Friday 30 November 2018

উৰন্ত চাকি : ভিন্ন গ্ৰহৰ প্ৰাণীৰ মহাকাশযান


ভিন্ন গ্রহৰ প্ৰাণীৰ অস্তিত্বক লৈ জল্পনা-কল্পনাৰ শেষ নাই। মাজে সময়ে বাতৰিৰ শিৰোনামা দখল কৰি প্ৰকাশ হয় UFO অথবা অচিনাক্ত উৰন্ত চাকিৰ খবৰ। সেই বাতৰিক কেন্দ্ৰ কৰি সৃষ্টি হয় বিতর্ক। একাংশ মানুহৰ মতে সেয়া সত্য আনহাতে আন একাংশৰ মতে এয়া দৃষ্টিভ্ৰম অথবা মনে সজা কাহিনী। সেয়া যিয়েই নহওঁক, সাম্প্ৰতিক সময়চোৱাৰ বাবে উৰন্ত চাকি সঁচাকৈয়ে এক ৰহস্যময় সাঁথৰ।

উৰন্ত চাকি সঁচাকৈয়ে বাৰু দৃষ্টিভ্রম নেকি ? ভিন্ন গ্রহত প্রাণ থকাৰ সম্ভাৱনাক বিজ্ঞানে অস্বীকাৰ কৰা নাই। বিজ্ঞানৰ মতে মহাবিশ্বৰ ক'ৰবাত নহয় ক'ৰবাত বুদ্ধিমান প্রাণী থাকিব পাৰে। সেই প্ৰাণীবোৰ মানুহতকৈও বেছি বুদ্ধিমানো হ'ব পাৰে অথবা তেনেই চালুকীয়া অৱস্থাতো থাকিব পাৰে।  

কিছুমান লোকৰ মতে ভিন্নগ্ৰহৰ প্ৰাণীবোৰ আমাতকৈও বেছি বুধিয়ক আৰু তেওঁলোকে মাজে সময়ে বিশেষ আকৃতিৰ মহাকাশযানেৰে তেওঁলোকৰ গ্ৰহৰ পৰা আমাৰ পৃথিৱীলৈ আহে। পৃথিৱীৰ আকাশত হঠাতে কেতিয়াবা এই ভিন্নগ্ৰহী মহাকাশ যানবোৰ কোনো কোনো মানুহে স্বচক্ষে দেখা পোৱা বুলি দাবী কৰি আহিছে। তেওঁলোকৰ দাবীক প্ৰমাণিত কৰিবলৈ এই মহাকাশ যানবোৰৰ আলোকচিত্ৰও তেওঁলোকে দেখুৱাইছে। এই আলোকচিত্ৰবোৰত দেখা যোৱা উৰন্ত যানবোৰকেই UFO বা অচিনাক্ত উৰন্ত চাকি বুলি অভিহিত কৰা হয়।

যদিও এই আলোকচিত্ৰ সমূহ ভিন্নগ্ৰহী মহাকাশযানৰ সত্যতা প্ৰতিষ্ঠা কৰাৰ বাবে বিজ্ঞান সন্মত প্ৰমাণ নহয়, অন্যান্য কেতবোৰ আনুসংগিক বিষয়ে UFO বা অচিনাক্ত উৰন্ত চাকিৰ ধাৰণাটোক জীয়াই ৰাখিছে। উদাহৰণস্বৰূপে ইউৰোপ প্ৰভৃতি দেশৰ শস্যক্ষেত্ৰৰ মাজত দেখা পোৱা বিশালাকাৰ "ক্ৰপ চাৰ্কোল" অথবা নিশাটোৰ ভিতৰতেই মাটিত অংকিত হোৱা অতি বৃহৎ আকাৰৰ জ্যামিতিক নক্সাবোৰলৈ আঙুলিয়াব পাৰি। UFO বা অচিনাক্ত উৰন্ত চাকিক বিশ্বাস কৰা লোক সকলৰ মতে ভিন্ন গ্ৰহৰ প্ৰাণীয়ে এই নক্সা বা ক্ৰপ চাৰ্কোলবোৰৰ জৰিয়তে পৃথিৱীবাসীলৈ কিবা বাতৰি দি গৈছে। 

