Friday 12 June 2020

পোহৰে যি বতৰা আনে


নিশাৰ আকাশত মুকুতাৰ দৰে জিলিকি থকা তৰাবোৰ চাই মন্ত্ৰমুগ্ধ হৈ সময় পাৰ কৰা প্ৰতিজন মানুহৰ মনত এই মহাবিশ্বৰ ৰহস্যবোৰে অজস্ৰ প্ৰশ্নৰ অৱতাৰণা কৰে। কিমান বিশাল এই বিশ্বব্ৰহ্মাণ্ড? কেনেকৈয়ে বা সৃষ্টি হ'ল দূৰণিৰ অসীম অন্তৰীক্ষৰ বুকুত জিলিকি থকা এই গ্রহ নক্ষত্রবোৰ? ক'ত আৰু কেনেকৈয়ে বাৰু আৰম্ভণি হ'ল এই মহাবিশ্বখন অথবা ইয়াৰ অন্তই বা ক'ত? কেবল বিজ্ঞানীয়েই নহয়, সাধাৰণ মানুহৰ মন বোৰকো যুগ যুগ ধৰি এইবোৰ প্রশ্নই জোকাৰি আহিছে। বিজ্ঞানী সকলেও দশক দশক জুৰি এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি ফুৰিছে। তেনে অনেক প্ৰশ্নৰ সমিধানো দিছে তেওঁলোকে। অনেক প্ৰশ্ন এতিয়াও উত্তৰ বিহীন হৈয়েই আছে। অদূৰ ভবিষ্যতে হয়তো তেনে সকলো প্ৰশ্নৰেই একো একোটা সৰ্বসন্মত সমিধান ওলাব।

আচৰিত হোৱাৰেই কথা, কাৰণ বিজ্ঞানীসকলৰ মতে এনে দূৰ অন্তৰীক্ষলৈ বিস্তৃত হৈ থকা অজান মহাবিশ্বখনৰ ৰহস্যঘন এনে প্রশ্নবোৰৰ উত্তৰ পোহৰেই কঢ়িয়াই আনে আমাৰ মাজলৈ। মহাবিশ্বখনৰ অসীম দূৰত্বত অৱস্থান কৰা অগণন গ্ৰহ নক্ষত্ৰকে আদি কৰি সকলোবোৰ মহাজাগতিক বস্তুৰ লগত পোহৰেই আমাৰ লগত এক সেতুবন্ধন তৈয়াৰ কৰি দিছে। গ্রহ নক্ষত্র আদিয়ে প্রতিফলিত কৰা বা বিকিৰণ কৰা পোহৰৰ বিশ্লেষণ কৰি বিজ্ঞানীসকলে পোহৰৰ উৎস সম্পর্কে বিভিন্ন তথ্য সংগ্ৰহ কৰে। কেবল সেয়াই নহয়, এই মহাবিশ্ব সৃষ্টিৰ ৰহস্যও লুকাই আছে পোহৰৰ মাজতেই। উৎসৰ পৰা প্রতিফলিত বা বিকিৰণ হোৱা পোহৰৰ ধর্ম ব্যৱহাৰ কৰি পোৱা তথ্যসমূহৰ পৰাই বিজ্ঞানী সকলে পোহৰৰ উৎস, যেনে গ্ৰহ বা নক্ষত্ৰটোৰ পৰিবেশ, অৱস্থা, উষ্ণতা আৰু দূৰত্ব সম্পর্কে ধাৰণা সংগ্ৰহ কৰে।

পোহৰ নিজেই অদৃশ্য আৰু ই শক্তিৰ এক গতিশীল ক্ষুদ্রতম ৰূপ মাথোন, যিয়ে আমাক দৃষ্টি প্ৰদান কৰে। পোহৰৰ অতি পৰিচিত এটা ধর্ম হ'ল এই যে পোহৰে একে সময়তে কণা আৰু তৰংগ উভয়ৰে ধৰ্ম দেখুৱায়। পোহৰৰ ক্ষূদ্রতম মৌলিক কণিকা বোৰক ফোটন বুলি কোৱা হয় যাৰ কোনো বাস্তবিক ৰূপ নাই। কিন্তু পদার্থৰ আণবিক স্তৰৰ আধাৰত বিচাৰ কৰিলে দেখা যায় যে তাপ প্রয়োগৰ ফলত পদাৰ্থৰ অনুত থকা উত্তেজিত ইলেকট্রণবোৰ এটা কক্ষপথৰ পৰা আন এটালৈ জাপ মাৰি গ'লে ইলেকট্ৰণবোৰে তৰংগৰ ৰূপত শক্তি বিকিৰণ কৰে আৰু এই বিকিৰণ হোৱা শক্তি খিনিকেই আমি পোহৰ হিচাবে পাওঁ।

