Sunday 26 November 2017

সৌৰজগতৰ নতুন অতিথি : অমুৱামুৱা


সৌৰজগতৰ পৰা ২৫ আলোকবৰ্ষ আঁতৰৰ বীণা নক্ষত্ৰমণ্ডল (Lyra)ৰ পৰা এক নতুন অতিথিৰ আগমন ঘটিছে আমাৰ সৌৰজগতলৈ। ১৬০ মিটাৰ ব্যাস আৰু প্ৰায় ১০০০ মিটাৰ দৈৰ্ঘৰ ঈষৎ ৰঙচুৱা আকৃতিৰ এই নতুন অতিথিজন দৰাচলতে এটুকুৰা বিশাল আকৃতিৰ শিলাখণ্ড আৰু ই মহাকাশৰ বুকুৰে প্ৰতি ঘণ্টাত ৯৫,০০০ কিলোমিটাৰ বেগেৰে বীণা নক্ষত্ৰমণ্ডলৰ পৰা আহি আমাৰ সৌৰজগতত প্ৰবেশ কৰিছেহি। হাৱাই দ্বীপপুঞ্জৰ হেলিয়াকালাৰ মহাকাশ নিৰীক্ষণ কেন্দ্ৰৰ Pan-STARRS দূৰবীণৰ সহায়ত মহাকাশ বিজ্ঞানী K.J. Meech আৰু Robert Werykয়ে যোৱা ২৫ অক্টোবৰত এই মহাজাগতিক অতিথিক প্ৰথমে প্ৰত্যক্ষ কৰে। তেতিয়া তেওঁলোকে ইয়াক এটি সাধাৰণ গ্ৰহাণুপুঞ্জ বুলিয়েই ধৰি লৈছিল। কিন্তু প্ৰায় ১২ দিনৰ পৰ্যবেক্ষণৰ পিছত তেওঁলোকৰ ভুল ভাঙিল আৰু এই মহাজাগতিক অতিথিৰ গতিবিধি বিভিন্ন তথ্য সংগ্ৰহ কৰি সিদ্ধান্তত উপনীত হ'ল যে এই মহাজাগতিক অতিথিৰ উৎপত্তি স্থান পৃথিবীৰ পৰা প্ৰায় ২৫ আলোকবৰ্ষ আঁতৰৰ Lyra বা বীণা নক্ষত্ৰমণ্ডলৰ "ভেগা" বা অভিজিত নামৰ নক্ষত্ৰটো। বৰ্তমান এই অভিজিত নামৰ নক্ষত্ৰটো সন্ধিয়াৰ আকাশৰ উত্তৰ-পশ্চিম কোণত দেখা পোৱা যায়।

সম্প্ৰতি বিজ্ঞানীসকলে এই মহাজাগতিক অতিথিক অমুৱামুৱা বুলি নামাকৰণ কৰিছে। অমুৱামুৱা হাৱাই দ্বীপপুঞ্জৰ বাসিন্দা সকলৰ এজনা উপাস্য দেৱতাৰ নাম, যাৰ অৰ্থ বাৰ্তাবাহক বা দূত। অৱশ্যে এই মহাজাগতিক অতিথিৰ বিজ্ঞান সন্মত নাম হ'ল 1I/2017 U1.

উল্লেখযোগ্য যে 1I/2017 U1 বা অমুৱামুৱা নামৰ এই বিশাল শিলাখণ্ডটোৱেই মানুহৰ দৃষ্টিত ধৰা পৰা সৌৰজগতৰ প্ৰথমটো বহিঃমহাকাশৰ বা অন্য জগতৰ উল্কাপিণ্ড। পৃথিৱীত জীৱনৰ উৎপত্তি সম্বন্ধে প্ৰচলিত মতবাদ সমূহৰ ভিতৰত এটা মতবাদত এনে বহিঃজাগতিক উল্কাপিণ্ডৰ বোকোচাত উঠিয়েই পৃথিৱীত জীৱনৰ আগমন ঘটিছিল বুলি উল্লেখ আছে। সেয়ে অমুৱামুৱাকলৈ জীৱবিজ্ঞানী সকল অতি উৎসাহিত হৈ পৰিছে। ইতিমধ্যে বিজ্ঞানীসকলৰ গৱেষণাত ধৰা পৰিছে যে অমুৱামুৱাই সূৰ্যৰ পোহৰৰ প্ৰায় ৯৫ শতাংশ পোহৰ শোষণ কৰে আৰু মাত্ৰ ৫ শতাংশ পোহৰহে প্ৰতিফলিত কৰে। সেয়ে অমুৱামুৱাৰ বৰণ ঈষৎ ৰঙচুৱা। ইয়াৰ কাৰণ ব্যাখ্যা কৰি বিজ্ঞানীসকলে যুক্তি দাঙি ধৰিছে যে কাৰ্বন আৰু হাইড্ৰজেনেৰে গঠিত যথেষ্ঠ পৰিমানৰ জৈৱ যৌগেৰে অমুৱামুৱা গঠিত। অৱশ্যে ইয়াত প্ৰচুৰ পৰিমাণে লো আৰু অন্য কম পাৰমানবিক ভৰযুক্ত ধাতুও আছে। যিহেতু জৈৱ পদাৰ্থৰ উপস্থিতিয়ে জীৱনৰ স্বাক্ষৰ বহন কৰে, সেয়ে বিজ্ঞানীসকল অমুৱামুৱাক লৈ বেচি উৎসাহী হৈ পৰিছে। কোনে জানে, হয়তো বা হাৱাই দ্বীপপুঞ্জৰ বাসিন্দা সকলৰ উপাস্য দেৱদূত অমুৱামুৱাই কঢ়িয়াই আনিছে সুদুৰ বীণা নক্ষত্ৰপূঞ্জৰ পৰা জীৱনৰ নতুন বতৰা !!!

No comments:

Post a Comment