Friday 5 June 2020

সৃষ্টিৰ আঁৰৰ মহাবিষ্ফোৰণ : বিগ বেং


আজিৰ পৰা ১৪ বিলিয়ন বছৰ আগত আমাৰ এই মহাবিশ্বখনৰ কোনো অস্তিত্বই নাছিল। আমি বাস কৰা এই পৃথিৱী নামৰ গ্রহটো, মুৰৰ ওপৰত দেখা আকাশ খনৰ লগতে ইয়াৰ বুকুত খচিত হৈ থকা অগণন তৰাবোৰ অথবা আকাশৰ বুকুত ইমুৰৰ পৰা সিমুৰলৈ বিস্তৃত হৈ থকা আমাৰ অতিকৈ চিনাকি হাতীপটি ছায়াপথটো - একোৰেইতো অস্তিত্ব নাছিল তেতিয়া। কেবল শূণ্যতা আৰু শূণ্যতা। বিজ্ঞানৰ মতে এই শূণ্যতাই হ'ল সৃষ্টিৰ ফেঁহুজালি। মাত্ৰ এটি লহমাৰ ভিতৰত এই শূণ্যতাৰ বুকুতেই সংঘটিত হৈছিল এটা মহাবিস্ফোৰণ। এই মহাবিস্ফোৰণটোৰ নামেই - "বিগ বেং" বা "মহানাদ''। 

বিগ বেঙৰ সেই বিশেষ মূহুৰ্তটোতেই অতি ক্ষূদ্র ভৰ বিশিষ্ট আৰু ভীষণ ভাবে উত্তপ্ত এটি বিন্দু সদৃশ স্থানত হোৱা প্ৰচণ্ড মহাবিস্ফোৰণটোৰ সম্প্ৰসাৰণ হৈছিল প্ৰায় দুই বিলিয়ন বিলিয়ন কিলোমিটাৰ পর্যন্ত আৰু এই সম্প্ৰসাৰণ প্রতিনিয়ত ভাবে এতিয়াও হৈ আছে। আজিৰ পৰা প্রায় ১৩.৭৫ বিলিয়ন বছৰ আগত এই বিশ্বব্ৰহ্মাণ্ডখন এটি অতি উত্তপ্ত আৰু অতি সংকুচিত অৱস্থাত আছিল। বিজ্ঞানী এডুইন হাবলে দূৰৱর্তী তাৰকা ৰাজ্যবোৰৰ সম্প্ৰসাৰণ বেগ সামগ্রিকভাবে পৰ্যালোচনা কৰি দেখা পালে যে সেইবোৰ পৰষ্পৰে পৰস্পৰৰ পৰা আঁতৰি গৈ আছে। সেয়ে তেখেতে ঘোষণা কৰে যে মহাবিশ্বখন সম্প্রসাৰিত হৈ আছে।

এই মহাবিশ্বত কেইবা বিলিয়ন তাৰকাৰাজ্য আছে। একেদৰে প্ৰতিটো তাৰকাৰাজ্যত আছে কেইবা বিলিয়ন নক্ষত্র। মহাবিশ্বৰ বিশালতাৰ তুলনাত একোখন তাৰকাৰাজ্যৰ নক্ষত্রবোৰ প্ৰায় ওচৰ চুবুৰীয়া বুলি ক'ব পাৰি। আনহাতে ওচৰা ওচৰি তাৰকা ৰাজ্যবোৰৰ মাজত দূৰত্ব বহুত বেছি। উদাহৰণ স্বৰূপে আমাৰ সৌৰজগতখন থকা হাতীপটি তাৰকাৰাজ্যৰ ওচৰৰ তাৰকা ৰাজ্যখনৰ নাম এণ্ড্ৰমেডা আৰু এই তাৰকা ৰাজ্যখন আমাৰ পৰা প্ৰায় ২২ লাখ আলোকবর্ষ দূৰত অৱস্থিত। অৰ্থাৎ আমাৰ নিকটৱৰ্তী এণ্ড্ৰমেডা তাৰকাৰাজ্যৰ পৰা পোহৰ আহি আমাৰ চকুত পৰিবলৈ সময় লাগে ২২ লাখ বছৰ ! ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে সমগ্ৰ মহাবিশ্বখনৰ বিশালতা।

আপেক্ষিকতাবাদৰ সাধাৰণ তত্বৰ আধাৰত অতীত বিশ্লেষণ কৰিলে দেখা যায় যে এই অকল্পনীয় ভাবে বিশাল মহাবিশ্বখন কিন্তু এটি অস্তিত্বহীন "সুপ্রাচীন বিন্দুকণা"ৰ পৰাই উৎপত্তি হৈছে। সেই সময়ত ব্ৰহ্মাণ্ডৰ সকলোবোৰ পদার্থ আৰু শক্তি অতি উত্তপ্ত তথা অতি সংকুচিত অৱস্থাত আছিল। কিন্তু এই অৱস্থাৰ আগত এই বিশ্বব্ৰহ্মাণ্ডত কি আছিল সেই বিষয়ে বিজ্ঞানী সকলৰ মাজত কোনো প্ৰমাণিত তথ্য নাই। 