সাধাৰণতে পোহৰ বুলিলে আমি পোহৰৰ দৃশ্যমান বৰণ বা ৰং বোৰকেই বুজো। আমাৰ মস্তিষ্কই পোহৰৰ তৰংগ দৈর্ঘ্যবোৰক দৃশ্যমান ৰং বা বৰ্ণালী হিচাবে চিনাক্ত কৰিব পাৰে। বিদ্যুত চৌম্বকীয় বর্ণালীৰ ক্ষুদ্র এটা অংশতেই এই দৃশ্যমান পোহৰৰ তৰংগ দৈৰ্ঘ্যবোৰ সীমাৱদ্ধ। অৱশ্যে এই সীমাৰ বাহিৰতো আছে তৰংগ দৈর্ঘ্যৰ এখন বিশাল ক্ষেত্ৰ, যিবোৰৰ ৰং আমি কেতিয়াও খালী চকুৰে দেখা নেপাওঁ। কম তৰংগ দৈর্ঘ্যৰ গামা ৰশ্মি, অতিবেগুনীয়া ৰশ্মি, এক্সৰে আৰু বেছি তৰংগ দৈর্ঘ্যৰ অৱলোহিত ৰশ্মি, মাইক্রোওৱেভ, ৰেডিও তৰংগ আদিবোৰ তেনে কিছুমান অদৃশ্য বৰ্ণালী। বিজ্ঞানীসকলে পোহৰৰ এই অদৃশ্য জগতখনত উপলব্ধ বর্ণালী সমূহৰ তৰংগ দৈর্ঘ্য, কম্পনাংক, বিচ্ছুৰণ, বিকিৰণ, উজ্বলতা, প্রাবল্য আদিবোৰৰ পৰাই বুটলি আনে আমাৰ মনবোৰ জোকাৰি যোৱা এশ এবুৰি প্ৰশ্নৰ সহজ সমিধানবোৰ।

পোহৰৰ প্রতিটো তৰংগদৈর্ঘ্য আৰু কম্পনাংকই দৰাচলতে বিজ্ঞানীসকলৰ ওচৰত মহাবিশ্বৰ সৰু বৰ প্ৰতিটো পদাৰ্থ কণাকেই এক ভিন্ন আংগিকেৰে সজাই পৰাই তোলে। সূর্যৰ ৰশ্মিক প্রিজম এটাৰ মাজেৰে পাৰ হৈ যাবলৈ দিলে দৃশ্যমান সাতটা ৰঙলৈ বিভক্ত হয়। ঠিক সেইদৰেই দূৰ দূৰণিৰ কোনো গ্রহ, নক্ষত্র অথবা তাৰকাৰাজ্য এখনৰ পৰা অহা পোহৰৰ ৰশ্মিক বিশেষ ধৰণৰ বর্ণালীবীক্ষণ যন্ত্রেৰে বিশ্লেষণ কৰি বৰ্ণালীবোৰৰ তৰংগদৈর্ঘ্য অনুযায়ী মহাজাগতিক বস্তু যেনে গ্রহ, নক্ষত্র অথবা তাৰকাৰাজ্য বোৰৰ তথ্য সংগ্ৰহ কৰা হয়। এই বর্ণালীবীক্ষণ পদ্ধতিৰ সহায়ত আহৰণ কৰা পোহৰৰ উৎসবোৰৰ তৰংগ দৈৰ্ঘ্য অধ্যয়ণ কৰি পোহৰৰ উৎসটোৰ ৰসায়নিক বিশ্লেষণৰ লগতে উৎসটোৰ ভৰ, উষ্ণতা, ভৌতিক উপাদান, গেছৰ উপস্থিতি, গেছীয় চাপ আদিৰ বিষয়ে তথ্য আহৰণ কৰাতো তেনেই সহজ হৈ পৰে।

