Saturday 21 October 2017

দুষ্প্ৰাপ্য ধাতু সোণৰ সৃষ্টি ৰহস্য


মানুহৰ লগত মহা মূল্যবান সোণৰ সম্পর্ক মানব সভ্যতাৰ দোকমোকালিৰ পৰাই বিদ্যমান। প্ৰাচীন মিচৰৰ ফাৰাও সকলেই হওঁক বা আধুনিক জগতৰ সাধাৰণ শ্ৰেণীৰ পৰা আৰম্ভ কৰি নামী-দামী তাৰকাই হওঁক, সকলো সোণৰ প্ৰতি আকৰ্ষিত। পৃথিৱীৰ বুকু বিদীৰ্ণ কৰি খনিৰ পৰা আহৰণ কৰা সোণে দেশৰ অৰ্থনৈতিক দিশতো প্ৰভাব বিস্তাৰ কৰে। কিন্তু পৃথিৱীৰ গৰ্ভত থকা সোণবোৰ বাৰু পৃথিৱীৰেই নে ? 

বিজ্ঞানী সকলে জানিবলৈ দিয়া মতে পৃথিৱীৰ গৰ্ভত থকা বিভিন্ন পদাৰ্থ সমূহৰ লগতে কাৰ্বন, লো প্ৰভৃতি মৌল সমূহ একোটা বিয়াগোম তৰাৰ কেন্দ্ৰভাগত অৱস্থিত কাৰখানাত নিউক্লিয় সংযোজন বিক্ৰিয়াৰ ফলত সৃষ্টি হৈ পিছত তৰাটোৰ মৃত্যুৰ সময়ত সৃষ্টি হোৱা প্ৰচণ্ড বিষ্ফোৰণত বিশ্বব্ৰহ্মাণ্ডৰ চৌদিশে বিস্তাৰিত হৈ পৰিছে। এই প্ৰসংগতেই বিশ্ব প্ৰসিদ্ধ বিজ্ঞানী কাৰ্ল চেগানে কৈছিল : 
“আমাৰ ডি.এন. এত থকা নাইট্ৰজেন, দাঁতক সুদৃঢ় কৰা কেলচিয়াম, ৰক্ত কনিকাত থকা লো অথবা শৰীৰৰ প্ৰতিটো বিন্দুত নিহিত হৈ থকা কাৰ্বন- এই সকলোবোৰেই কোনো এক মৃত্যুশয্যাত পতিত নক্ষত্ৰৰ আভ্যন্তৰত সৃষ্টি হৈ মহাবিষ্ফোৰণৰ জৰিয়তে বিশ্বব্ৰহ্মাণ্ডৰ চৌদিশে সিঁচৰতি হৈ পৰিছে । সেয়ে আমিবোৰ মৃত নক্ষত্ৰৰ ধূলিকণা মাত্ৰ ।”

কাৰ্ল চেগানৰ বক্তব্যৰ পৰাই সহজে অনুমান কৰিব পাৰি যে পৃথিৱীৰ নিজা বুলিবলৈ একোৱেই নাই ! আমি জীৱন ধাৰণৰ বাবে পৃথিৱীৰ পৰা আহৰণ কৰা প্ৰতিটো মৌলই, প্ৰতিটো পদাৰ্থই স্বৰূপতে পৃথিৱীয়ে আনৰ পৰা সংগ্ৰহ কৰিহে থৈছে। তেনেহলে স্বাভাৱিকতেই আমাৰ মনত প্ৰশ্ন উদয় হ'ব : পৃথিৱীৰ বুকুলৈ মহা মূল্যবান ধাতু "সোণ" ক'ৰপৰা আহিল ? কেনেকৈ আহিল ?

বিশ্বৰ অন্যতম দামী ধাতু সোণৰ চাহিদা অনুসৰি পৃথিৱীত ইয়াৰ পৰিমান তুলনামূলক ভাবে নগন্য। বিজ্ঞানীসকলে গৱেষণাৰ জৰিয়তে এইটো জানিব পাৰিলে যে মহাশূণ্যত ভাসমান সূৰ্যকে আদি কৰি বিভিন্ন নক্ষত্ৰবোৰৰ বুকুত কার্বন অথবা লো আদি মৌলসমূহ তৈয়াৰ হয়। কিন্তু এই নক্ষত্ৰবোৰৰ বুকুত সোণ সৃষ্টি নহয়, হ'ব নোৱাৰে। তেতিয়াই তেওঁলোকে ধাৰণা কৰে যে বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰৰ মৃত্যুৰ সময়ত সৃষ্টি হোৱা ভয়ংকৰ বিষ্ফোৰণতকৈও ভয়াবহ কোনো এক মহাজাগতিক বিপর্যয় ঘটে আৰু তেনে কোনো মহাজাগতিক বিপর্যয়ৰ ফলতেই মহা মূল্যবান ধাতু সোণ সৃষ্টি হয়। পিছলৈ বিজ্ঞানী সকলে ধৰা পেলাই তেনে এক মহাজাগতিক বিষ্ফোৰণ য'ত এক ভয়ানক মুখামুখি সংঘৰ্ষত পতিত হয় দুটা নিউট্ৰন তৰা। নিউট্ৰন তৰাৰ এনে মুখামুখি সংঘৰ্ষত আলোকিত হৈ উঠে বিশ্বব্ৰহ্মাণ্ডৰ দূৰ দিগন্ত। বৈজ্ঞানিক সকলে এনে মহাজাগতিক সংঘৰ্ষক "গামা ৰে বাৰ্ষ্ট" বা সংক্ষেপে "জি-আৰ-বি" বুলি কয়। 

