বানে গৰকা ধেমাজিৰ এখন অখ্যাত গাওঁ। ডিমৌ শ্যামজুলি গাওঁখনলৈ যাতায়ত ব্যৱস্থাও সুচল নহয়। বাট-পথৰ অৱস্থা জৰাজীৰ্ণ। বাৰিষাৰ বতৰতটো কথাই নাই। বানপানীৰ মাজত ককবকাই শ্যামজুলিৰ গঞাই দিন পাৰ কৰে। বাৰিষা শ্যামজুলিলৈ যাতায়ত সম্পূৰ্ণ বন্ধ হৈ পৰে। নিত্য প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহৰ বাবেই হওঁক বা চৰকাৰী কাৰ্যালয়ৰ কামৰ তাগিদাতেই হওঁক অথবা চিকিৎসাৰ বাবে ৰোগীক ধেমাজি চহৰলৈ অনা নিয়া কৰাটো শ্যামজুলিৰ মানুহখিনিৰ বাবে ভীষন যন্ত্ৰণাদায়ক অথচ নৈমিত্তিক ঘটনা।
শ্যামজুলি গাঁৱৰ এজন সাধাৰণ মটৰ মেকানিক চন্দ্ৰ শৰ্মা। ঘৰুৱা আৰ্থিক অনাটনৰ বাবে তৃতীয় শ্ৰেণীতেই তেওঁ পঢ়াশালি এৰি চহৰৰ মটৰ গাড়ীৰ গেৰেজত গাড়ী ধোৱা, ৰেঞ্চ-হাতুৰী আদিৰ যোগান ধৰা ল’ৰা হিচাবে সংগ্ৰামী জীৱনৰ পাতনি মেলে। অনুসন্ধিৎসু প্ৰকৃতিৰ কিশোৰ শ্ৰমিকজনে কেইবছৰমানৰ ভিতৰতেই বিভিন্ন ধৰণৰ গাড়ীৰ যন্ৰাংশবোৰ মেৰামতি কৰাৰ কৌশলবোৰ আয়ত্ব কৰি ল’লে। লাহে লাহে ল’ৰাজনৰ হাতখনো পৈণত হৈ উঠিল। দক্ষ মেকানিক হিচাবে চন্দ্ৰ শৰ্মা সকলো মানুহৰ বাবেই এটি পৰিচিত নাম হৈ পৰিল।
দিনবোৰ পাৰ হৈ মাহ আহিল, মাহ পাৰ হৈ বছৰ বাগৰিল। চৌদিশে পৰিবেশ, পৰিস্থিতি সলনি হ’ল। মাথোন সলনি নহ’ল শ্যামজুলিবাসীৰ বানে ধোৱা সমস্যাবোৰ, জৰাজীৰ্ণ পথবোৰ আৰু শ্যামজুলিৰ গঞা ৰাইজৰ দৈনন্দিন যন্ৰণাবোৰ। বিশেষকৈ যাতায়তৰ সমস্যাই তীব্ৰ ৰূপ ধাৰণ কৰি শ্যামজুলিৰ সাধাৰণ ৰাইজক ঢোকে ঢোকে পানী খুৱাইছে।
শ্যামজুলিৰ মটৰ মেকানিক চন্দ্ৰ শৰ্মাই এই সমস্যাৰ পৰা গঞা ৰাইজক উদ্ধাৰ কৰাৰ মানসেৰে কিবা এটা ব্যৱস্থা হাতত লোৱাৰ সপোন ৰচিবলৈ আৰম্ভ কৰে। অসম্ভৱ যেন লগা এই সপোনটোৱে তেওঁক খেদি ফুৰিবলৈ আৰম্ভ কৰিলে। সপোনক বাস্তৱত ৰূপায়িত কৰাৰ বাবে পৰামৰ্শ বিচাৰি তেওঁ যাৰেই ওচৰলৈ গৈছে, তেৱেই উচপ খাই উঠি কৈছে : এয়া অসম্ভৱ চন্দ্ৰ ! এয়া বলিয়ালীৰ নামান্তৰ…!
