Wednesday 13 September 2017

থিয় হ'বলৈ মোক পৃথিৱীৰ বাহিৰত এটুকুৰা ঠাই দিয়া


লিভাৰৰ মূলনীতি বুজাবলৈ প্ৰসংগক্ৰমে এবাৰ আর্কিমিডিছে কৈছিল, "থিয় হ'বলৈ মোক এটুকুৰা ঠাই দিয়া, মই পৃথিৱীখনকেই দাঙি দেখুৱাম।" আর্কিমিডিছ এজন গ্রীক গণিতবিদ, পদার্থবিজ্ঞানী, প্রকৌশলী, জ্যোতির্বিদ তথা দার্শনিক আছিল। তেখেতৰ জীৱন সম্পর্কে খুব কম কথাই জনা গৈছে যদিও তেখেতৰ যিখিনি কথা সাম্প্ৰতিক সময়চোৱাৰ মানুহে জানিব পাৰিছে, তাৰ ওপৰত ভিত্তি কৰিয়েই আর্কিমিডিছক ধ্ৰুপদী বিজ্ঞানৰ এজন অন্যতম মহান বিজ্ঞানী হিচাবে বিবেচনা কৰা হয়। সেইসময়ৰ জ্ঞান চর্চাৰ পীঠস্থান আলেকজান্দ্রিয়াত শিক্ষা গ্ৰহন কৰা আর্কিমিডিছ ছাত্রাৱস্থাৰ পৰাই অসাধাৰণ বুদ্ধিমত্তা সম্পন্ন তথা সপ্ৰতিভ ব্যক্তিত্বৰ ব্যক্তি আছিল।

খ্ৰীষ্ট জন্মৰ ২৮৭ বছৰ আগত ছিছিলিৰ ছাইৰাকিউজত জন্মলাভ কৰা আর্কিমিডিছে পিছলৈ সম্ৰাট হিয়েৰোৰ দৰবাৰত ৰাজ কৰ্মচাৰী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল। সম্ৰাট হিয়েৰোৰ তাগিদাত তেখেতে গণিত বা জ্যামিতিৰ চৰ্চাৰ সমান্তৰালকৈ অভিযন্তা হিচাবেও কাম কৰিবলগীয়া হৈছিল। সেই সময়চোৱাতেই তেওঁ আইনাৰে প্ৰকাণ্ড অৱতল দাপোন সাজি ৰোমান সৈন্যৰে সম্ৰাটক যুঁজিবলৈ আহিলা তৈয়াৰ কৰি দিছিল। তেখেতে একে সময়তেই কপিকল যন্ৰও সাজি উলিয়াইছিল। সম্ৰাট হিয়েৰোৰ ৰাজমুকুটৰ সোনৰ বিশুদ্ধতা নিৰ্ণয় কৰাৰ তাগিদাত তেখেতে আৱিষ্কাৰ কৰিছিল সেই বিখ্যাত সূত্ৰটি যাক আমি আর্কিমিডিছৰ সূত্ৰ বুলি কও। সম্ৰাট হিয়েৰোৰ দৰবাৰত কৰ্মৰত হৈ আর্কিমিডিছে বিভিন্ন সময়ত প্ৰায় ৪০ টা আৱিষ্কাৰেৰে সম্ৰাটৰ লগতে সমগ্ৰ বিশ্ববাসীকেই উপকৃত কৰি গৈছে।

লিভাৰ এক শ্ৰেণীৰ সৰলযন্ৰ। ইতিমধ্যে আর্কিমিডিছে লিভাৰৰ আৱিষ্কাৰ কৰি পেলাইছে। ৰোমান সকলৰ লগত হোৱা যুদ্ধত সম্ৰাটে লিভাৰৰ বাৰুকৈয়ে ব্যৱহাৰ কৰিছে। শত্ৰুপক্ষ ৰোমান সৈন্যই ব্যৱহাৰ কৰা বিশাল আকৃতিৰ জাহাজবোৰ সম্ৰাট হিয়েৰোৰ সৈন্যই সমুদ্ৰৰ বুকুত লিভাৰেৰে দাঙি আচাৰি পেলাইছে। শত্ৰুপক্ষৰ সৈন্যই যুঁজ এৰি পলায়ন কৰিছে। যুদ্ধৰ সাময়িক অৱসান ঘটিল। সকলো আর্কিমিডিছৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল। সকলোৰে মনত এটাই প্ৰশ্ন : আর্কিমিডিছে বাৰু এই বিশাল আকৃতিৰ জাহাজবোৰ কেনেকৈ অনায়াসে দাঙিব পাৰে ? ই কেনেকৈ সম্ভৱ ?

