Friday 29 September 2017

সংগীতৰ তালে তালে নৃত্য কৰা গছজোপা


গছৰ পাতে বতাহত হালি জালি নাচে। বিভিন্ন জনগোষ্ঠীৰ লোককথাত নৃত্য কৰিব পৰা গছৰ কথাৰ উল্ল্যেখ আছে। কবিৰ কবিতাটো পোৱা যায় নৃত্যৰত গছ অথবা গছৰ পাতৰ নৃতৰত ভংগীমাৰ সাৱলীল বৰ্ণনা। পিছে বাস্তবত নাচিব জনা গছৰ বিষয়ে শুনিছেনে? অথবা দেখিছেনে সংগীতৰ তালে তালে হালি জালি কঁকাল ভাঙি নচা গছৰ দেহভংগীমা !

প্ৰসিদ্ধ ভাৰতীয় বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৱে উদ্ভিদৰ দেহত প্ৰাণ থাকে বুলি কোৱাৰ উপৰিও প্ৰমান কৰি দেখুৱাইছিল যে উদ্ভিদে আমাৰ দৰেই অনুভৱ কৰিব পাৰে বিভিন্ন সংবেদনা আৰু তাতোকৈ উল্ল্যেখযোগ্য বিষয় এই যে তেনে সংবেদনাবোৰৰ প্ৰতি উদ্ভিদে সঁহাৰিও জনায়। তেখেতে গৱেষণাৰ সময়ত বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ ওপৰত এলানি পৰীক্ষা সম্পন্ন কৰিছিল। সেই উদ্ভিদবোৰৰ ভিতৰত এজোপা উদ্ভিদৰ নাম বিশেষ ভাবে উল্ল্যেখযোগ্য কাৰন এই জোপা উদ্ভিদে সংগীতৰ তালে তালে প্ৰদৰ্শন কৰিব পাৰে নৃত্য।

এই বিশেষ উদ্ভিদজোপাৰ নাম বনচন্দন (Telegraph plant)। বৈজ্ঞানিক নাম Codariocalyx motorius. গছজোপাৰ বিশেষত্ব হ'ল এয়ে যে আপুনি যদি গছজোপাৰ কাষলৈ গৈ হাতচাপৰি বজাই, তেন্তে ইয়াৰ পাতবোৰে সঁহাৰি জনাব আৰু আপোনাৰ হাতচাপৰিৰ ঠাৰত নাচিবলৈ ধৰিব। পৰীক্ষাৰ সময়ত বিজ্ঞানীসকলে বনচন্দন গছৰ কাষত বিশেষ শব্দ তৰংগৰ সংগীত পৰিবেশন কৰি ইয়াৰ পাতবোৰৰ নাচোন পৰ্যবেক্ষণ কৰিছে। তেওঁলোকে সংগীতৰ লয় আৰু তাল সলনি কৰি দেখা পাইছে যে পাতবোৰৰ নাচোন শব্দ তৰংগ ভেদে ভিন ভিন হয়। ৰাতিপুৱা সূৰ্যৰ ৰ'দৰ প্রখৰতা বাঢ়ি যোৱাৰ আগত গছজোপাৰ এই নাচোন বেছি ভালকৈ দেখা যায়। ৰ'দৰ তীব্ৰতা বাঢ়ি অহাৰ লগেলগে গছজোপাৰ নাচিব পৰা ক্ষমতা বা শব্দৰ প্ৰতি অনুভূতি কমি আহে।

মটৰ মাহ গোত্ৰৰ অন্তৰ্গত বনচন্দন এজোপা পলসুৱা, আলতিয়া অথবা বালিয়া মাটিত গজিব পৰা তৃণ প্ৰজাতিৰ উদ্ভিদ। এচিয়া মহাদেশৰ ভাৰত, বাংলাদেশ, নেপাল, ভুটান, পাকিস্তান, চীন, কম্বোডিয়া. ইন্দোনেচিয়া, শ্রীলংকা, থাইলেণ্ড প্রভৃতি দেশত বনচন্দন গছ পোৱা যায়। অৱশ্যে পিছলৈ পৃথিবীৰ অন্যান্য দেশবোৰলৈও বনচন্দনৰ বিস্তাৰ ঘটে।

বহুতো প্ৰজাতিৰ উদ্ভিদে বিভিন্ন সংবেদনাৰ প্ৰতি সঁহাৰি জনায়। যেনে পোহৰৰ প্ৰতি সঁহাৰি জনাই উদ্ভিদবোৰ বাঢ়ি আহে। স্পৰ্শ সংবেদনাৰ প্ৰতি সঁহাৰি জনাই লাজুকীবন অথবা কলচী উদ্ভিদে গতিময়তা প্ৰদৰ্শন কৰে। বৈজ্ঞানিক পৰীক্ষাৰ পৰা সাব্যস্ত হৈছে যে উদ্ভিদসমূহ পোহৰ, স্পৰ্শ আদি সংবেদনাৰ উপৰিও পানী, মাধ্যাকৰ্ষণ বল আদিৰ দ্বাৰাও প্ৰভাৱিত হয়। চাৰ্লচ ডাৰউইনে তেখেতৰ আন এখন প্ৰসিদ্ধ গ্ৰন্থ "দ্য পাৱাৰ অফ মুভমেন্টচ ইন প্লান্টচ’"ত বিভিন্ন সংবেদনশীল উদ্ভিদৰ কথা উল্ল্যেখ কৰি গৈছে। কিন্তু শব্দৰ প্ৰতি উদ্ভিদৰ সঁহাৰিৰ প্ৰকৃত ব্যাখ্যা বিজ্ঞানৰ জগতখনত এতিয়াও গৱেষণাৰ পৰ্যায়তেই আছে।

ইচ্ছুকসকলে ইন্টাৰনেটত উপলব্ধ বনচন্দন গছৰ নাচোন চাব পাৰে। তলৰ লিংকটো খুলিলে তেনে এটি ভিডিও দেখা পাব :
https://youtu.be/n8fXz9SCjdg

No comments:

Post a Comment