চন্দ্ৰ শৰ্মাৰ সপোন হ’ল শ্যামজুলিবাসীৰ যাতায়তৰ সমস্যা নোহোৱা কৰিবৰ বাবে থলুৱা প্ৰযুক্তিৰ সহায়ত এখন হেলিক’প্টাৰ বনোৱা। কিন্তু এই সপোনক বাস্তৱত পৰিণত কৰিবলৈ চন্দ্ৰ শৰ্মাক তেতিয়া প্ৰয়োজন আছিল জ্ঞানীজনৰ পৰামৰ্শ, শুভাকাংশীৰ প্ৰেৰণা আৰু বুজন পৰিমানৰ ধন। পত্নীৰ প্ৰেৰণা আৰু মেকানিক হিচাবে উপাৰ্জন কৰা ধনৰ পৰা বচাই ৰখা সাঁচতিয়া সামান্য ধনখিনিকেই সম্বল হিচাবে লৈ চন্দ্ৰ শৰ্মাই কামত লাগি গ’ল।
হেলিক’প্টাৰ এখন সাজিবলৈ বহুতো বস্তুৰেই প্ৰয়োজন। তেওঁ থিৰাং কৰিলে এপদ দুপদকৈ প্ৰয়োজনীয় বস্তুবোৰ সংগ্ৰহ কৰাৰ কথা। সেইমতে গেৰেজৰ পেলনীয়া বস্তুৰ মাজৰ পৰাই তেওঁ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে বিভিন্ন আকাৰৰ লো বা এলুমিনিয়ামৰ খণ্ড, ধাতুৰ চেপেটা টুকুৰা, হাতেৰে মটৰ গাড়ীৰ গিয়েৰ সলনি কৰিবলৈ ব্যৱহাৰ কৰা ধাতুৰ দণ্ড আদিবোৰ। ধাতুৰ দণ্ড আৰু চেপেটা টুকুৰাবোৰ জ্বালাই কৰি ইতিমধ্যে তেওঁ হেলিক’প্টাৰৰ জঁকাটো তৈয়াৰ কৰি উলিয়ালে। দুজন মানুহ আৰোহী হিচাবে বহিব পৰাকৈ পুৰণি গাড়ীৰ চিটকেইটাও সংগ্ৰহ কৰা হ’ল।
সাচতীয়া ধনবোৰ ইতিমধ্যে শেষ হৈ গৈছে। এতিয়াও হেলিক’প্টাৰখনৰ বাবে মূল ইঞ্জিন, বৈদ্যুতিক সৰঞ্জাম, বেটাৰী, ইন্ধন ভৰোৱা পাত্ৰ, উৰিবৰ বাবে প্ৰয়োজনীয় পাংখা আদিবোৰ সংগ্ৰহ কৰিবলৈ বাকী। এই বস্তুবোৰ কিনাৰ বাবে প্ৰয়োজন হোৱা ১৫ লাখ টকাৰ তাগিদাত চন্দ্ৰ শৰ্মাই নিজৰ খেতি মাটি বিক্ৰী কৰি দিয়ে। হেলিক’প্টাৰখনৰ বাবে তেওঁ দুটা শক্তিশালী SUV ইঞ্জিনো কিনি ল’লে। সকলোবোৰ বস্তু সংগ্ৰহ হোৱাৰ পিছত চন্দ্ৰ শৰ্মাই দুগুন উৎসাহেৰে কামত লাগি গ’ল।
চাওঁতে চাওঁতে চন্দ্ৰ শৰ্মাৰ হেলিক’প্টাৰখনে প্ৰাণ পাই উঠিল। গাৱঁৰ ৰাইজ দৌৰি ওলাই আহিল। তেওঁলোকে যেন নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাই ! তেওঁলোকৰ সন্মুখৰ বাকৰি মাটিডৰাত চন্দ্ৰ শৰ্মাৰ হেলিক’প্টাৰখনে গৰ্জন কৰি উঠিছে। চক্ৰাকাৰে তীব্ৰগতিত ঘূৰিব ধৰিছে হেলিক’প্টাৰ খনৰ পাংখাবোৰ। পাংখাৰ ঘূৰনিৰ কোবত সৃষ্টি হোৱা বতাহৰ সোঁতে ওচৰৰ গছ লতিকাবোৰ যেন মোহাৰি লৈ যাব…!
কথা বুলিলেই বতাহ। চৌদিশে ফাটি ফুটি গ’ল থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা চন্দ্ৰ শৰ্মাৰ হেলিক’প্টাৰখনৰ কথা। দুৰ দুৰণিৰ পৰা মানুহৰ সোঁত ব’বলৈ শ্যামজুলিলৈ। চন্দ্ৰ শৰ্মাৰ মতে তেওঁৰ এই হেলিক’প্টাৰখনে দুজন আৰোহী বুকুত লৈ মাটিৰ পৰা প্ৰায় ৫০ ফুট ওপৰেৰে প্ৰতি ঘণ্টাত ৬০ কিল’মিটাৰ বেগত উৰিবলৈ সক্ষম।
উৰণ অভিযন্তা অথবা উৰণ বিশেষজ্ঞ নোহোৱাকৈয়ে চন্দ্ৰ শৰ্মাই সাজি উলিওৱা এই হেলিক’প্টাৰখন আকাশত উৰাবলৈ এতিয়া প্ৰয়োজন উৰণ সক্ষমতাৰ প্ৰমান পত্ৰ। ইতিমধ্যে তাৰ বাবে প্ৰয়োজনীয় যোগাযোগ সম্পন্ন কৰা হৈছে। হয়তো কিছুদিনৰ ভিতৰতেই চন্দ্ৰ শৰ্মাৰ বহুদিনীয়া সপোনটো এক অনাবিল আনন্দদায়ক বাস্তৱত পৰিনত হ’ব। চন্দ্ৰ শৰ্মাৰ এই হেলিক’প্টাৰখন ইতিমধ্যে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় স্তৰতো চৰ্চিত হৈছে। তৃতীয় শ্ৰেণীতেই পঢ়াশালি এৰি জীৱনৰ ঠিকনা বিচাৰি হাবাথুৰি খাই ঘূৰি ফুৰা চন্দ্ৰ শৰ্মাৰ প্ৰতিভা, দৃঢ়তা, আত্মবিশ্বাস আৰু একাগ্ৰতা নিসন্দেহে প্ৰশংসনীয়। চন্দ্ৰ শৰ্মাৰ দৰে ব্যক্তিসকলৰ বাবে আজি আমি অসমীয়া হিচাবে আমি গৌৰৱ কৰিব পাৰো।
No comments:
Post a Comment