কিন্তু এই নিউট্ৰন তৰাবোৰনো কি ? কিছুমান বিশাল আকৃতিৰ নক্ষত্র মৃত্যুৰ সময়ত প্ৰচণ্ড ভাবে বিস্ফোৰিত হয়। এনে বিস্ফোৰণক "সুপাৰনোভা" বোলা হয়। বিষ্ফোৰিত তৰাটো প্রথমে ফুলি উঠে আৰু বৃহৎ আকাৰ ধাৰণ কৰে। তাৰপিছত তৰাটোৰ সংকোচন আৰম্ভ হয়। এনেদৰে ক্ৰমে সংকুচিত হৈ অহা তৰাটোৰ কিন্তু ভৰৰ একো পৰিবৰ্তন নহয়। অৰ্থাৎ অতি বেছি ভৰযুক্ত একোটি বৃহৎ তৰা অতিমাত্ৰা সংকুচিত হৈ অতি উচ্চ ঘণত্বৰ ক্ষুদ্ৰ আয়তনৰ তৰালৈ ৰূপান্তৰিত হয়। এনে তৰাৰ এচামুচ পদাৰ্থৰ ভৰ জোনবাইৰ ভৰৰ সমান হ'ব পাৰে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি তৰাটোত থকা পদাৰ্থবোৰৰ ঘণত্ব কিমান বেছি হ'ব পাৰে। অতিঘণত্ব যুক্ত বৃহৎ ভৰৰ ক্ষূদ্ৰকায় এনে মৃত তৰাবোৰক নিউট্ৰন তৰা বোলা হয়।

নিউট্ৰন তৰাবোৰৰ মহাকৰ্ষণ বল অতি বেছি আৰু সেয়েহে বিশ্বব্ৰহ্মাণ্ডৰ আপেক্ষিক ভাবে দুটা ওচৰা-ওচৰি নিউট্ৰন তৰা মহাকৰ্ষণ বলৰ প্ৰভাবত পৰস্পৰে পৰস্পৰৰ চৌদিশে এক নিৰ্দিষ্ট ভৰকেন্দ্ৰক কেন্দ্ৰ কৰি অতি দ্ৰুত বেগত ঘূৰিবলৈ লয়। ঘূৰ্ণীয়মান নিউট্ৰন তৰাদুটা পৰস্পৰৰ মহাকৰ্ষণ বলৰ প্ৰভাৱত লাহে লাহে ওচৰ চাপি আহিব ধৰে আৰু শেষলৈ দুয়োটা নিউট্ৰন তৰা এক ভয়ানক সংঘৰ্ষত পতিত হৈ গামা ৰে বাৰ্ষ্ট সৃষ্টি কৰে। গামা ৰে বাৰ্ষ্টৰ সময়ত সৃষ্টি হোৱা কল্পনাতীত উষ্ণতাৰ ফলত নিউট্ৰন তৰা দুটাৰ কেন্দ্ৰত থকা বিভিন্ন অতি উচ্চ ঘণত্বৰ মৌলসমূহৰ নিউক্লিয় সংযোজন ঘটে আৰু ইয়াৰ ফলত সোণ আদি মূল্যবান ধাতু সমূহৰ লগতে অন্যান্য মৌল সমূহ, নিউট্ৰন তৰা দুটাৰ অৱশেষ, গেছীয় ধূলিকণা আদিবোৰ সৃষ্টি হৈ বিশ্বব্ৰহ্মাণ্ডৰ দূৰ দূৰণিলৈ ছিটিকি পৰে। এনেদৰে ছিটিকি পৰা মৃত নক্ষত্ৰৰ অৱশেষৰ পৰাই পুনৰ জন্ম হয় আন এক শিশু নক্ষত্ৰ অথবা একো একোটি গ্ৰহ।

আমাৰ সৌৰজগতৰ সূৰ্য আৰু প্ৰতিটো গ্ৰহ-উপগ্ৰহও কোনো মৃত্যু হোৱা নক্ষত্ৰৰ অৱশিষ্ট অংশৰ পৰাই সৃষ্টি হৈছে। এনে কোনো মৃত তৰাৰ সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা বিভিন্ন মৌল সমূহকেই উপাদান হিচাবে লৈ আমাৰ সুন্দৰ পৃথিৱীখনো সৃষ্টি হৈছে। আজি আমি পৃথিৱীৰ বুকুত পোৱা প্ৰতি টুকুৰা লো, তাম, এলুমিনিয়াম অথবা সোণ কেইবা হেজাৰ কৌটি বছৰ আগতেই কোনো এক অজ্ঞাত তৰাৰ কেন্দ্ৰভাগৰ মহাজাগতিক কাৰখানাত এক মহাজাগতিক সংঘৰ্ষৰ ফলতেই সৃষ্টি হৈছিল। সেইবাবেই বিশ্ব প্ৰসিদ্ধ বিজ্ঞানী কাৰ্ল চেগানে কৈছিল : “আমাৰ ডি.এন. এত থকা নাইট্ৰজেন, দাঁতক সুদৃঢ় কৰা কেলচিয়াম, ৰক্ত কনিকাত থকা লো অথবা শৰীৰৰ প্ৰতিটো বিন্দুত নিহিত হৈ থকা কাৰ্বন- এই সকলোবোৰেই কোনো এক মৃত্যুশয্যাত পতিত নক্ষত্ৰৰ আভ্যন্তৰত সৃষ্টি হৈ মহাবিষ্ফোৰণৰ জৰিয়তে বিশ্বব্ৰহ্মাণ্ডৰ চৌদিশে সিঁচৰতি হৈ পৰিছে । সেয়ে আমিবোৰ মৃত নক্ষত্ৰৰ ধূলিকণা মাত্ৰ ।”

No comments:

Post a Comment