Thursday 6 December 2018

মৃত্যুশয্যাত বিশ্বব্ৰহ্মাণ্ড


বিশ্বব্রহ্মাণ্ড ধীৰে ধীৰে মৃত্যুৰ দিশলৈ আগবাঢ়িছে ! বাৰ্ধক্যৰ বোজা বৈ ক্ৰমশঃ ভাগৰুৱা আৰু জৰাগ্ৰস্ত হৈ পৰিছে আমাৰ বিশ্বব্ৰহ্মাণ্ড ! সম্প্ৰতি একাংশ বিজ্ঞানীয়ে এনে আশংকাৰ কথাই প্ৰকাশ কৰিছে।

অষ্ট্ৰেলিয়াৰ "ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ ৰেডিও এষ্ট্ৰোনোমি ৰিচাৰ্চ"ৰ বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ পৰমায়ু সম্বন্ধে কৰা গৱেষণাৰ তথ্য অনুসৰি আমি এতিয়াই আতংকিত হোৱাৰ কাৰণ নাই। কিয়নো বিজ্ঞানীসকলৰ মতে এতিয়াও বিশ্বব্রহ্মাণ্ডৰ আয়ুস অন্তত ১০০ বিলিয়ন বছৰ বাকী আছে। এই গৱেষণাত তেওঁলোকে সাতটা অতি শক্তিশালী আৰু অত্যাধুনিক টেলিস্কোপৰ পৰা তথ্য সংগ্ৰহ কৰাৰ উপৰিও পৃথিৱীৰ চৌদিশৰ কক্ষপথত স্থাপন কৰা দুটা ঘূৰ্ণীয়মান স্পেচ টেলিস্কোপৰ তথ্যও বিশ্লেষণ কৰিছে। এই টেলিস্কোপ দুটাৰ ভিতৰত প্ৰথমটো নাছাৰ আৰু দ্বিতীয়টো ইউৰোপীয়ান স্পেচ এজেন্সীৰ।

গৱেষণাৰ কালচোৱাত মহাবিশ্বৰ প্রায় ২ লাখ গেলাক্সিৰ পৰা নির্গত হোৱা মহাজাগতিক বিকিৰণ বা মহাজাগতিক শক্তিৰ বিশ্লেষণ কৰি তেওঁলোকে ধৰা পেলাইছে যে ২ বিলিয়ন বছৰ আগতে নিৰ্গত হোৱা মহাজাগতিক বিকিৰণৰ তুলনাত এই বিকিৰণৰ পৰিমাণ সাম্প্ৰতিক সময়ত ৫০ শতাংশ হ্ৰাস পাইছে। আহৰণ কৰা এই তথ্য সমূহৰ গাণিতিক হিচাব নিকাচ কৰি মহাকাশ বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিছে যে আমাৰ দৃশ্যমান বিশ্বব্রহ্মাণ্ডৰ আয়ুকাল আৰু মাত্র ১০০ বিলিয়ন বছৰহে বাকী আছেগৈ।

No comments:

Post a Comment