Friday 14 December 2018

জীৱন : এক বৈজ্ঞানিক দৃষ্টিকোন


জীৱন বা প্রাণ মানে কি ? কেৱল তেজ-মঙহৰ শৰীৰেই বাৰু জীৱন নেকি ? জীৱন সৰ্বব্যাপী অথবা চিৰস্থায়ী নহয় কিয় ? দাৰ্শনিক অথবা বৈজ্ঞানিক যিয়েই নহওঁক কিয়, জীৱন সম্পৰ্কে আমাৰ ধাৰণাৰ অন্ত নাই। অথচ কোনো এটা ধাৰণায়ো জীৱন সম্বন্ধে আমাক সদুত্তৰ দিব পৰা নাই। জীৱন কি সঁচাকৈয়ে ৰহস্যময় ? এনেবোৰ বিষয়বস্তু বাচি লৈয়ে ১৯৯৪ চনত নাছাৰ দ্বাৰা প্ৰকাশিত মহাকাশ জীৱবিজ্ঞানৰ জাৰ্নালত প্ৰকাশিত এখন গৱেষণা পত্ৰত "Life is a self-sustaining chemical system" নামৰ এটি প্ৰবন্ধ প্ৰকাশ পাইছে। প্ৰৱন্ধটোত "জীৱন" নামৰ ৰহস্যটোক বৈজ্ঞানিক দৃষ্টিকোনেৰে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হৈছে। 

জীৱন দৰাচলতে এলানি সুশৃংখল আৰু সংগঠিত জটিল ৰসায়নিক বিক্রিয়াৰ আশীৰ্বাদ ! অৰ্থাৎ জীৱন হ'ল অণু-পৰমাণুৰ জটিল ৰসায়নিক বিক্রিয়াৰ ওপৰত নির্ভৰশীল এক প্ৰাকৃতিক পৰিঘটনা। পিছে জীৱন এনে এটি ব্যবস্থা যি কেতিয়াও সাম্যাৱস্থাত নেথাকে। বৰং জীৱনে চৌপাশৰ পৰিবেশ অথবা অন্য কোনো উৎসৰ পৰা শক্তি আহৰণ কৰি নিজক গতি প্ৰদান কৰে। বিজ্ঞানৰ ভাষাত ইয়াকেই বিপাক বা "মেটাব'লিজম" বুলি কোৱা হয়। চৌপাশৰ পৰিস্থিতিৰ লগতে আভ্যন্তৰীণ পৰিবেশ সলনি হোৱাৰ লগে লগে জীৱনক গতিময়তা প্ৰদান কৰা এই বিপাক প্ৰক্ৰিয়াৰো পৰিবৰ্তন ঘটে। সেয়ে জীৱন সদায়ে সাম্যাৱস্থাত থাকিব নোৱাৰে। হয়তো সেইবাবেই জীৱন কচুপাতৰ পানীৰ দৰেই অস্থিৰ !

জীৱন নামৰ এই জটিল জৈৱ-ৰসায়নিক প্ৰক্ৰিয়াসমূহ মুক্ত স্থানত অথবা পৰীক্ষাগাৰত সংঘটিত নহয়। এক সুনিয়ন্ত্ৰিত আৱদ্ধ তন্ৰৰ মাজতহে এই জটিল জৈৱ-ৰসায়নিক প্ৰক্ৰিয়াসমূহ পৰিচালিত হয়। এনে সুনিয়ন্ত্ৰিত আৱদ্ধ তন্ৰবোৰকেই আমি "কোষ" বুলি কওঁ। অৰ্থাৎ কোষ অবিহনে জীৱন সম্ভৱ নহয়। এই কোষবোৰৰ ভিতৰতেই সুশৃংখলিতভাবে ৰসায়নিক বিক্ৰিয়াসমূহে জীৱনক পৰিবেষ্টিত কৰি ৰাখে।