অনেকে ক'ব খোজে যে ক্ৰপ চাৰ্কোল সমূহ পৃথিৱীৰেই কোনো শিল্পীৰ দ্বাৰা তৈয়াৰী। কিন্তু আচৰিত কথাটো হ'ল যে শস্য ক্ষেত্ৰৰ মাজত অংকিত কৰা অগণন তথা বৃহৎ বৃহৎ ক্ৰপ চাৰ্কোলবোৰ অংকন কৰা কোনো শিল্পীকেই আজিলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। তেন্তে ৰাতিটোৰ ভিতৰতেই কোনো অংকিত কৰি থৈ যায় এই ক্ৰপ চাৰ্কোলবোৰ !!!

এই ক্ৰপ চাৰ্কোলবোৰ ৰহস্যাবৃত। প্রথমতে শস্যৰ মাজত অংকিত এই নক্সাবোৰ সহজ সৰল জ্যামিতিক পেটার্ন যেনে বৃত্ত, চতুৰ্ভূজ অথবা ত্ৰিভুজ আছিল। কিন্তু পিছলৈ শস্যক্ষেত্ৰৰ মাজত  অত্যন্ত জটিল জ্যামিতিক গঠনে ঠাই ল'বলৈ আৰম্ভ কৰে। এই ধৰণৰ শস্যক্ষেত্ৰৰ মাজৰ অংকনবোৰ ১৯৭০ৰ দশকৰ পৰা প্রচুর পৰিমানে দেখা পোৱা গৈছিল। ইংলেণ্ডকে আদি কৰি ইউৰোপৰ অন্যান্য দেশবোৰৰ লগতে ইন্দোনেছিয়া, আমেৰিকা আৰু অষ্ট্রেলিয়াত এই ধৰণৰ অংকনবোৰ সঘনাই দেখা গৈছিল।

এই শিল্পকর্ম সমূহ অপূৰ্ব আৰু তাতকৈও আচৰিত কথা এই যে এই সমস্ত শিল্প কৰ্ম ৰাতিটোৰ ভিতৰতেই সম্পন্ন হয়। কোন এই প্রতিভাবান ৰহস্যময় শিল্পী ? কিয়ই বা তেওঁ সংগোপনে অংকন কৰি যায়হি এইবোৰ নক্সা ? এই প্রশ্নবোৰৰ কোনো উত্তৰেই আজিলৈকে আমাৰ হাতত নাই। বতর্মান আধুনিক বিশ্বৰ এনে বহুতো ৰহস্যৰ মাজত UFO বা অচিনাক্ত উৰন্ত চাকিও অন্যতম। 

