতিয়াহে বুজিলো তুমি কি খাবলৈ বিচাৰিছা !!!

(ছাত্ৰজনে আইনষ্টাইনৰ পৰা আপেক্ষিকতাবাদৰ বিষয়ে শিকিলে নে নাই, জনা নগ'ল !)
No comments:
Post a Comment