লিভাৰৰ মূলনীতি বুজাবলৈ গৈ প্ৰসংগক্ৰমে আর্কিমিডিছে কৈছিল, "থিয় হ'বলৈ মোক পৃথিৱীৰ বাহিৰত এটুকুৰা ঠাই দিয়া, মই পৃথিৱীখনকেই দাঙি দেখুৱাম।" আর্কিমিডিছে এই কথাষাৰেৰে আচলতে এইটোহে ক'ব বিচাৰিছিল যে, লিভাৰৰ সহায়ত জাহাজ কিয়, তাতকৈয়ো বেছি ভৰৰ বস্তু অনায়াসে দাঙিব পৰা যায়।

আমি কথাষাৰৰ প্ৰকৃত অৰ্থৰ পৰা সাময়িক ভাবে আঁতৰি আহি যুক্তিৰ খাটিৰত নিজকেই এটা প্ৰশ্ন কৰো আহক : সঁচাকৈয়ে যদি আর্কিমিডিছক পৃথিৱীৰ বাহিৰৰ কোনো এক স্থানলৈ লৈ গৈ লিভাৰেৰে পৃথিৱীখন দাঙিব দিয়া হ'লহেতেন, তেখেতে বাৰু পৃথিৱীখন দাঙিব পাৰিলেহেতেন নে ?

বিজ্ঞানীসকলে নিজকে এই প্ৰশ্নটো কৰিছে আৰু ইয়াৰ সম্ভাৱনা সম্পৰ্কে অনুসন্ধানো কৰিছে। পৃথিবীৰ ভৰ প্রায় ৬,০০০,০০০,০০০,০০০,০০০,০০০ টন। ধৰা হওক আর্কিমিডিছে ৬০ কেজি ওজনৰ বস্তু এটা ১ ছেকেণ্ডত ১ মিটাৰ ওপৰলৈ লিভাৰৰ সহায়ত দাঙিব পাৰে। তেনেক্ষেত্ৰত পৃথিবীৰ সমপৰিমাণৰ ভৰ দাঙিবলৈ তেওঁক সময় লাগিব ১,০০০,০০০,০০০,০০০,০০০,০০০,০০০ সেকেন্ড বা ৩০ লাখ কোটি বছৰ !! এতিয়া ধৰা হ'ল আর্কিমিডিছক পৃথিৱীৰ বাহিৰৰ কোনো এক স্থানলৈ স্থানান্তৰ কৰা হৈছে আৰু পৃথিবীখন দাঙিবলৈ তেখেতক লিভাৰটো তৈয়াৰ কৰি দিয়া হ'ল। পিছে আচৰিত যেন লাগিলেও এইটোৱেই সঁচা যে লিভাৰডালৰ ক্ষুদ্ৰ বাহুৰ তুলনাত ইয়াৰ ফালক্ৰামৰ অন্যদিশৰ বাহুটোৰ দৈৰ্ঘ ১,০০০,০০০,০০০,০০০,০০০,০০০,০০০,০০০ গুণ বেছি হ'ব লাগিব। আর্কিমিডিছে সেই কল্পিত লিভাৰডালৰ সহায়ত ছেকেণ্ডত ৩,০০,০০০ কিঃমিঃ বেগত পৃথিবীখন ওপৰলৈ তুলিবলৈ বল প্ৰয়োগ কৰিলে পৃথিৱীখন ওপৰলৈ উঠিব থিকেই, কিন্তু পৰিতাপৰ কথাটো হ'ল এই যে পৃথিৱীখন এনেদৰে বল প্ৰয়োগ কৰি ১ ছে: মি: ওপৰলৈ দাঙি তুলিবলৈ আর্কিমিডিছক সময় লাগিল হেতেন প্রায় ১কোটি বছৰ !!! অৰ্থাৎ তাত্বিক ভাবে লিভাৰৰ সহায়ত পৃথিৱীখন দাঙি ধৰাতো সম্ভৱ যেন লাগিলেও প্ৰকৃতাৰ্থত থিয় হ'বলৈ পৃথিৱীৰ বাহিৰত এটুকুৰা ঠাই দিলেও আর্কিমিডিছে পৃথিৱীখন কেতিয়াও দাঙিব নোৱাৰিলেহেতেন।

No comments:

Post a Comment