কিন্তু কিয় সংঘটিত হ'ল "বিগ বেং" নামৰ এই মহাবিস্ফোৰণটো? এইটো এটা জটিল প্ৰশ্ন আৰু বিজ্ঞানীসকলে ইয়াৰ কাৰণ সম্বন্ধে কেবল এটি ধাৰণা বা সম্ভাৱনাৰ কথাহে ব্যক্ত কৰিব পাৰে। বিজ্ঞানী সকলে কোৱাৰ দৰে বিগ বেঙৰ সময়ত দৰাচলতে কি ঘটিছিল, সেইটো সহজ ভাষাৰে জানিবলৈ চেষ্টা কৰো আহক।

বিগ বেঙৰ থিক এক ছেকেণ্ডৰ ভিতৰতেই মহাবিশ্ব গঠনৰ বাবে প্ৰয়োজনীয় উপাদান সমূহ সৃষ্টি হ'বলৈ ধৰিছিল। ই এক ইমানেই জটিল প্ৰক্ৰিয়া যে বিগ বেঙৰ পিছত মহাবিশ্বৰ প্ৰথমটো নক্ষত্ৰৰ জন্ম হ'বলৈ প্ৰয়োজন হৈছিল প্ৰায় ২ বিলিয়ন বছৰৰ। এই সদ্যজাত মহাবিশ্বখন আছিল অতি উত্তপ্ত এক স্থান যাৰ তাপমাত্রা আছিল প্ৰায় এক লাখ বিলিয়ন বিলিয়ন ডিগ্রী ছেণ্টিগ্ৰেড। এই অতি উত্তপ্ত নৱজাতক বিশ্বব্ৰহ্মাণ্ডখন তাপ আৰু পোহৰৰ মাধ্যমত খুব দ্রুতগতিত সম্প্রসাৰিত হ'বলৈ আৰম্ভ কৰিছিল।

বিগ বেঙৰ প্রথম এক ছেকেণ্ডৰ মূহুৰ্তত এই সম্প্রসাৰণ অতি দ্রুত আছিল। সেই সময়তেই মহাবিশ্বত কেতবোৰ অতিপাৰমাণৱিক কণা তৈয়াৰ হোৱা আৰম্ভ হৈছিল। ইতিমধ্যে নৱজাতক বিশ্বব্ৰহ্মাণ্ডত মহাকৰ্ষণ বলৰ সৃষ্টি হৈছিল আৰু এই মহাকৰ্ষণ বলে ব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ হাৰ কিছু পৰিমাণে ধীৰ কৰি তোলাৰ লগতে অতিপাৰমাণৱিক কণাবোৰক প্ৰভাৱিত কৰি কেতবোৰ অধিক ভৰযুক্ত পাৰমাণৱিক কণা সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। পিছলৈ এই ভৰযুক্ত পাৰমাণৱিক কণাবোৰে প্ৰটন, ইলেকট্ৰণ আৰু নিউট্ৰণ কণাৰ সৃষ্টি কৰে।

বিগ বেং বা মহানাদৰ এশ ছেকেণ্ড পিছত নৱজাতক মহাবিশ্বৰ তাপমাত্রা কমি অহাত ইলেকট্রণ, প্রটন আৰু নিউট্রনবোৰ সংগঠিত হোৱাৰ পৰিবেশ তৈয়াৰ হয় আৰু এই তিনিওবিধ কণাই সমন্বয় সৃষ্টি কৰি মহাবিশ্বৰ প্ৰথম পৰমাণু হাইড্ৰজেন আৰু হিলিয়ামৰ জন্ম দিয়ে। এই পৰমাণু গঠন প্ৰক্ৰিয়া অবিৰত ভাবে কেইবা হাজাৰ বছৰ ধৰি নিৰৱচিন্ন ভাবে চলি থাকিল আৰু এটা সময়ত সম্প্রসাৰিত হৈ থকা মহাবিশ্বৰ তাপমাত্রাও কমি আহি প্ৰায় চাৰি হাজাৰ ডিগ্রী ছেলছিয়াচ হ'লগৈ। এই তাপমাত্রা পৰমাণু গঠনৰ বাবে অনুকূল আছিল আৰু ইতিপূৰ্বে সৃষ্টি হোৱা মহাকৰ্ষণ বলে এই সদ্যজাত পৰমাণুবোৰক একত্ৰিত কৰি কিছুমান ক্ষুদ্র বৃত্তাকাৰ ভৰযুক্ত গঠন সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। প্ৰায় দুই বিলিয়ন বছৰ পিছত এই হাইড্রজেন আৰু হিলিয়ামৰ গেছীয় মেঘ তথা ধূলিকণাবোৰ সামৰি লৈ মহাবিশ্বৰ প্রথমটো নক্ষত্রৰ জন্ম হয়।