জীৱনৰ মূল চালিকা শক্তি বুলিলে আমি মূলতঃ নিউক্লিক এচিড বুলিয়েই বুজো। আমাৰ পৃথিবীত প্রাণ বা জীৱন সৃষ্টিৰ পৰা আৰম্ভ কৰি জীৱনৰ নিয়ন্ত্ৰণ আনকি মৃত্যুৰ সমস্ত তথ্যও আমাৰ কোষৰ ভিতৰত থকা প্ৰাণদায়িনী  নিউক্লিক এচিডৰ মাজতেই আৱদ্ধ হৈ আছে। সময়ৰ সোঁতত চৌপাশৰ পৰিস্থিতিবোৰ সলনি হোৱাৰ লগে-লগে কোষৰ ভিতৰত থকা এই নিউক্লিক এচিডৰো বিৱর্তন হৈছে।  নিউক্লিক এচিডৰ এনে বিবৰ্তনে জীৱনৰো বিৱৰ্তন আনিছে আৰু বিভিন্ন প্ৰজাতিৰ জীৱকূল সৃষ্টি কৰিছে। পৃথিৱীত পোৱা প্ৰতিটো জীৱৰ জীৱন প্ৰণালী একে নহ'লেও জীৱনক নিয়ন্ৰণ কৰা ৰসায়নিক বিক্ৰিয়া সমূহ কিন্তু একেই। তেন্তে পৃথিৱীৰ বাহিৰত যদি কোনো জীৱন আছে, সেইবোৰ জীৱনৰ গতিবিধি বা নিয়ন্ৰণ পদ্ধতি আমাৰ পৃথিৱীৰ দৰে একেই হ'বনে ?

ভিন্নগ্ৰহত জীৱন আছে নে নাই - এইটো আজিও নিশ্চিত হোৱা নাই। যুক্তিৰ আধাৰত এলিয়েন আছে বুলি যদি ধৰি লওঁ, তেন্তে প্ৰশ্ন উদয় হ'ব যে তেওঁলোকৰ জীৱনৰ জৈৱ ৰসায়ন আমাৰ পৃথিৱীৰ লগত একে হ'বনে ? যিহেতু জীৱনৰ জৈৱ ৰসায়ন, চৌপাশৰ পৰিস্থিতিৰ লগতে আভ্যন্তৰীণ পৰিবেশ সলনি হোৱাৰ লগে লগে জীৱনক গতিময়তা প্ৰদান কৰা বিপাক প্ৰক্ৰিয়াবোৰৰো পৰিবৰ্তন ঘটে, সেয়ে এলিয়নবোৰৰ জীৱন শৈলী আমাৰ দৰে নোহোৱাতোৱেই স্বাভাৱিক। কোনো কোনো বিজ্ঞানীৰ মতে এলিয়নবোৰৰ জীৱন কাৰ্বনভিত্তিক নহৈ ছিলিকনভিত্তিক হোৱাৰ সম্ভাৱনা অধিক। আন একাংশ অত্যুৎসাহী বিজ্ঞানীৰ মতে এলিয়েনৰ দেহ কাৰ্বনৰ বহুৰূপ হীৰাৰে গঠিত। কোনো কোনোৰ মতে এলিয়েনবোৰ "চুপাৰহিৰো" আৰু তেওঁলোকৰ দেহ বিদ্যুতৰ সুপৰিবাহী। আচলতে এয়া সম্ভৱ নে অসম্ভৱ - আজিৰ দিনত এইটো এটা লাখটকীয়া প্ৰশ্ন। পৃথিৱীৰ পৰিবেশত আমাৰ জ্ঞাত বিজ্ঞানৰ সূত্ৰ অনুযায়ী এয়া অসম্ভব । কিন্তু কোনে জানে, হয়তো পৃথিৱীৰ বাবে আমি যাক জীৱনৰ সংজ্ঞা বুলি মানি ল'ব খুজিছো, ভিন্নগ্ৰহৰ প্ৰাণীৰ বাবে জীৱনৰ সেই সংজ্ঞা তেনেই মূল্যহীন। আৰু যদি সেয়েই সঁচা হয়, তেন্তে "জীৱন" এক ৰহস্যময় পৰিঘটনা হৈয়েই ৰ'ব।

No comments:

Post a Comment