Friday 23 October 2020

তৃষ্ণাতুৰ কালিদাস আৰু আই সৰস্বতী


পঞ্চম শতিকাৰ কথা। মহাকবি কালিদাসে আমন্ত্ৰণ ৰক্ষা কৰি শাস্ত্ৰৰ গূঢ়াৰ্থ বিশ্লেষণ কৰাৰ উদ্দেশ্যে দাঁতি কাষৰীয়া দেশ এখনলৈ বুলি ৰাওনা হ'ল। পথ অতিক্ৰমৰ ভাগৰে জুৰুলা কৰা কালিদাস প্ৰখৰ ৰ'দত ক্লান্ত হৈ পৰিছিল। পিয়াহ নিবাৰণৰ বাবে ইফালে সিফালে চাই আগবাঢ়ি যোৱা কালিদাসৰ হঠাৎ চকুত পৰিল এগৰাকী মহিলা। তেওঁ ওচৰৰে কুঁৱা এটাৰ পৰা একলহ পানী লৈ তেওঁৰ দিশেই আগবাঢ়ি আহিছে। 

কালিদাসৰ মনটো ভৰি পৰিল। তেওঁ মহিলা গৰাকীৰ ওচৰলৈ দুখোজমান আগবাঢ়ি গৈ ক'লে : "হে মাতৃ ! সূৰ্যৰ প্ৰখৰ ৰ'দে মোক তৃষ্ণাতুৰ কৰি তুলিছে। পিয়াহ নিবাৰণৰ বাবে মোক অলপ পানী দিবনে?"

মহিলা গৰাকীয়ে কালিদাসলৈ চাই ক'লে - "তোমাৰ কষ্ট মই বুজি পাইছোঁ আৰু তোমাৰ তৃষ্ণা দূৰ কৰাৰ বাবে মই পানীও দিম। কিন্তু তাৰ আগত তোমাৰ চিনাকী দিয়া।"

শুকাই যোৱা ডিঙিটোৰে যেন এটা শব্দও উচ্চাৰণ কৰিবলৈ কালিদাসৰ শক্তি নাছিল। তথাপিও মহিলাগৰাকীক নিজৰ পৰিচয় দিবৰ বাবে তেওঁ ক'লে : "হে মাতৃ, আপুনি মোক এজন পথিক বুলিয়েই ধৰি লওক।"

কালিদাসৰ কথাত যেন মহিলা গৰাকী সন্তুষ্ট নহ'ল। তেওঁ কালিদাসক উদ্দেশ্যি ক'লে : "তুমি কেনেকৈ পথিক হ'লা? এই বিশ্বত পথিক কেৱল দুজনেই আছে আৰু তেওঁলোক হ'ল চন্দ্ৰ আৰু সূৰ্য। তেওঁলোকে অবিৰাম ভ্ৰমণ কৰি থাকে। তুমিটো তেওঁলোকৰ এজনো নহয়। তোমাৰ প্ৰকৃত পৰিচয় দাঙি ধৰা।"

কালিদাস যেন ক্ষন্তেকৰ বাবে অপ্ৰস্তুত হৈ পৰিল। তেওঁ ক'লে- "মই বুজি পাইছো। আপুনি মোক আপোনাৰ অতিথি বুলি ধৰি ল'ব পাৰে।"

মহিলা গৰাকীয়ে পুনৰ ক'বলৈ ধৰিলে - "নহয়, নহয়… তুমি অতিথি হ'বই নোৱাৰা। আমাৰ জীৱনত দুজনেই অতিথি আছে আৰু তেওঁলোক হ'ল সম্পদ আৰু যৌৱন। এই  দুয়োটাই কাৰো জীৱনত স্থায়ী নহয়। সম্পদ আৰু যৌৱন দুয়োটাই আমাৰ জীৱনত অতিথিৰ দৰে ক্ষন্তেকীয়া। তুমি কোন বাৰু?"

জীৱন সম্পৰ্কে এগৰাকী মহিলাৰ দৰ্শনে কালিদাসক আচৰিত কৰি তুলিছিল। কিন্তু কালিদাস বিচলিত নহ'ল। তেওঁ পুনৰ মহিলা গৰাকীক উদ্দেশ্যি পুনৰ ক'বলৈ ধৰিলে - "তেন্তে আপুনি মোক এজন সহনশীল পুৰুষ বুলিয়েই ধৰি লওঁক। মই পিয়াহত কষ্ট পাইছো। দয়া কৰি মোক অলপ পানী দিয়ক।"