UFOবোৰ পৃথিবীৰ বিভিন্ন স্থানৰ পৰা বহুবাৰ দেখা পোৱা বুলি দাবী কৰা হৈছে। এই UFOবোৰ পৃথিবীৰ কোনো পৰিচিত বস্তুৰ লগতেই মিল নাখায়। তদুপৰি আমাৰ দ্বাৰা আৱিষ্কৃত বিজ্ঞানৰ কোনো তত্ব বা সূত্ৰৰ সহায়তো ইয়াৰ ব্যাখ্যা দাঙি ধৰিব নোৱাৰি। উৰন্ত এই চাকিবোৰক লৈ পৃথিৱীৰ বিভিন্ন স্থানত অনেক গবেষণা হৈছে, কিন্তু তৎসত্বেও বিজ্ঞানীসকলে এই ৰহস্যৰ ভেদ ভাঙিব পৰা নাই। UFO শব্দটোৰ সম্পূর্ণ ৰূপ হৈছে Unidentified Flying Object বা ফ্লায়িং চ'চাৰ। এইবোৰ বিভিন্ন আকৃতিৰ হ'ব পাৰে। বেছিভাগ উৰন্ত চাকিয়েই এটা চকৰিৰ দৰে গঠনৰ আৰু অতি উজ্বল আলোকেৰে আলোকিত। প্ৰত্যক্ষদৰ্শীৰ মতে এইবোৰে হোভাৰক্রাফ্ট এখনৰ দৰেই পোনে পোনে অৰ্থাৎ উলম্ব ভাবে ভূমিত অবতৰণ কৰিব পাৰে। এইবোৰৰ গতিবেগো অতি বেছি আৰু সেয়ে অতি কম সময়ৰ ভিতৰতেই মানব দৃষ্টিৰ পৰা  অদৃশ্য হৈ যাব পাৰে। প্ৰত্যক্ষদৰ্শী সকলে দিয়া তথ্য অনুসৰি UFOবোৰে খুব শক্তিশালী চুম্বক ক্ষেত্র সৃষ্টি কৰি চৌপাশৰ সকলো বৈদ্যুতিক আহিলাক নিস্ক্ৰিয় কৰি পেলাব পাৰে। তেওঁলোকৰ মতে এই UFO বোৰেই হ'ল ভিন্ন গ্রহী প্ৰাণীৰ মহাকাশ যান। এই মহাকাশযানত উঠিয়েই ভিন্ন গ্ৰহৰ প্ৰাণীবোৰে পৃথিৱীলৈ আহি আমাক নিৰীক্ষণ কৰে। সম্ভৱতঃ তেওঁলোক প্ৰযুক্তিৰ দিশত আমাতকৈ বেছি আগবঢ়া আৰু আমাৰ তেনেই চালুকীয়া প্ৰযুক্তিৰ লগত থকা পাৰ্থক্যৰ বাবে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পৰা নাই। অথবা আমি তেওঁলোকৰ বাৰ্তা গ্ৰহন কৰিব পৰা নাই। 

উৰন্ত চাকি পৃথিবীৰ অসংখ্য মানুহে বহুবাৰ প্রত্যক্ষ কৰিছে বুলি দাবী কৰিছে। তাৰ মাজত আমেৰিকাৰ প্ৰায় ১০০০০ মানুহে একেলগে ১৯৬৬ চনত এটা UFO দেখা বুলি দাবী কৰিছে। একেদৰে চীনদেশতো বহু লোকে স্বচক্ষে UFO দেখা বুলি কৈছে। ইয়াৰ উপৰিও বিশ্বব্যাপী বিভিন্ন স্থানৰ আকাশত উৰন্ত চাকিয়ে ভূমুকি মৰা বুলি বাতৰি প্ৰচাৰ হৈছে। বিগত ২০১০ চনতো জাপানৰ আকাশত UFO দেখা বুলি বাতৰি ওলাইছিল।

UFO সম্বন্ধে এই বাতৰিবোৰ পিছে বহুতেই মিছা বুলি কয়। তেওঁলোকৰ মতে UFO বোৰ মানব সৃষ্ট কেতবোৰ বৈদ্যুতিক যতন হে মাথোন। সৰ্বসাধাৰণ মানুহক বুৰ্বক সাজিবলৈ কোনো কোনো লোকে ৰিম'ট কণ্ট্ৰোলৰ সহায়ত এনে ধৰণৰ বৈদ্যুতিক যতনবোৰ আকাশত উৰুৱাই মানুহক আমোদ আৰু চিন্তাৰ খোৰাক দিছে। ৰহস্যময় পৃথিৱীত মানুহে ৰহস্যৰ লগতে মোকাবিলা কৰি ভাল পায়। এই ৰহস্যৰ ভেদ ভাঙিবলৈ গৈয়েই মানুহে আৱিষ্কাৰ কৰি গৈছে ইটোৰ পিছত সিটোকৈ নতুন নতুন তথ্য। এদিন এই ৰহস্যপ্ৰেমী মানুহেই ভেদ ভাঙিব আন এটি ৰহস্যৰ, যাৰ নাম UFO বা অচিনাক্ত উৰন্ত চাকি।

No comments:

Post a Comment