Friday 9 November 2018

জেঠীৰ ছিঙি যোৱা নেজডাল আৰু কিছু সম্ভাৱনা



ঘৰৰ চিলিং অথবা বেৰত সপ্ৰতিভ হৈ গতি কৰা নেজ ছিঙা জেঠীটো আপুনি নিশ্চয় মন কৰিছে। জেঠীটো দেখি আপোনাৰ মনত নিশ্চয় কেইটিমান প্ৰশ্নৰো উদয় হৈছে; এই ধৰক - 
ছিঙি যোৱাৰ পিছতো নেজডালে ধৰফৰাই আছে কেনেকৈ? নেজডাল ছিঙা বাবে জেঠীটো যন্ত্ৰণাত কাতৰ হৈছে নেকি? জেঠীটোৰ নেজডাল বাৰু ছিঙিলেই বা কিয়? পুনৰ গজিবনে ছিঙি যোৱা নেজডাল?

জেঠী, তেজপিয়া, কেঁকো সাপ, ছ'লোমাণ্ডাৰ আদি সৰীসৃপবোৰৰ বাবে নেজ ছিঙি যোৱা পৰিঘটনাটো একোটা স্বাভাৱিক ঘটনা। শত্ৰুৰ আক্ৰমনৰ পৰা ৰক্ষা পৰিবলৈ এই প্ৰাণীসমূহে নিজৰ নেজডাল ছিঙি পেলায়। ছিঙি যোৱা নেজডালে ধৰফৰাই থাকি আক্ৰমনকাৰীক বিবুধিত পেলায় আৰু ইয়াৰ সুযোগ গ্ৰহন কৰি জেঠী বা তেজপিয়াটো সেই স্থানৰ পৰা নিৰাপদে আঁতৰি যায়। 

আচৰিত হ'লেও সঁচা যে ছিঙি যোৱা নেজডাল কিছুদিনৰ ভিতৰত পুনৰ গজি উঠে। তেজপিয়া, কেঁকো সাপ, ছ'লোমাণ্ডাৰ প্ৰভৃতি প্ৰাণীবোৰৰ নেজডাল পুনৰ গজি উঠিবলৈ প্ৰায় ৩০ দিন সময় লাগে যদিও জেঠীৰ ক্ষেত্ৰত ২০ দিন মানৰ ভিতৰতেই নতুন নেজডাল গজি উঠে।

জেঠীৰ নেজৰ হাড়ডাল কশেৰুকা নামৰ কেতবোৰ সৰু সৰু হাড়ৰ সমষ্টি। এই কশেৰুকাবোৰৰ সহায়তেই মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ ৰাজহাড়ডালো সৃষ্টি হয়। জেঠীৰ নেজ আৰু ৰাজহাড়ৰ কশেৰুকাবোৰ এনেদৰে এটাৰ লগত আনটো সংযুক্ত থাকে যে ৰাজহাড় আৰু নেজৰ সংযোগ স্থলত এটা আপেক্ষিক ভাবে দুৰ্বল অংশ থাকে। এই অংশটোত কশেৰুকাৰ সংযুক্তি ইমানেই থুনুকা যে এটি সাধাৰণ আঘাত বা খুন্দাৰ ফলতেই নেজডাল শৰীৰৰ পৰা বিচ্ছিন্ন হৈ যাব পাৰে।

জেঠী বা তেনে জাতীয় সৰীসৃপবোৰৰ শৰীৰৰ স্নায়ুতন্ত্র আৰু ৰক্তবাহী নলীসমূহো এই থুনুকা সংযোগ স্থল পৰ্যন্ত বিৰাজমান। ফলস্বৰূপে এই স্থানত কোনোধৰণৰ স্পর্শানুভূতিও নেথাকে। অর্থাৎ কোনো আঘাতৰ ফলত নেজডাল ছিঙি গ'লেও জেঠীটোৱে বিষ বা বেদনা অনুভৱ নকৰে। আনহাতে ৰক্তবাহী নলীকাৰ অনুপস্থিতিৰ বাবে নেজডাল ছিঙি গ'লেও তাৰপৰা কোনো ৰক্তক্ষৰণ নহয়।

ছিঙি যোৱা নেজডাল শৰীৰৰ মুল অংশৰ পৰা বিচ্ছিন্ন হোৱাৰ ফলত নেজডালৰ মাংসপেশী সমূহলৈ অক্সিজেনৰ প্ৰবাহত বাধা জন্মে। ফলত নেজত থকা সংকোচনশীল পেশীকোষৰ এক্টিন আৰু মায়োচিনৰ সংকোচন প্রসাৰণ দ্ৰুত হৈ পৰে। এক্টিন আৰু মায়োচিনৰ এই দ্ৰুত সংকোচন প্রসাৰণৰ বাবে কিছুপৰ অবিৰত ভাবে ছিঙি যোৱা নেজডালে ধৰফৰাই থাকে।

জেঠীৰ ছিঙি যোৱা নেজৰ পুনৰোৎপাদন প্ৰক্ৰিয়াটো জীৱ বিজ্ঞানী সকলৰ লগতে চিকিৎসা বিজ্ঞানীসকলৰ বাবেও এক গুৰুত্বপূৰ্ণ বিষয়। তাৰ প্ৰধান কাৰণ হ'ল মানুহকে ধৰি সকলো স্তন্যপায়ী প্ৰাণীৰ দৰে জেঠীৰ স্নায়ুৰজ্জুও পিঠিত শেষ নহৈ নেজ পর্যন্ত বিস্তৃত হৈ থাকে। যেতিয়া জেঠীৰ ছিঙি যোৱা নেজডাল নতুনকৈ গজিবলৈ আৰম্ভ কৰে, তেতিয়া সেই নেজডালৰ লগতে নতুনকৈ স্নায়ুৰজ্জুডালো বৃদ্ধি হ'বলৈ ধৰে। এতিয়া বিজ্ঞানী সকলৰ বাবে গৱেষণাৰ বিষয় - জেঠীৰ ছিঙি যোৱা নেজ আৰু স্নায়ুৰজ্জুৰ পুনৰোৎপাদনেই বা কেনেদৰে হয়!

ইতিমধ্যে জীৱবিজ্ঞানী সকলে স্নায়ুৰজ্জুৰ পুনৰোৎপাদন সম্বন্ধে যথেষ্ঠ গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছে। স্নায়বিক আঘাতৰ বাবে বহু মানুহৰ জীৱন পংগু হৈ পৰিছে। বিজ্ঞানী সকল আশাবাদী যে জেঠীত ছিঙা নেজৰ পুনৰোৎপাদন পৰিঘটনাৰ পৰা আহৰণ কৰা গৱেষণালব্ধ জ্ঞানে অচিৰেই স্নায়ুৰজ্জুৰ আঘাটত ভোগা অসংখ্য মানুহক পংগুত্বৰ পৰা মুক্তি দি স্বাভাৱিক জীৱন অতিবাহিত কৰাৰ এটি সুৱৰ্ণ সুযোগ দিব পাৰিব, কিয়নো তেনে লোকৰ দেহত স্নায়ুৰজ্জুৰ পুনৰোৎপাদন প্ৰক্ৰিয়া সোনকালেই সম্ভৱ হৈ পৰিব।

No comments:

Post a Comment