Thursday 30 November 2017

চাইকী : সৌৰজগতৰ দৈত্যকায় ধাতবীয় গ্ৰহাণুটো


ধাতুৰে গঢ়া এটি প্ৰকাণ্ড গ্ৰহাণু, চাইকী। সূৰ্যৰ পৰা 33 কৌটি কিমি দূৰত্বৰ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজৰ এক উপবৃত্তাকাৰ কক্ষপথেৰে চাইকীয়ে প্ৰায় 5 বছৰ সময়ৰ মুৰে মুৰে সূৰ্যৰ চৌদিশে এপাক মাৰে। 1852 চনত ইটালীৰ জ্যোতিৰ্বিজ্ঞানী এনিবেল গাছপেৰিছে এই প্ৰকাণ্ড ভাসমান মহাজাগতিক ধাতুৰ টুকুৰাটো আৱিষ্কাৰ কৰে আৰু গ্ৰীকসকলে বিশ্বাস কৰা আত্মাৰ আৰাধ্যা দেৱীৰ নামেৰে ধাতুৰ প্ৰকাণ্ড টুকুৰাটোৰ নাম ৰাখে : "চাইকী"।

বৰ্তমান বিজ্ঞানীসকলৰ বাবে চাইকী গৱেষণাৰ উৎস। তেওঁলোকৰ মতে চাইকী, সৌৰজগত সৃষ্টিৰ সময়তেই বিভিন্ন গেছ আৰু মহাজাগতিক ডাৱৰৰ সংমিশ্ৰণত সৃষ্টি হোৱা কোনো আদিম গ্ৰহৰ ধ্বংসাৱশেষ। অশান্ত, চঞ্চল শিশু সৌৰজগতৰ ভয়ানক অস্থিৰতাৰ সেই জটিল সন্ধিক্ষণত কোনো মহাজাগতিক সংঘৰ্ষত কবলত পৰি চূৰ্ণ বিচূৰ্ণ হৈ যোৱা কোনো আদিম গ্ৰহ এটিৰ ধ্বংসস্তুপৰ মাজৰ পৰা কোনোমতে অক্ষত অৱস্থাত ৰৈ যোৱা গ্ৰহটোৰ ধাতবীয় কেন্দ্ৰভাগেই হ'ল চাইকী নামৰ এই গ্ৰহাণুটো। যিহেতু চাইকী নামৰ গ্ৰহাণুটো এটা অজ্ঞাত আদিম গ্ৰহৰ কেন্দ্ৰ, বিজ্ঞানী সকলৰ মতে চাইকীৰ বিষয়ে অধ্যয়ন কৰিলে আমি পৃথিৱীৰ কেন্দ্ৰৰ বিষয়ে বহুতো নজনা কথাৰ সম্ভেদ পাম।

ইতিমধ্যে বিজ্ঞানী সকলে চাইকীৰ বিষয়ে কিছু তথ্য আহৰণ কৰিছেই। ধাতুৰে গঢ়া বাবে চাইকীৰ ঘণত্ব প্ৰায় 7000 kg/m³, যিটো আন গ্ৰহৰ ঘণত্বৰ লগত নিমিলে। তেওঁলোকৰ মতে চাইকী নামৰ গ্ৰহাণুটো নিকেল আৰু লোৰে গঠিত আৰু ইয়াৰ ভৰ 2.72×10 ^19 কেজি ! 280 কিমি দৈৰ্ঘ আৰু 232 কিমি প্ৰস্থৰ এই ধাতবীয় মহাজাগতিক খণ্ডটোৱে কক্ষপথত প্ৰতি ছেকেণ্ডত প্ৰায় 5 কিমি বেগেৰে সূৰ্যৰ চৌদিশে পৰিভ্ৰমন কৰি আছে।

চাইকীৰ বিষয়ে বিশদ অধ্যয়ন কৰিবলৈ প্ৰয়োজনীয় তথ্য আহৰণৰ বাবে এই গ্ৰহাণুটোৰ বুকুলৈ বিশেষ ধৰণৰ মহাকাশ শান প্ৰেৰণ কৰাৰ পৰিকল্পনা ইতিমধ্যে যুগুতাই উলিওৱা হৈছে। এই উদ্দেশ্যে অহা 2022 চনত NASAই চাইকীলৈ এক বিশেষ মহাকাশ যান প্ৰেৰণ কৰিব যিখনে 2026 চনত চাইকীৰ কঠিন ধাতবীয় পৃষ্ঠত অৱতৰণ কৰি 21 মাহ জুৰি গ্ৰহাণুটোৰ পৃষ্ঠত থাকি এলানি পৰীক্ষা সম্পন্ন কৰি সমস্ত তথ্যবোৰ পৃথিৱীলৈ প্ৰেৰণ কৰিব।

No comments:

Post a Comment