ঈষৎ হাঁহি এটা ওঁঠত বিৰিঙাই মহিলা গৰাকী পুনৰ ক'বলৈ ধৰিলে - "তোমাৰ উত্তৰত মই সন্তুষ্ট হ'ব নোৱাৰিলোঁ কাৰণ পৃথিৱীত সহনশীল বুলি দুটাই আছে। সেয়া হ'ল পৃথিৱী আৰু বৃক্ষ। পৃথিৱীয়ে পাপী তথা পুণ্যাত্মা সকলোৰে ভৰ সহি থকাৰ উপৰিও পৃথিৱীৰ বক্ষ বিদীৰ্ণ কৰি কৃষি কাৰ্য কৰাৰ পিছতো আমাক খাদ্য দান কৰে। তেনেদৰে বৃক্ষৰ দেহলৈ শিল দলিয়ালেও সকলো সহন কৰি ওলোটাই তেওঁকেই মিঠা ফল প্ৰদান কৰে। এতিয়া তুমিয়েই কোৱাচোন তুমি সহনশীল পুৰুষ হয় নে নহয়?" 

কালিদাস যেন হতাশ হৈ পৰিল। তৃষ্ণাতুৰ আৰু ক্লান্ত কালিদাসে পুনৰ ক'লে : "মই হতাশ নহওঁ মাতৃ। মোক অলপ পানী দিয়ক। আপুনি মোক এজন জেদী পুৰুষ বুলিয়েই ধৰি লওঁক।"

"তুমি পুনৰ মিছা পৰিচয় দিছা" - মহিলা গৰাকীয়ে পুনৰ ক'বলৈ ধৰিলে। "আমাৰ শৰীৰৰ নখ আৰু চুলিহে আটাইতকৈ জেদী। নখ আৰু চুলি যিমানেই কাটা, সিমানেই বাঢ়ি আহি আগৰ দৰে হয়। তুমি তোমাৰ সঁচা পৰিচয় দিয়া।"

কালিদাস যেন সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰিল। চৰম অপমানিত অনুভৱ কৰি কালিদাসে বিৰক্তিৰে ক'বলৈ ধৰিলে - "তেন্তে মই এজন মূৰ্খ। আপুনি সেয়াই মোৰ পৰিচয় বুলি জানি লওঁক।"

মহিলা গৰাকীয়ে পুনৰ ক'বলৈ ধৰিলে - "তুমি বাৰু কেনেকৈ মূৰ্খ হ'বা ? মূৰ্খ কেৱল দুজনহে থাকে। প্ৰথমজন সেইজন ৰজা, যিজনে যোগ্যতা নোহোৱাকৈ দেশ শাসন কৰে আৰু দ্বিতীয়জন হ'ল সেইগৰাকী পণ্ডিত, যিজনে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অসত্যকো সত্য বুলি প্ৰতিষ্ঠা কৰিবলৈ তৰ্ক কৰে।"

কালিদাস যেন মুক হৈ পৰিল। তেওঁৰ মুখত আৰু একো উত্তৰেই নাছিল। তেওঁ ইতিমধ্যে বুজি পাইছিল যে এই মহিলা গৰাকী এগৰাকী বিদূষী মহিলা। কালিদাসে এইবাৰ মহিলা গৰাকীৰ ভৰিত পৰি থোকাথোকি মাতেৰে কৰিবলৈ ধৰিলে - "হে মাতৃ ! ইমান দিনে মই নিজকেই চিনি পোৱা নাছিলোঁ। পিয়াহত মোৰ প্ৰাণ যায় যায় অৱস্থা। দয়া কৰি মোক অলপ পানী দিয়ক……।"

দুবাহুত ধৰি মহিলা গৰাকীয়ে কালিদাসক ভৰিৰ পৰা উঠাই আনি ক'লে : "উঠা বৎস..."

কম্পিত দুভৰিত জোৰ দি ধীৰে ধীৰে থিয় হৈ কালিদাসে মহিলা গৰাকীলৈ চালে। কিন্তু এয়া কি…? তেওঁৰ সন্মূখত যে সাক্ষাৎ দেৱী সৰস্বতী ! কালিদাস পুনৰ দেৱী সৰস্বতীৰ চৰণত উবুৰি খাই পৰিল।

সৰস্বতীয়ে ক'বলৈ ধৰিলে - "শিক্ষাৰ পৰা জ্ঞান আহে, অহংকাৰ নহয়। তুমি শিক্ষাৰ জৰিয়তে আহৰণ কৰা সন্মান আৰু প্ৰতিষ্ঠাক নিজৰ উপলদ্ধি বুলি ভাবি অহংকাৰী হৈ পৰিলা। সেয়ে মই এই পৰীক্ষাটো ল'লো। হে মহাকবি কালিদাস; আহা, তোমাৰ তৃষ্ণা নিবাৰণ কৰা।"


উৎস : http://doerlife.com/mahakavi-kalidasa-old-woman/ 

(কৃতজ্ঞতা : Tapan Mahanta, টংলা)

No comments:

Post a Comment