Saturday 2 September 2017

গতিশীল ফোটন কণিকাৰ তীব্ৰ আঘাটবোৰ


প্ৰতি ছেকেণ্ডত তিনি লাখ কি:মি: বেগত গতিশীল ফোটন কণিকাই যেতিয়া আমাৰ দেহত আঘাট কৰে, আমি বাৰু তেতিয়া কিয় কোনো বেদনা অনুভৱ নকৰো? প্ৰকৃততে কোনো গতিশীল পদাৰ্থ কণাই যেতিয়া আমাৰ শৰীৰত আঘাট কৰে তেতিয়া আমি শৰীৰৰ সেই স্থানত অনুভৱ কৰো বেদনা। পিছে এই বেদনাৰ তীব্ৰতা গতিশীল পদাৰ্থটোৰ ভৰৰ ওপৰত নিৰ্ভৰশীল নহয়, বৰং পদাৰ্থটোৰ ভৰবেগৰ ওপৰতহে নিৰ্ভৰশীল। গতিশীল পদাৰ্থটোৰ ভৰবেগ যিমানেই বৃদ্ধি হয়, সিমানেই আঘাটৰ পৰা অনুভূত বেদনাৰ তীব্ৰতা বেছি হয়। গতিশীল ফুটবল এটাই আমাৰ শৰীৰত আঘাট কৰিলে অনুভৱ হোৱা বেদনাতকৈ অধিক বেগ সম্পন্ন মাৰ্বল এটাই আমাৰ শৰীৰত অধিক তীব্ৰ বেদনাৰ অনুভূতি দিব পাৰে। এইক্ষেত্ৰত মাৰ্বলটোৰ ভৰতকৈ ইয়াৰ বেগহে গুৰুত্বপূৰ্ণ হৈ পৰে। একেদৰে সমবেগত গতি কৰা দুটা পদাৰ্থ কণাৰ মাজত বেছি ভৰৰ পদাৰ্থৰ আঘাট অধিক বেদনাদায়ক হ'ব। অৰ্থাৎ গতিশীল পদাৰ্থ কণাৰ ভৰবেগ (ভৰ আৰু বেগৰ গুণফল) ইয়াত এক গুৰুত্বপূৰ্ণ বিষয়।

এতিয়া আহিছো সেই প্ৰশ্নটোলৈ : প্ৰতি ছেকেণ্ডত তিনি লাখ কি:মি: বেগত গতিশীল ফোটন কণিকাই যেতিয়া আমাৰ দেহত আঘাট কৰে, আমি বাৰু তেতিয়া কিয় কোনো বেদনা অনুভৱ নকৰো ?

পোহৰ ফোটন কণাৰ সমষ্টি। সেয়েহে পোহৰৰ গতিবেগ দৰাচলতে ফোটন কণাৰেই গতিবেগ, অৰ্থাৎ ছেকেণ্ডত তিনি লাখ কি:মি:। কিন্তু কণিকা পদাৰ্থ বিজ্ঞানৰ ভৰবেগৰ ধাৰনাটো পোহৰৰ বেলিকা অচল হৈ পৰে, কিয়নো ফোটন কণিকাবোৰক পদাৰ্থ বিজ্ঞানৰ প্ৰচলিত তত্ব অনুসৰি শক্তিৰ একোটি ক্ষূদ্ৰ টোপোলা বা packets of energy বুলিহে গন্য কৰা হয়। সেয়েহে ফোটন কণিকাবোৰক পদাৰ্থ কণা বুলি নধৰি শক্তিৰ তৰংগ বুলিহে আলোচনা কৰা হয়। তদুপৰি ফোটন কণাবোৰ ভৰহীন। সেয়েহে অকল্পনীয় বেগত গতি কৰিলেও ফোটন কণাবোৰৰ ভৰবেগ শূণ্য। যিহেতু আগতে উল্ল্যেখ কৰাৰ দৰেই এই ক্ষেত্ৰত গতিশীল পদাৰ্থ কণাৰ ভৰবেগ ইয়াত এক গুৰুত্বপূৰ্ণ বিষয়, সেয়েহে ফোটন কণিকাই তীব্ৰ বেগত আহি আমাৰ দেহত আঘাট কৰিলেও, আমি কোনো বেদনা অনুভৱ নকৰো। এইখিনিতেই এটা কথা উল্ল্যেখ কৰা ভাল যে যদিহে ফোটন কণিকাবোৰৰ সামান্যতমো ভৰ থাকিলহেতেন, পোহৰৰ আঘাটত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই ভাঙি থানবান হৈ গ'লহেতেন !

No comments:

Post a Comment