এইখিনিতেই আমাৰ মনলৈ অহা প্ৰশ্নটো হ'ল যে বিলিয়ন বিলিয়ন বছৰ আগতে প্ৰকৃততে কি হৈছিল সেয়া বৈজ্ঞানিক সকলে জানিলে কেনেকৈ? তাৰবাবে বিজ্ঞানীসকলে মহাবিশ্বৰ নক্ষত্রবোৰৰ মাজৰ দূৰত্ব নিৰূপন আৰু পর্যবেক্ষণ কৰা আৰম্ভ কৰে। আমি তেতিয়াই বস্তু এটা দেখা পাও, যেতিয়া সেই বস্তুটোৰ পৰা পোহৰ আহি আমাৰ চকুত পৰে। বস্তুটো আমাৰ পৰা যিমান বেছি দূৰত্বত অৱস্থান কৰে, সিমানেই বস্তুটোৰ পৰা পোহৰ আহি আমাৰ চকুত পৰিবলৈ সময় বেছি লাগে।

উদাহৰণ স্বৰূপে আকাশৰ উজ্জ্বলতম নক্ষত্র লুব্ধক বা ‘ছিৰিয়াছ'’ৰ পৰা পোহৰ আমাৰ পৃথিবী আহি পাবলৈ সময় লাগে প্ৰায় আঠ বছৰ। অর্থাৎ আমি নিশাৰ আকাশত দেখা পোৱা লুব্ধক নামৰ নক্ষত্ৰটো দৰচলতে আঠ বছৰ আগৰহে। এই মূহুৰ্তৰ লুব্ধক নক্ষত্ৰটো আমি আজিৰ পৰা আঠ বছৰ পিছতহে দেখা পাম। এনেদৰেই মহাজাগতিক বস্তুবোৰ আমাৰ পৰা যিমানেই দূৰত অৱস্থান গ্ৰহণ কৰিব, সিমানেই বস্তুটোৰ অতীতটো দেখা পাম।

একেদৰে '‘ভার্গো ক্লাষ্টাৰ'’ নামৰ তাৰকাৰাজ্য খনৰ পৰা আমাৰ পৃথিৱীলৈ পোহৰ আহি পাবলৈ সময় লাগে প্ৰায় পাঁচ কোটি বছৰ ! অৰ্থাৎ শক্তিশালী দূৰবীণ যন্ত্ৰৰ সহায়ত আজি আমি ভার্গো ক্লাষ্টাৰৰ যি একাজলি পোহৰ দেখা পাও, সেয়া ৫ কৌটি বছৰ আগৰ। সেই সময়ত মানৱজাতিৰ অস্তিত্বই নাছিল। অৰ্থাৎ ভাৰ্গো ক্লাষ্টাৰে আমাক মানৱ জাতি বিকাশ হোৱাৰ আগৰ সময়ৰ বতৰা দিয়ে। 

নক্ষত্ৰবোৰে দৃশ্যমান পোহৰৰ লগতে বিভিন্ন ধৰণৰ তেজস্ক্রিয় ৰশ্মিও বিকিৰণ কৰে। বৈজ্ঞানিক সকলে বিশেষ ধৰণৰ টেলিস্কোপ ব্যৱহাৰ কৰি দূৰ মহাজাগতিক নক্ষত্ৰবোৰৰ পৰা অহা তেনে ৰশ্মিসমূহ চিনাক্ত কৰে আৰু সেইবোৰে কঢ়িয়াই অনা দূৰ অতীতৰ বাৰ্তাবোৰৰ সহায়ত অতীতৰ মহাবিশ্ব সম্পর্কে এটা সামগ্রিক ধাৰণা তৈয়াৰ কৰি লয়। বর্তমানলৈ আৱিষ্কৃত সবাতোকৈ দূৰৰ তাৰকাৰাজ্যখন ১৩ বিলিয়ন আলোকবর্ষ দূৰত অৱস্থিত। সেয়ে এই তাৰকা ৰাজ্যখনৰ পৰা অহা পোহৰে আমাক বিগ বেং বা মহানাদৰ থিক দুই বিলিয়ন বছৰ পিছৰ বাতৰি যোগান ধৰে। সেইবাবেই বিজ্ঞানীসকলে মহানাদৰ ২ বিলিয়ন বছৰ পিছৰ ঘটনাৰাজিৰ কিছু তাত্ত্বিক প্ৰমাণ সংগ্ৰহ কৰিব পাৰিছে যাৰ আধাৰত বিলিয়ন বিলিয়ন বছৰ আগতে সংঘটিত হোৱা বিভিন্ন ঘটনাৰাজিৰ আভাস পোৱাতো সম্ভৱ হৈ উঠিছে।


আমি যদি ইয়াতকৈও দূৰৰ তাৰকাৰাজ্য এখন আৱিষ্কাৰ কৰিব পাৰো, তেন্তে মহাবিশ্ব সৃষ্টিৰ একেবাৰে আৰম্ভণিতেই প্ৰকৃততে কি হৈছিল, সেই কথাবোৰো সহজেই বুজি পাম। সিদিনাই আমি গম পাম - কেনেদৰে সৃষ্টি হৈছিল এই বিশাল বিশ্বব্ৰহ্মাণ্ডখন !!

No comments:

Post a Comment