মহাবিশ্বৰ প্ৰায় সকলোবোৰ পদাৰ্থ যেনে শিশু তৰা বা প্ৰট'স্টাৰ, গ্রহ, উপগ্রহ, বামন তৰা আদিয়ে অৱলোহিত ৰশ্মি বিকিৰণ কৰে। নক্ষত্র বা তৰা এটা জন্ম হোৱাৰ প্রাথমিক পর্যায়ত প্ৰচণ্ড মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত থকা আণৱিক গেছ আৰু ধূলিকণাৰ মেঘৰ কেন্দ্ৰভাগৰ পৰাই শিশু তৰা বা প্ৰট'স্টাৰটোৱে অৱলোহিত ৰশ্মি বিকিৰণ কৰে। এনেদৰে শিশু তৰা এটাৰ কেন্দ্ৰভাগৰ পৰা বিকিৰণ হোৱা অৱলোহিত ৰশ্মিৰ বৰ্ণালী বিশ্লেষণ কৰিয়েই বিজ্ঞানীসকলে জানিব পাৰিছে মহাবিশ্বৰ বুকুত থকা অগণন নক্ষত্ৰবোৰৰ জন্ম বৃত্তান্ত। আনহাতে পালচাৰ, সুপাৰনোভা অথবা কৃষ্ণগহ্বৰৰ আশে পাশে থকা বিস্তৃৰ্ণ অঞ্চল সমূহৰ পৰা বিকিৰণ হোৱা গামা ৰশ্মিবোৰে মৃত নক্ষত্ৰৰ অস্থি সদৃশ পালচাৰ সমুহৰ লগতে বিষ্ফোৰিত হৈ ধ্বংস প্ৰাপ্ত হোৱা সুপাৰনোভা বোৰৰ ৰসায়নিক সংগঠন, উষ্ণতা আদিৰ বিষয়ে তথ্য প্ৰদান কৰে।

একেদৰে মহাবিশ্বৰ চৌপাশে বিকিৰণ হৈ থকা ৰেডিও তৰংগবোৰৰ সহায়ত বিজ্ঞানীসকলে পৃথিবীৰ পৰা বহু দূৰৰ কোনো গ্ৰহ গ্ৰহান্তৰত প্ৰাণৰ অস্তিত্ব বিচাৰি ফুৰে। তদুপৰি ৰেডিও তৰংগবোৰ বিশাল ব্ৰহ্মাণ্ডখনৰ কোনো অজ্ঞাত স্থানত লুকাই থকা অদৃশ্য পদাৰ্থৰ চৌদিশৰ চৌম্বকক্ষেত্রৰ সন্ধানৰ লগতে মহাকাশত থকা বিভিন্ন গতিশীল পদাৰ্থবোৰৰ গতিবেগ নিৰ্ধাৰণ কৰিবলৈও ব্যৱহাৰ কৰা হয়। আনকি ৰেড ছিফ্ট (ৰঙা সৰণ) আৰু ব্লু ছিফ্ট (নীলা সৰণ) নামৰ পোহৰৰ দুটা বিশেষ পৰিঘটনাৰ আধাৰত সম্পন্ন কৰা গৱেষণাৰ তথ্যৰ ওপৰত ভিত্তি কৰি বিজ্ঞানী এডুইন হাব'লে প্ৰসাৰণশীল মহাবিশ্বৰ বিষয়ে ঘোষণা কৰিছিল।

বিজ্ঞানীসকলৰ মতে দূৰ দূৰণিৰ এই গ্রহ, নক্ষত্র বা তাৰকা ৰাজ্যবোৰৰ মাজতেই লুকাই আছে মহাবিশ্বৰ সকলোবোৰ ৰহস্যময় প্ৰশ্নৰ সহজ সমিধানবোৰ। এতিয়াও অজস্ৰ প্ৰশ্নৰ উত্তৰ আমি বিচাৰি পোৱা নাই। কিন্তু বিজ্ঞানীসকল আশাবাদী। কাৰণ তেওঁলোকে জানে যে পোহৰে ব্ৰহ্মাণ্ডৰ সকলোবোৰ জটিল প্ৰশ্নৰ সমিধান লৈ আমাৰ দিশেই আহি আছে। যিদিনাই আমি পোহৰে কঢ়িয়াই অনা খৱৰবোৰ বুজিব পৰাকৈ পৰ্যাপ্ত জ্ঞান আহৰণ কৰিব পাৰিম, সিদিনাই আমি বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ জটিল প্ৰশ্নৰেই সমিধান উলিয়াবলৈ সক্ষম হ'ব পাৰিম।

No comments:

Post a Comment